আজিকালি বেছিভাগ চিপ পেকেট খুলিলেই দেখা যায় ভিতৰত চিপ কম আৰু বায়ু বেছি থাকে। বহুতে ভাবে যে এইটো এটা কৌশল কম চিপ দি গ্ৰাহকক প্ৰতাৰণা কৰা। কিন্তু তেনে নহয়, ইয়াৰ আঁৰত বিজ্ঞান আৰু সুৰক্ষাৰ এক বিশেষ সম্বন্ধ আছে।
চিপ পেকেটৰ ভিতৰৰ বায়ু সাধাৰণ বায়ু নহয়, নাইট্ৰজেন গেছহে। ই এক নিষ্ক্ৰিয় গেছ যিয়ে খাদ্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে, গতিকে চিপছৰ গুণগত মান অক্ষত থাকে।
নাইট্ৰজেন গেছ কিয় দিয়া হয়?
ইয়াৰ কাৰণ, নাইট্ৰজেন গেছে চিপচবোৰ বহুদিনলৈ টান আৰু সতেজ কৰি ৰখাত সহায় কৰে। ই পেকেটৰ ভিতৰত অক্সিজেনৰ পৰিমাণ কমাই খাদ্যৰ অক্সিডেচন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ফলত চিপছৰ সোৱাদ, গোন্ধ আৰু গুণগত মান বহুদিনলৈ ভাল হৈ থাকে।
চিপচ অতি লঘু খাদ্য। ফেক্টৰীৰ পৰা ষ্ট’ৰলৈ যোৱাৰ পথত পেকেটটো নষ্ট হ’ব পাৰে। ভিতৰৰ নাইট্ৰজেন গেছে কুশ্বন হিচাপে কাম কৰে, যাৰ ফলত পৰিবহণৰ সময়ত ভাঙি যোৱাৰ সম্ভাৱনা কম হয়।
চিপছৰ পেকেটৰ ভিতৰত চিপছ দেখি ক্ৰেতাৰ মনত প্ৰশ্ন উত্থাপন হয়। ইয়াৰ আঁৰত বিজ্ঞাপনৰ কৌশল আছে। পেকেটবোৰ ডাঙৰ কৰা হয় কাৰণ ডাঙৰ পেকেট এটা আকৰ্ষণীয় দেখা যায় আৰু ক্ৰেতাসকলক অধিক সামগ্ৰী পোৱাৰ আভাস দিব পাৰে। ইয়াৰ লগতে পেকেটৰ আকাৰো পেকেজিং মেচিনত গুৰুত্বপূৰ্ণ।
খাদ্য উদ্যোগত পেকেটৰ ভিতৰত খালী ঠাই এৰি দিয়াৰ এই পদ্ধতিটোক স্লেক ফিলিং বোলা হয়। লেইছ, হালদিৰামছ বা বালাজী ৱেফাৰৰ দৰে বৃহৎ জলপান নিৰ্মাতা কোম্পানীয়ে এই ধৰণৰ পেকেজিং ব্যৱহাৰ কৰে। কিন্তু সামগ্ৰীৰ পৰিমাণ সম্পৰ্কে স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















