আমেৰিকাৰ আক্ৰমণত নি*হত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ জানাজা আৰু অন্ত্যেষ্টিক্ৰিয়া বৃহস্পতিবাৰে মাশ্বহাদৰ পৱিত্ৰ Imam Reza Shrineত সম্পন্ন কৰা হয়। ইয়াৰ জৰিয়তে ইৰানত তিনি দশকৰো অধিক সময় ধৰি প্ৰভাৱ বিস্তাৰ কৰা এজন শক্তিশালী ধৰ্মীয়-ৰাজনৈতিক নেতাৰ অধ্যায় আনুষ্ঠানিকভাৱে সমাপ্ত হয়।
ব্যাপক শোক অনুষ্ঠান আৰু জনসমাগম
খামেনেইৰ মৃত্যুৰ পিছত ইৰানত কেইবাদিনো ধৰি ৰাষ্ট্ৰীয় শোক পালন কৰা হয়। তেহৰানত আৰম্ভ হোৱা শোক সমদলত বিপুল সংখ্যক লোকে অংশগ্ৰহণ কৰে। চৰকাৰী সমৰ্থকসকলে তেওঁক ইছলামিক গণৰাজ্যৰ ৰক্ষক আৰু পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে প্ৰতিবাদী প্ৰতীক হিচাপে স্মৰণ কৰে। জানাজাৰ পূৰ্বে তেওঁৰ দেহ তেহৰানত ৰখা হৈছিল আৰু তাৰ পিছত ধৰ্মীয় গুৰুত্ব থকা নগৰী কোমৰ মাজেৰে মাশ্বহাদলৈ লৈ যোৱা হয়। শেষত তেওঁৰ জন্মস্থান মাশ্বহাদৰ ইমাম ৰেজা মছজিদ কমপ্লেক্সত কবৰস্থ কৰা হয়।
সমৰ্থকসকলে তেওঁক ইৰানৰ স্বাধীনতা আৰু পশ্চিমীয়া হস্তক্ষেপৰ বিৰুদ্ধে দৃঢ় নেতা হিচাপে মানি আহিছে। আনহাতে, সমালোচকসকলে তেওঁৰ শাসনকালত ৰাজনৈতিক স্বাধীনতা, অৰ্থনীতি আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত বহু সমস্যা সৃষ্টিৰ অভিযোগ উত্থাপন কৰে। বিশ্বৰ বহুকেইখন দেশৰ নেতা, প্ৰতিনিধিয়ে খামেনেইৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰিছিল। আয়াতুল্লাহ খামেনেইৰ এই অন্তিম যাত্ৰাত প্ৰায় ২ কোটি লোকে অংশগ্ৰহণ কৰা বুলি দাবী কৰা হৈছে।
Imam Reza Shrineৰ গুৰুত্ব কিমান?
ইৰানৰ মাশ্বহাদ নগৰত অৱস্থিত Imam Reza shrineৰ পৱিত্ৰ দৰগাহ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ ছিয়া ইছলামিক তীৰ্থস্থান। ই কেৱল এটা ধৰ্মীয় কেন্দ্ৰ নহয়, ই ছিয়া মুছলমানসকলৰ আধ্যাত্মিক অনুভূতি, ইতিহাস, সংস্কৃতি আৰু বিশ্বাসৰ এক গভীৰ প্ৰতীক।
ইমাম ৰেজা কোন আছিল?
ইমাম ৰেজা ছিয়া ইছলামৰ দ্বাদশ ইমাম বিশ্বাসৰ অন্তৰ্গত অষ্টম ইমাম হিচাপে গণ্য কৰা হয়। তেওঁৰ সম্পূৰ্ণ নাম আলী ইবনে মুছা আল-ৰেজা। তেওঁ সপ্তম শতিকাৰ শেষভাগ আৰু অষ্টম শতিকাৰ আৰম্ভণিৰ এজন বিশিষ্ট ধৰ্মীয় নেতা আছিল। ইমাম ৰেজাক তেওঁৰ জ্ঞান, ন্যায়বোধ, ধৈৰ্য আৰু ধৰ্মীয় শিক্ষাৰ বাবে বিশেষ সন্মান কৰা হয়।
মাশ্বহাদৰ দৰগাহৰ ইতিহাস
ইমাম ৰেজাৰ মৃ*ত্যু ৮১৮ খ্ৰীষ্টাব্দত হৈছিল বুলি উল্লেখ আছে। তেওঁৰ সমাধিস্থল ক্ৰমে এক বৃহৎ তীৰ্থস্থানলৈ ৰূপান্তৰিত হয়। বৰ্তমানৰ দৰগাহ কমপ্লেক্স বহু শতিকা ধৰি বিভিন্ন শাসকৰ দ্বাৰা বিভিন্ন সময়ত সম্প্ৰসাৰিত আৰু সৌন্দৰ্যবৰ্ধন কৰি অহা হৈছে। এই কমপ্লেক্সত মছজিদ, প্ৰাৰ্থনা হল, পুথিভঁৰাল, যাদুঘৰ আৰু বিভিন্ন ধৰ্মীয়-সাংস্কৃতিক স্থাপনা আছে। ইয়াৰ সোণালী গম্বুজ আৰু সুন্দৰ স্থাপত্য ইছলামিক শিল্পকলাৰ এক উল্লেখযোগ্য নিদৰ্শন।
ছিয়া মুছলমানসকলৰ বাবে ধৰ্মীয় গুৰুত্ব
ইমাম ৰেজাৰ দৰগাহ ছিয়া মুছলমানসকলৰ বাবে অতি পৱিত্ৰ স্থান। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই ইয়ালৈ জিয়াৰত (পৱিত্ৰ দৰ্শন) কৰিবলৈ আহে। ভক্তসকলে এই ধৰ্মস্থানত প্ৰাৰ্থনা কৰে, দোৱা কৰে আৰু আধ্যাত্মিক শান্তি লাভৰ আশা কৰে। বহু ছিয়া বিশ্বাস অনুসৰি ইমাম ৰেজা (আ.)ৰ ওচৰত কৰা প্ৰাৰ্থনাই বিশেষ আধ্যাত্মিক মূল্য বহন কৰে। এই স্থান ইৰানৰ ধৰ্মীয় পৰিচয়ৰ লগতে সামাজিক আৰু সাংস্কৃতিক জীৱনৰো এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















