মধ্য প্ৰদেশৰ মণ্ডলা জিলাত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। জিলাখনৰ নাইগাঁওৰ এগৰাকী প্ৰসূতিয়ে এম্বুলেন্সৰ অভাৱত এখন অটোৰিক্সাতে জন্ম দিয়ে ৪টাকৈ নৱজাতকক। ঘটনাৰ বিৱৰণী অনুসৰি গাঁওখনৰ এগৰাকী প্ৰসূতিৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পিছত পৰিয়ালে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ যো-জা কৰে। পৰিয়ালে বহু চেষ্টা কৰিও এম্বুলেন্স এখন যোগাৰ কৰিব নোৱাৰি অটোৰিক্সাতে হাস্পতাললৈ নিয়ে। কিন্তু হাস্পতাল পোৱাৰ আগতে পথতেই অ’ট’ ৰিক্সাৰ ভিতৰত প্ৰসূতিগৰাকীয়ে একেলগে ৪টাকৈ সন্তানক জন্ম দিয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, জন্মৰ কিছু সময়ৰ পিছতেই চাৰিওটা নৱজাতকে মৃ*ত্যুক আকোঁৱালি লয়।
এম্বুলেন্সৰ অভাৱত প্ৰা*ণ গ’ল নৱজাতকৰ
পৰিয়ালৰ অভিযোগ অনুসৰি, সময়মতে এম্বুলেঞ্চ সেৱা নোপোৱাৰ ফলতেই প্ৰসূতিগৰাকীক চিকিৎসালয়লৈ সঠিক সময়ত নি চিকিৎসা কৰাব নোৱাৰিলে, যাৰ ফলত নৱজাতককেইটাৰ প্ৰাণৰক্ষা কৰিব পৰা নগ’ল। মহিলাগৰাকীৰ স্বামী গণেশ সিংগাৰামে অভিযোগ কৰি কয় যে-তেওঁ জৰুৰীকালীন এম্বুলেঞ্চ সেৱালৈ বহুবাৰ ফোন কৰিছিল যদিও কোনো সঁহাৰি পোৱা নগ’ল। ফলত বাধ্য হৈ প্ৰথমে এখন ব্যক্তিগত বাহন আৰু পিছত এখন অ’ট’ ৰিক্সাত পত্নীক চিকিৎসালয়লৈ লৈ যাবলগীয়া হয়। এই ঘটনা সন্দৰ্ভত মণ্ডলা জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ ডি জে মোহন্তীয়ে কয় যে- প্ৰথমে প্ৰসূতিগৰাকীক ওচৰৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হৈছিল। কিন্তু প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত তেওঁক বিছিয়া সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। সেই সময়তে পথত অ’ট’ৰ ভিতৰতেই প্ৰসৱ যন্ত্ৰণা আৰম্ভ হয়। নৱজাতককেইটিৰ ভিতৰত তিনিটা কন্যা আৰু এটি পুত্ৰ সন্তান আছিল। নিৰ্ধাৰিত সময়ৰ আগতেই জন্ম হৈছিল আটাইকেইটা নৱজাতক।
স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, নিৰ্ধাৰিত সময়ৰ আগতেই জন্ম আৰু শাৰীৰিক অপৰিপক্বতাৰ বাবেই চাৰিওটি নৱজাতকৰ মৃ*ত্যু ঘটে। বৰ্তমান প্ৰসূতিগৰাকী বিছিয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন আৰু তেওঁ বিপদমুক্ত বুলি চিকিৎসকসকলে নিশ্চিত কৰিছে। ইফালে, মণ্ডলা জিলাৰ জিলা উপায়ুক্ত ৰাহুল নামদেৱ ধোটেই কয় যে, এই ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে তেওঁৰ ওচৰত কোনো আনুষ্ঠানিক অভিযোগ অহা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















