ভয়ংকৰ হৈ পৰিছে উজনি অসমৰ বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে গতি কৰিছে। এই নেৰানেপেৰা বৰষুণ আৰু নাগালেণ্ডৰ পৰা নামি অহা ঢলে উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত সৃষ্টি কৰিছে ভয়ংকৰ বান পৰিস্থিতিৰ। বহু নদীৰ মথাউৰি ভাঙি বিবিন্ন অঞ্চল প্লাৱিত হৈছে। বানৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন।
বানৰ ফলত বহু গাঁও পানীৰ তলত ডুব গৈছে। ঘৰ-বাৰী, কৃষিভূমি, পথ-ঘাট আৰু দলং ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৰেল লাইন সকলো পানীৰ তলত । বহু পৰিয়ালে আপোন ঘখন এৰি ওখ ঠাইত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। ইফালে বিশুদ্ধ খোৱাপানী, খাদ্য আৰু চিকিৎসাৰ অভাৱেও বানাক্ৰান্ত লোকসকলৰ সমস্যা বৃদ্ধি কৰিছে।
কিমান মৃত্যু হৈছে?
এই প্ৰলয়ংকাৰী বানত উজনি অসমৰ ভিন্ন স্থানৰ পৰা বহুতো দুখজনক খবৰ পোহৰলৈ আহিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ তথ্য অনুসৰি বানত মৃত্যু শিশুসহ ৩১জন লোকৰ। ইতিমধ্যে শিৱসাগৰত মৃত্যু ১৪ জন লোকৰ মৃত্যু হৈছে। চৰাইদেউত মৃত্যু ৬ জন লোকৰ, যোৰহাটত মৃত্যু ৫ জন লোকৰ, ধেমাজিত মৃত্যু ২ জন লোকৰ, গোলাঘাটত মৃত্যু ২ জন লোকৰ, শোণিতপুৰত মৃত্যু ১ জন লোকৰ, কাৰ্বি আংলঙত মৃত্যু ১ জন লোকৰ।
চতুৰ্থদিনাও জলবন্দী শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ জনতা। এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰলয়ংকাৰী বানে। লাখ লাখ লোক আক্ৰান্ত হৈছে বানত। ১৬ খন জিলাত ৫.৬৪ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু ২৪,২১০হেক্টৰ কৃষিভূমি ডুব গৈছে বানত।
ইফালে ৪৪টা ৰাজহ চক্ৰৰ ৮৭২খন গাঁও ক্ষতিগ্ৰস্ত হৈছে এই বানপানীত। শিৱসাগৰ জিলাত ৩.৫৯ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ইয়াৰ বিপৰীতে যোৰহাটত ৮৭,৬৬২ জন, চৰাইদেউত ৭২,৬৪৬ জন, ডিব্ৰুগড়ত ১৮,৬১৫ জন আৰু গোলাঘাটত ১৬,৭৯৯ জন লোক বানৰ কবলত পৰিছে।
বন্যাৰ্তক সহায় কৰিবলৈ বানাক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰিছে ২৭৩টা সাহায্য শিবিৰ। সাহায্য বিতৰণ কেন্দ্ৰত ১.১৪ লাখৰো অধিক লোকে আশ্ৰয় লৈছে। ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, এছডিআৰএফ, এনডিআৰএফ আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠনসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বানপীড়িত লোকসকললৈ শুকান খাদ্য, খোৱাপানী, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে। লগতে বিপদসংকুল অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থাও চলি আছে।
উল্লেখ্য যে, ইয়াৰ মাজতে অসমৰ সীমান্তৱৰ্তী জিলাসমূহক বিশেষ সতৰ্কতা অৱলম্বনৰ আহ্বান ASDMAৰ। কিয়নো নাগালেণ্ডত প্ৰৱল বৃষ্টিপাতৰ শংকা আছে, যাৰ বাবে জাৰি কৰিছে YELLOW ALERT, কিয়নো নাগালেণ্ডৰ পৰা পুনৰ শিৱসাগৰৰফালে নামি আহিব পাৰে।

নাঙলমৰা ঘাট দিচাং নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ বহু ওপৰে প্ৰবাহিত হৈ আছে পানী। সেয়ে ৰাইজক সতৰ্ক আৰু নিৰাপদ জেগাত আশ্ৰয় লবলৈ আহ্বান ASDMA ৰ । একেদৰে দিখৌ নদীৰ পানীও বিপদজনক ভাবে বাঢ়ি আছে। তদুপৰি সৰু সৰু নদী সমূহো পানীৰে ওফন্দি উঠিছে। প্ৰশাসনে জনসাধাৰণক অপপ্ৰচাৰত বিশ্বাস নকৰিবলৈ, চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আৰু অতি প্ৰয়োজন নোহোৱালৈকে বানাক্ৰান্ত অঞ্চললৈ নাযাবলৈ আহ্বান জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














