মনোৰঞ্জন জগতত শোকত ডুব গৈছে। আমেৰিকান অভিনেত্ৰী ডেভি চেজৰ দেহাৱসান। ‘দ্য ৰিং’ ছবিখনত টেলিভিছনৰ পৰা ওলাই অহা দীঘল চুলিৰ ভূতৰ আইকনিক চৰিত্ৰৰ বাবে তেওঁ বেছিকৈ পৰিচিত আছিল। চেপ্চিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰটো নিশ্চিত কৰিছে তেওঁৰ দীৰ্ঘদিনীয়া মেনেজাৰ জন ৰিয়ান জুনিয়ৰে। মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৩৫ বছৰ।
ৰিয়ানে কয় যে চেজৰ মৃত্যুৰ পূৰ্বে পুষ্টিহীনতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল। মৃত্যুৰ পিছত তেওঁৰ ১৫ বছৰীয়া বন্ধু তথা মেনেজাৰ ৰিয়ানে কয় যে “তেওঁ মেকুৰী ভাল পাইছিল। তেওঁ আমাৰ লগত মেকুৰী উদ্ধাৰৰ কামত জড়িত আছিল। তেওঁ নিজাববীয়াকৈ কামবোৰ কৰি আছিল।” তেওঁ লগতে কয় যে চেজে প্ৰায়ে বছৰ বছৰ ধৰি নিজৰ লাছ ভেগাছৰ ঘৰত অকলে থাকিছিল আৰু স্বতন্ত্ৰ প্ৰকল্পত কাম কৰিবলৈ ডাঙৰ ষ্টুডিঅ’ ছবিৰ প্ৰস্তাৱ নাকচ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















