বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে এই বছৰৰ ২৭ জানুৱাৰীত ছবিৰ নেপথ্যৰ কণ্ঠশিল্পী হিচাপে আৰু কেতিয়াও গান পৰিৱেশন নকৰাৰ কথাৰে অৱসৰ ঘোষণা কৰিছিল। তেওঁৰ এই সিদ্ধান্তই অসংখ্য অনুৰাগীক হতাশ কৰিছিল। কিন্তু এতিয়া তেওঁৰ এটা নতুন গান মুক্তি পোৱাৰ পাছত বহুতে ক’বলৈ আৰম্ভ কৰিছে যে অৰিজিতে পুনৰ প্লেবেক কণ্ঠশিল্পী হিচাপে উভতি আহিছে আৰু মাত্ৰ ৬ মাহতে তেওঁৰ অৱসৰ শেষ হ’ল। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ কি, এই সন্দৰ্ভত অৰিজিত সিঙৰ মেনেজাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে।
অৰিজিৎ সিঙৰ মেনেজাৰৰ স্পষ্টীকৰণ
ইমৰান হাছমীয়ে অভিনয় কৰা ‘আৱাৰাপন ২’ ছবিখন ১৪ আগষ্টত মুক্তি পাব। ২১ জুলাইত ছবিখনৰ নিৰ্মাতাসকলে ‘য়ে আৱাৰাপন’ শীৰ্ষক গানটো মুক্তি দিয়ে। এই গানটো গাইছে অৰিজিৎ সিঙে গাইছে। এই গানটো মুক্তি পোৱাৰ পিছতেই বহুতে ধাৰণা কৰিছে যে অৰিজিতে পুনৰ ছবিৰ নেপথ্যৰ কণ্ঠশিল্লী হিচাপে প্ৰত্যাৱৰ্তন কৰিছে। কিন্তু তেওঁৰ মেনেজাৰে স্পষ্টভাৱে কৈছে যে অৰিজিতে নিজৰ অৱসৰৰ সিদ্ধান্ততেই অটল আছে। এই সন্দৰ্ভত অৰিজিত সিঙৰ মেনেজাৰে ThePrintক দিয়া এক সাক্ষাৎকাৰত কয়, “অৰিজিতে কেৱল সেই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি আছে, যিবোৰ অৱসৰ ঘোষণা কৰাৰ আগতেই চূড়ান্ত হৈছিল। তেওঁ ছবিৰ নেপথ্যৰ কণ্ঠশিল্লী হিচাপে পুনৰ উভতি অহা নাই।”
‘আৱাৰাপন ২’ এটা পুৰণি প্ৰকল্প
মেনেজাৰৰ এই বক্তব্যৰ পৰা স্পষ্ট হয় যে অৰিজিতে ছবিৰ নেপথ্যৰ কণ্ঠশিল্লী হিচাপে কোনো ধৰণৰ প্ৰত্যাৱৰ্তন কৰা নাই। তেওঁ অৱসৰ ঘোষণা কৰাৰ সময়তেই কৈছিল যে আগতেই চুক্তিবদ্ধ কৰা প্ৰকল্পসমূহৰ গান কিছুমান সময়লৈকে মুক্তি পাই থাকিব। তেওঁ সেইবোৰ কাম সম্পূৰ্ণ কৰিব, কিন্তু নতুন কোনো প্ৰকল্পত চুক্তিবদ্ধ নহয়। অৰ্থাৎ, ‘আৱাৰাপন ২’ ছবিত অৰিজিত সিঙৰ নতুনকৈ মুক্তি পোৱা গানটো তেওঁৰ কমবেক গান নহয়; অৱসৰ ঘোষণা কৰাৰ আগতেই তেওঁ ৰেকৰ্ডিং কৰিছিল এই গান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















