নতুনকৈ বিতৰ্কত সোমাই পৰিছে ছোনিয়া গান্ধী। ছোনিয়া গান্ধীৰ ভোটাৰ তালিকাৰ গোচৰক লৈ দেশজুৰি চৰ্চা! ১৯৮০ চনতে ভোটাৰ তালিকাত নাম, ১৯৮৩ চনতহে লাভ কৰিছিল ভাৰতীয় নাগৰিকত্ব। কংগ্ৰেছ নেত্ৰী তথা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ নাম ১৯৮০ চনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বিষয়টোক লৈ নতুনকৈ ৰাজনৈতিক আৰু আইনী বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পূৰ্বেই তেওঁৰ নাম ভোটাৰ তালিকাত কেনেকৈ অন্তৰ্ভুক্ত হৈছিল, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এগৰাকী অধিবক্তাই। এই সন্দৰ্ভত দাখিল কৰা অভিযোগৰ ভিত্তিত দিল্লীৰ এখন আদালতত চলি আছে আইনী প্ৰক্ৰিয়া।
শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে ১৯৮০ চনত ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক নাছিল। কিন্তু সেই বছৰতে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছিল। আৰক্ষীৰ মতে, ১৯৮৩ চনৰ ৩০ এপ্ৰিলতহে তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল। জিলা দণ্ডাধীশৰ কাৰ্যালয় আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই কথা প্ৰকাশ পাইছে।
কেনেকৈ আৰম্ভ হৈছিল এই গোচৰ?
এই গোচৰৰ সূত্ৰপাত হৈছিল অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে ২০২৫ চনৰ ২৪ আগষ্টত দাখিল কৰা এখন অভিযোগৰ জৰিয়তে। তেওঁৰ অভিযোগ অনুসৰি, ১৯৮৩ চনৰ এপ্ৰিল মাহত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ প্ৰায় তিনি বছৰ পূৰ্বেই ১৯৮০ চনৰ ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম অন্তৰ্ভুক্ত হৈছিল।
অভিযোগকাৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে ভাৰতীয় নাগৰিকত্ব লাভ নকৰাকৈ এজন ব্যক্তিৰ নাম কেনেকৈ দেশৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব পাৰে? এই ঘটনাৰ আঁৰত কোনো অনিয়ম বা জালিয়াতি সংঘটিত হৈছিল নেকি, সেই সন্দৰ্ভত তদন্তৰ দাবী জনাইছে অধিবক্তাগৰাকীয়ে। তেওঁ ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ (FIR) পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰাৰো আবেদন জনাইছিল।
দিল্লী আৰক্ষীৰ প্ৰতিবেদনত কি তথ্য প্ৰকাশ?
২৮ নৱেম্বৰত দিল্লী আৰক্ষীয়ে ৰাউজ এভিনিউ আদালতত দাখিল কৰা প্ৰতিবেদনত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিছে। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ে নিশ্চিত কৰিছে যে ১৯৮০ আৰু ১৯৮৩ চনৰ ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম আছিল। আনহাতে, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিদেশী বিভাগৰ পৰা লাভ কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ অনুসৰি, ১৯৮৩ চনৰ ৩০ এপ্ৰিলতহে তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল।
অৱশ্যে, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা Form 6 আৰু আন আন প্ৰয়োজনীয় নথি-পত্ৰ বৰ্তমানলৈকে আৰক্ষীৰ হাতত পৰা নাই। সেই নথিসমূহৰ সন্ধান অব্যাহত আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
১৯৮২ চনত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছিল নেকি?
এই গোচৰৰ আন এটা উল্লেখযোগ্য দিশ হৈছে ১৯৮২ চনৰ ভোটাৰ তালিকাৰ তথ্য। অভিযোগকাৰীৰ দাখিল কৰা নথি অনুসৰি, ১৯৮০ চনত ভোটাৰ তালিকাত থকা ছোনিয়া গান্ধীৰ নাম ১৯৮২ চনত কৰ্তন কৰা হৈছিল আৰু ১৯৮৩ চনত পুনৰ অন্তৰ্ভুক্ত কৰা হৈছিল।
এই তথ্যই গোচৰটোক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। অৱশ্যে, নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰকৃত কাৰণ আৰু সেই সময়ত দাখিল কৰা নথি-পত্ৰৰ সত্যতা এতিয়াও তদন্তৰ বিষয় হৈ আছে।
আদালতে আৰক্ষীক কি নিৰ্দেশ দিলে?
এই গোচৰৰ শুনানি গ্ৰহণ কৰি অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বিনোদ যোশীয়ে দিল্লী আৰক্ষীক তদন্ত সম্পূৰ্ণ কৰি এখন বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আদালতে বিশেষভাৱে জানিব বিচাৰিছে যে এই ঘটনাত কোনো গুৰুত্বপূৰ্ণ অপৰাধ সংঘটিত হোৱাৰ প্ৰমাণ পোৱা গৈছে নেকি আৰু এজাহাৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজনীয়তা আছে নেকি।
ইয়াৰ উপৰি, টুঘলক ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক (SHO) ১৪ ডিচেম্বৰত প্ৰয়োজনীয় নথি-পত্ৰসহ আদালতত ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
বৰ্তমানলৈকে ছোনিয়া গান্ধীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আদালতে প্ৰমাণিত কৰিব পৰা নাই, বৰ্তমানলৈ আৰক্ষীৰ তদন্তও সম্পূৰ্ণ হোৱা নাই। বিশেষকৈ ১৯৮০ চনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ সময়ত ব্যৱহাৰ কৰা প্ৰকৃত নথি-পত্ৰ উদ্ধাৰ কৰাটো তদন্তৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















