নাগ পঞ্চমী ওচৰ চাপিলেই সামাজিক মাধ্যমত সাপ সম্পৰ্কীয় নানা ভ্ৰান্ত ধাৰণা দ্ৰুতগতিত বিয়পি পৰে। বহুতে এইবোৰ সহজেই সত্য বুলি বিশ্বাস কৰে। যেনে— সাপে গাখীৰ খায়, এটা সাপ মৰিলে তাৰ সংগীয়ে প্ৰতিশোধ লয়, সাপে বীণৰ সুৰ শুনি নাচে আদি। কিন্তু বিজ্ঞানৰ মতে এই ধাৰণাবোৰৰ অধিকাংশই সত্য নহয়। আহক, এইবোৰৰ প্ৰকৃত সত্য জানো।
১. সাপে গাখীৰ খায় নেকি?
পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু বহুল প্ৰচলিত ধাৰণাবোৰৰ ভিতৰত এটা হৈছে যে সাপে গাখীৰ খায়। কিন্তু বিজ্ঞানৰ মতে, সাপসহ সৰীসৃপ প্ৰাণীবোৰে গাখীৰ বা আন দুগ্ধজাত খাদ্য হজম কৰিব নোৱাৰে। সাপে স্বাভাৱিকভাৱে গাখীৰ খাবলৈ পছন্দ নকৰে। যদি সাপ বহুত তৃষ্ণাৰ্ত হয়, তেন্তে পানীৰ সলনি কেতিয়াবা অন্য তৰল পদাৰ্থৰ সৈতে গাখীৰো চুমুক দিব পাৰে। কিন্তু গাখীৰ খোৱাটো তাৰ স্বাভাৱিক আচৰণৰ অংশ নহয়। নাগ পঞ্চমীত সাপক গাখীৰ খুৱোৱাৰ পৰম্পৰাই সাপৰ উপকাৰ নহয়; বৰঞ্চ ইয়াৰ ফলত সাপৰ পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে।
২. সাপে প্ৰতিশোধ ল’বলৈ ঘূৰি আহে নেকি?
এই ধাৰণাটো মূলতঃ ভাৰতীয় চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকৰ কাহিনীৰ পৰা জনপ্ৰিয় হৈছে। বহু কাহিনীত দেখুওৱা হয় যে নাগিনীয়ে নিজৰ সংগীৰ মৃত্যুৰ প্ৰতিশোধ লয়। বহুতে এই কথাক সত্য বুলি মানি লয়। কিন্তু বিজ্ঞানৰ মতে, সাপৰ মাজত এনে কোনো সামাজিক সম্পৰ্ক নাথাকে আৰু সিহঁতৰ স্মৃতিশক্তি বা বুদ্ধিমত্তাও ইমান উন্নত নহয় যে কোনো মানুহক চিনাক্ত কৰি পিছত প্ৰতিশোধ ল’ব। সাধাৰণতে দুডাল সাপক কেৱল প্ৰজনন ঋতুতহে একেলগে দেখা যায়। আন সময়ত ডাঙৰ সাপে সৰু সাপক খাই পেলাবও পাৰে।
৩. সাপে বীণৰ সুৰ শুনি নাচে নেকি?
শৈশৱৰ পৰাই বহুতে শুনি আহিছে যে সাপে সাপেৰাৰ বীণৰ সুৰ শুনি নাচে। কিন্তু বাস্তৱত এই ধাৰণা সম্পূৰ্ণ বেলেগ। সাপৰ মানুহৰ দৰে বাহ্যিক কাণ বা কাণৰ পৰ্দা নাথাকে, সেয়ে সিহঁতে বীণৰ সুৰ শুনিব নোৱাৰে। অৱশ্যে সিহঁতে মাটিৰ কম্পন আৰু কম ফ্ৰিকুৱেঞ্চিৰ কিছু শব্দ অনুভৱ কৰিব পাৰে। সাপেৰাই বীণ আগ-পিছ কৰি যি গতিত লৰায়, সাপে সেই গতিবিধিৰ প্ৰতিক্ৰিয়া স্বৰূপে মূৰ লৰাই থাকে। অৰ্থাৎ, সাপে শব্দলৈ নহয়, গতিবিধিলৈহে সঁহাৰি দিয়ে।
৪. সাপৰ মূৰ কাটি পেলালেও সূৰ্যাস্তলৈকে জীয়াই থাকে নেকি?
বিশেষকৈ অষ্ট্ৰেলিয়াৰ কিছু গ্ৰাম্য অঞ্চলত এটা বিশ্বাস আছে যে সাপৰ মূৰ কাটি পেলালেও সূৰ্যাস্তলৈকে সাপ জীয়াই থাকে। সম্ভৱতঃ এই ধাৰণাৰ সৃষ্টি হৈছে এই কাৰণে যে মূৰ বিচ্ছিন্ন হোৱাৰ পিছতো সাপৰ শৰীৰ কিছু সময়লৈকে কঁপি থাকে। কিন্তু এই কথাটো বৈজ্ঞানিকভাৱে সত্য নহয়। মূৰ কাটি পেলোৱাৰ পিছত শৰীৰৰ স্নায়বিক প্ৰতিক্ৰিয়াৰ ফলত কিছু সময় লৰচৰ দেখা যাব পাৰে, কিন্তু সেই সাপ জীয়াই নাথাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















