বিগত ১৩ জুন শনিবাৰে যোৰহাটত বায়ুসেনাৰ এক বিমান দুৰ্ঘটনাত শ্বহীদ হৈছিল ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ। শুভম কুমাৰ সম্প্ৰতি এই পৃথিৱীত নাই যদিও শ্বহীদগৰাকীৰ পৰিয়ালত সূত্ৰপাত ঘটিছে এক বিতৰ্কৰ। এই বিৰ্তকৰ মূলতে হৈছে ২১ লাখ টকাৰ বিশাল ধনৰাশি। শ্বহীদ শুভম কুমাৰৰ ঘৰ বিহাৰৰ জাহানাবাদৰ বানৱাৰিয়াগাঁৱত। যোৰহাটত সংঘটিত হোৱা দুৰ্ঘটনাটোত শুভম কুমাৰ শ্বহীদ হোৱাৰ পিছতে তেওঁৰ আত্মীয়লৈ বিহাৰ চৰকাৰে আগবঢ়াইছিল ২১ লাখ টকাৰ ধনৰাশি। পিছে এই ধনৰাশিক লৈ বিতৰ্কত সোমাই পৰিছে শুভম কুমাৰৰ পত্নী শ্ৰেয়া ৰায় আৰু পিতৃ অমৰেন্দ্ৰ শৰ্মা। শ্বহীদগৰাকীৰ পিতৃ অমৰেন্দ্ৰ শৰ্মাক এটা ফুটাকড়িও নিদিয়াকৈ পত্নী শ্ৰেয়াই আটাইখিনি ধন হস্তগত কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেৱল সেয়াই নহয় শুভম কুমাৰৰ পিতৃয়ে ইয়াকো অভিযোগ কৰিছে যে শুভম আৰু শ্ৰেয়া ৰায়ৰ আইনী বিৱাহ সম্পৰ্কেও জ্ঞাত নহয় তেওঁলোকৰ পৰিয়াল।
২১ লাখ টকা, বিৱাহৰ অজ্ঞতা আৰু প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ
যোৰহাটত প্ৰাণ হেৰুওৱাৰ পিছত শ্বহীদ শুভম কুমাৰক সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে চূড়ান্ত বিদায় জনোৱাৰ ঠিক পিছতেই শ্বহীদগৰাকীৰ পৰিয়াল আৰু প্ৰশাসনৰ মাজত সৃষ্টি হৈছে এই বিতৰ্কৰ। নিয়ম অনুসাৰে বিহাৰ চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহায্য শ্বহীদগৰাকীৰ পত্নীয়েই লাভ কৰে, গতিকে যেতিয়া শুভমৰ পত্নী শ্ৰেয়াক বিহাৰ চৰকাৰৰ তৰফৰ পৰা উক্ত ধনৰাশি গতাই দিয়াৰ তথ্য পোহৰলৈ আহে তেতিয়াই শ্বহীদগৰাকীৰ পিতৃ অমৰেন্দ্ৰ শৰ্মাই প্ৰশাসনক মুকলিকৈ এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। পুত্ৰৰ বিৱাহ সন্দৰ্ভত সম্পূৰ্ণ অজ্ঞাত বুলি মন্তব্য কৰি অমৰেন্দ্ৰ শৰ্মাই কয়-পুত্ৰৰ জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত সন্দৰ্ভত তেওঁলোক সম্পূৰ্ণ অজ্ঞাত আছিল। তেওঁলোকক এবাৰো এই সন্দৰ্ভত জনোৱা হোৱা নাছিল। অৱশ্যে আগন্তুক নৱেম্বৰত শ্ৰেয়াৰ সৈতে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শুভমৰ বিৱাহ সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইহে আছিল পৰিয়ালটোৱে। কিন্তু শুভমৰ মৃত্যুৰ পিছত ২১ লাখ টকাৰ ধনৰাশি লোৱাৰ সময়তহে পোহৰলৈ আহে শুভম-শ্ৰেয়াৰ আইনী বিৱাহৰ কথা। শুভমৰ পিতৃ অমৰেন্দ্ৰ শৰ্মাই এই সন্দৰ্ভত আক্ষেপেৰ কয় যে- যদিহে তেওঁলোকে আইনী বিৱাহ সম্পন্ন কৰিছিলেই তেতিয়াহলে কিয় তেওঁক বা শুভমৰ মাতৃক কথাটো জনোৱা হোৱা নাছিল, কিয়নো শুভম-শ্ৰেয়াৰ সম্পৰ্কৰ প্ৰতি তেওঁলোকে কেতিয়াও অসন্মতি দেখুওৱা নাছিল।
প্ৰশাসনৰ এই সন্দৰ্ভত কি স্পষ্টীকৰণ?
ইপিনে প্ৰশাসনে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে- নথি অনুসৰি শ্ৰেয়া আৰু শুভমৰ আইনী বিৱাহ সম্পন্ন হৈছে। জেহানাবাদৰ মহকুমাধিপতি ৰাজীৱ ৰঞ্জন সিনহাই এই সন্দৰ্ভত কয় ‘চৰকাৰী আৰু বিভাগীয় তথ্যত শ্ৰেয়া ৰায় আৰু শুভম কুমাৰক দম্পতি হিচাপে তালিকাভুক্ত কৰা হৈছে। সেয়েহে চৰকাৰী নিয়ম অনুসৰি শুভম কুমাৰৰ শ্বহীদ হোৱাৰ পিছত যিকোনো চৰকাৰী সাহায্যৰ গৰাকী তেওঁৰ পত্নীয়েই হ’ব’। তেওঁ লগতে কয় যে-‘নিঃসন্দেহে এয়া এক অতি আৱেগিক আৰু স্পৰ্শকাতৰ বিষয়। কিন্তু চৰকাৰী প্ৰক্ৰিয়াসমূহ চৰকাৰী নথিৰ ভিত্তি অনুসৰিহে সম্পন্ন হয়, আৱেগিকভাৱে নহয়’। ইপিনে শুভম কুমাৰৰ পিতৃ অমৰেন্দ্ৰ শৰ্মাই অভিযোগ কৰে যে তেওঁলোকক এবাৰো নজনোৱাকৈ এই ধনৰাশি চৰকাৰে শ্ৰেয়া ৰায়ৰ হাতত অৰ্পণ কৰিছে। উক্ত ধন সন্দৰ্ভত বা ধন প্ৰদানৰ প্ৰক্ৰিয়া সন্দৰ্ভতো তেওঁলোকক চৰকাৰীভাৱে জনোৱা নহ’ল বুলি অভিযোগ উত্থাপন কৰিছে পিতৃ অমৰেন্দ্ৰ শৰ্মাই। শ্বহীদৰ পিতৃ-মাতৃ হোৱাৰ পিছতো এই সমগ্ৰ প্ৰক্ৰিয়াৰ পৰা লক্ষণীয়ভাৱে তেওঁলোকক বাদ দিয়া হ’ল বুলিও প্ৰশাসনলৈ প্ৰশ্ন উত্থাপন কৰে শৰ্মাই।
শুভম কুমাৰৰ পত্নী শ্ৰেয়ালৈ অভিযোগৰ আঙুলি
শুভম কুমাৰৰ পিতৃয়ে শ্ৰেয়ালৈ অভিযোগৰ আঙুলি টোঁৱাই কয় যে-যদি শ্ৰেয়া আমাৰ ঘৰৰ বোৱাৰীয়েই আছিল, শেষকৃত্য সম্পন্ন হোৱাৰ পিছত আমাৰ ঘৰলৈ নাহিল কিয়? কিয় শেষকৃত্য সম্পন্ন কৰিয়েই তেওঁ অন্তৰ্ধান হ’ল। কেৱল অমৰেন্দ্ৰ শৰ্মাই নহয় এই অভিযোগ শুভম কুমাৰৰ জন্মগাঁও বানৱাৰিয়াৰ বাসিন্দাসকলেও উত্থাপন কৰিছে। অমৰেন্দ্ৰ শৰ্মাই এই বিষয়টো কেৱল ২১ লাখ টকাৰেই নহয়, সামাজিক মৰ্যাদা, চৰকাৰৰ সংশ্লিষ্ট বিভাগ বা বিষয়াই তেওঁলোকক অন্ধকাৰত ৰখাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ