• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

3 months ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

19 minutes ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

52 minutes ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

2 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

2 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

3 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

4 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

5 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

5 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

6 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

7 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

8 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ TCAৰ

editor by editor
June 19, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিপদত পৰিছে টীম ইণ্ডিয়াৰ T20 সংস্কৰণৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধিনায়ক তিলক বৰ্মা আৰু নিৰ্ভৰযোগ্য পেচাৰ মহম্মদ ছিৰাজ। হায়দৰাবাদৰ এখন প্ৰীমিয়াৰ লীগ সন্দৰ্ভত দুই হায়দৰাবাদী ক্ৰিকেটাৰ আইনী মেৰপেচত সোমাই পৰাৰ আশংকা ঘনীভূত হৈছে। দৰাচলতে তেলেংগানা ক্ৰিকেট এছ’চিয়েশ্যনে টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰ তিলক বৰ্মা, মহম্মদ ছিৰাজসহ কেইবাজনৰো বিৰুদ্ধে এখন আইনী জাননী জাৰি কৰিছে। তিলক বৰ্মা, ছিৰাজৰ উপৰিও পূৰ্ব ভাৰতীয় ক্ৰিকেটাৰ অম্বাতি ৰায়ুডু, অভিনেতা বিজয় দেৱৰকোণ্ডা আৰু ভেংকটেশ দগ্গুবাটিকো TCA-এ প্ৰেৰণ কৰিছে জাননী। TCAৰ অভিযোগ অনুসৰি, হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যন দ্বাৰা আয়োজন কৰা প্ৰস্তাৱিত TG20 লীগখন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰয়োজনীয় অনুমোদন নোহোৱাকৈ অনুষ্ঠিত কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত HCA-এ আয়োজন কৰা লীগখনক অবৈধ আৰু অনুমোদনবিহীন বুলি অভিহিত কৰিছে।

হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ TCAৰ

TCA-ই দাবী কৰা অনুসৰি HCA-এ পূৰ্বতে বহুবাৰ এই লীগখনৰ নাম সলনি কৰিছে। HCA-ই লীগখনৰ পূৰ্বতে ৰখা নামসমূহ আছিল Telangana Premier League, TTL, TG20 Premier League আৰু বৰ্তমান নতুনকৈ লীগখনৰ নাম দিছে TG20। কিন্তু নিয়ম অনুসৰি BCCIৰ অধীনত এখন ফ্ৰেঞ্চাইজী ভিত্তিক প্ৰীমিয়াৰ লীগ চলাবলৈ যি বিধিগত অনুমোদন আৰু গঠনগত প্ৰক্ৰিয়া থাকিব লাগে, সেই নিয়ম হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনে পূৰণ কৰা নাই। TCAৰ সাধাৰণ সম্পাদক গুৰুৱা ৰেড্ডীৰ অভিযোগ মতে- BCCIৰ নিয়ম অনুসৰি কোনো ৰাজ্যিক লীগ পৰিচালনা কৰিবলৈ এডমিনিষ্ট্ৰেটিভ পৰিষদৰ নিৰ্বাচন সাধাৰণ সভাৰ দ্বাৰা হ’ব লাগে, লগতে সভাপতিৰ নিৰ্বাচনো নিয়ম অনুসৰি হ’ব লাগে, কিন্তু হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনে এই নিয়মৰো উলংঘা কৰিছে। TCA-এ এইটোও দাবী কৰিছে যে HCA-এ ক্ৰীড়া বিকাশৰ বাবে দিয়া আগৰ নিৰ্দেশনাও পালন কৰা নাই। তেওঁলোকে লগতে অভিযোগ কৰিছে যে এই লীগৰ সৈতে জড়িত হৈ তাৰকাসকলক ব্যৱহাৰ কৰি জনসাধাৰণক বিভ্ৰান্ত কৰা হৈছে। জাননীত উল্লেখ কৰা অনুসৰি, HCA-এ BCCIৰ অনুমতি অবিহনে বিভিন্ন কৰ্প’ৰেট প্ৰতিষ্ঠানৰ সৈতে ব্যৱসায়িক চুক্তি কৰিছে আৰু BCCIৰ অনুমোদন নোলোৱাকৈ লীগখন আয়োজনৰ চেষ্টা চলাইছে। TCA-এ লীগখনৰ বৈধতা আৰু তাৰকাসকলৰ সমৰ্থনে জনসাধাৰণৰ ওপৰত পেলাব পৰা প্ৰভাৱ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে। TCA-এ স্পষ্টকৈ কৈছে যে যদি সংশ্লিষ্ট তাৰকা খেলুৱৈ আৰু অন্যান্য জড়িত ব্যক্তি এই লীগৰ সৈতে সংযুক্ত হৈ থাকে, তেন্তে তেওঁলোকে আদালতৰ দ্বাৰস্থ হ’ব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিব। এই মুহূৰ্তলৈকে মহম্মদ ছিৰাজ, অম্বাতি ৰায়ডু, তিলক বর্মা বা বিজয় দেৱৰকোণ্ডাই এই অভিযোগ বা জাননী সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য দিয়া নাই।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bcci
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
Next Post
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.