ইজৰাইলত নতুন চৰকাৰ গঠনক লৈ চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে এক নতুন চৰ্চা আৰম্ভ হৈছে। দেশখনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ‘ইয়াছাৰ’ (Yashar) দলৰ সভাপতি গাদি আইজেনকটক প্ৰধানমন্ত্ৰীৰ পদ প্ৰদান কৰি তেওঁৰ সৈতে ক্ষমতা ভাগ-বতৰা কৰাৰ প্ৰস্তাৱ আগবঢ়াবলৈ সাজু হোৱা বুলি চৰ্চা চলিছে। এই ব্যৱস্থাত নেতান্যাহুৱে নিজে দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সন্মত হৈছে বুলি প্ৰকাশ পাইছে। এই সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰিছে ইজৰাইলৰ আগশাৰীৰ সংবাদগোষ্ঠী The Times of Israel-এ।
প্ৰতিবেদন অনুসৰি, নেতান্যাহুৱে আইজেনকটৰ সৈতে একপ্ৰকাৰ ‘পাল পাতি’ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। অৱশ্যে এই প্ৰস্তাৱক লৈ নেতান্যাহুৰ কাৰ্যালয়ৰ ভিতৰতে মতভেদ সৃষ্টি হৈছে। আনহাতে, ‘কান’ (Kan)ৰ তথ্য অনুসৰি, এই প্ৰস্তাৱ আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰি অনানুষ্ঠানিক মাধ্যমৰ জৰিয়তে আইজেনকটৰ ওচৰলৈ পঠিওৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত প্ৰস্তাৱটোক লৈ লিকুদ দলৰ ভিতৰত সৃষ্টি হোৱা মতভেদৰ মাজতো নেতান্যাহুৱে নিজৰ স্থিতি স্পষ্ট নকৰাকৈ ৰাখিব পাৰিব। কিন্তু নেতান্যাহুৰ এই প্ৰস্তাৱক লৈ আইজেনকট বিশেষ আশাবাদী নহয় বুলি জানিব পৰা গৈছে। তেওঁ নেতান্যাহুৰ প্ৰস্তাৱৰ প্ৰতি সন্দেহ প্ৰকাশ কৰাৰ লগতে অহা সপ্তাহতে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে।
মিত্ৰ দলৰ অনুমতি অবিহনে সিদ্ধান্ত নোলোৱাৰ আশ্বাস
আইজেনকটে তেওঁৰ মিত্ৰ দলসমূহৰ নেতা ইয়াৰ গ’লান আৰু আভিগদৰ লিবাৰমেনক আশ্বাস দিছে যে তেওঁলোকৰ অনুমতি অবিহনে লিকুদ দলৰ সৈতে ঐক্য চৰকাৰ গঠন নকৰে। ‘দ্য ডেম’ক্ৰেটছ’ দলৰ সভাপতি ইয়াৰ গ’লান আৰু ‘ইজৰাইল বেইটেনু’ দলৰ সভাপতি আভিগদৰ লিবাৰমেনে ইতিমধ্যে ইয়াছাৰৰ সৈতে মিত্ৰতা চুক্তি স্বাক্ষৰ কৰিছে। দুয়োগৰাকী নেতাই নেতান্যাহুৰ নেতৃত্বাধীন চৰকাৰত যোগদান কৰাৰ সম্ভাৱনা নাকচ কৰিছে।
ইফালে, ‘বি’য়াখাদ’ (B’Yachad) দলৰ সভাপতি নাফতালি বেনেটৰ স্থিতিও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ পৰিছে। বেনেটে ৰাজহুৱাভাৱে লিকুদৰ সৈতে ঐক্য চৰকাৰ গঠনৰ পোষকতা কৰি আহিছে। আইজেনকটৰ শিবিৰৰ একাংশ জ্যেষ্ঠ নেতাৰ মতে, নেতান্যাহুৰ সৈতে আলোচনাৰ সকলো সম্ভাৱনা শেষ নকৰাকৈ আইজেনকটে চৰকাৰ গঠন কৰিলে বেনেটে সেই চৰকাৰৰ বিৰোধিতা কৰিব পাৰে। অৱশ্যে ইয়াৰ পূৰ্বে বেনেটে লিকুদৰ সৈতে চৰকাৰ গঠনৰ আলোচনা ব্যৰ্থ হ’লে আন কম পছন্দৰ বিকল্পসমূহো বিবেচনা কৰিবলৈ সাজু বুলি ইংগিত দিছিল।
৬ ডিচেম্বৰৰ সময়সীমা, ৰাজনৈতিক তৎপৰতা
ইজৰাইলত চৰকাৰ গঠনৰ বাবে আইজেনকটৰ হাতত সময় অতি কম। ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে তেওঁক চৰকাৰ গঠনৰ বাবে প্ৰদান কৰা ২৮ দিনৰ সময়সীমা অহা ৬ ডিচেম্বৰত শেষ হ’ব। বৰ্তমান আইজেনকটৰ ইয়াছাৰ দল, ইয়াৰ গ’লানৰ ‘দ্য ডেম’ক্ৰেটছ’ আৰু লিবাৰমেনৰ ‘ইজৰাইল বেইটেনু’ দল মিলি সংসদত মাত্ৰ ৩৬খন আসন লাভ কৰিছে। ইজৰাইলৰ সংসদ ‘কনেছেট’ত মুঠ ১২০খন আসন আছে আৰু চৰকাৰ গঠন কৰিবলৈ কমেও ৬১খন আসনৰ সমৰ্থন প্ৰয়োজন। বেনেটৰ বি’য়াখাদ দলৰ সমৰ্থন লাভ কৰিলেও চাৰিটা দলৰ মিত্ৰজোঁটৰ আসনৰ সংখ্যা ৪৮খনহে হ’ব। সেয়েহে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ আইজেনকটক নেতান্যাহুৰ লিকুদ দল, অতি-ধৰ্মীয় দলসমূহ অথবা আৰব সংখ্যাগৰিষ্ঠ দল ৰা’আম (Ra’am)ৰ যিকোনো এটাৰ হলেও সমৰ্থনৰ প্ৰয়োজন হ’ব পাৰে।
চৰকাৰৰ সমৰ্থনৰ বিনিময়ত কি দাবী ৰা’আমৰ?
ইয়াৰ মাজতে আৰব সংখ্যাগৰিষ্ঠ ৰা’আম দলে আইজেনকট নেতৃত্বাধীন চৰকাৰক সমৰ্থন আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে বুলি দেশখনৰ আন এটা সংবাদগোষ্ঠী ‘চেনেল ১২’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। চৰকাৰৰ নিৰাপত্তা সম্পৰ্কীয় সিদ্ধান্তসমূহত চাৰি বছৰীয়া কাৰ্যকালজুৰি সমৰ্থন আগবঢ়োৱাৰ বিনিময়ত দলটোৱে মন্ত্ৰিত্ব আৰু আৰব বসতিপ্ৰধান অঞ্চলসমূহৰ উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ বিনিয়োগ বিচাৰিছে।
ৰা’আমৰ সভাপতি মানছুৰ আব্বাছে আইজেনকটৰ মিত্ৰজোঁটৰ নেতাসকলক আশ্বাস দিছে যে তেওঁৰ দলে চৰকাৰৰ সৈতে সম্পূৰ্ণ সহযোগিতা বজাই ৰাখিব। স্পৰ্শকাতৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়তো দলটোৱে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। The Times of Israelৰ তথ্য অনুসৰি, ৰা’আমে মানছুৰ আব্বাছ আৰু দলটোৰ দ্বিতীয় শীৰ্ষ নেতা তথা সাংসদ ইয়’ভ ছেগালোভিটছৰ বাবে কেবিনেটত স্থান বিচাৰিছে। ইয়াৰ লগতে আৰব সমাজত বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিশেষ পৰিকল্পনা আৰু আৰব বসতিপ্ৰধান চহৰ তথা মিশ্ৰিত জনবসতিৰ অঞ্চলসমূহৰ উন্নয়নৰ বাবে পাঁচ বছৰীয়া আঁচনি ৰূপায়ণৰ দাবী জনাইছে।
বিশেষকৈ নেগেভ অঞ্চলৰ আৰব বসতিপ্ৰধান এলেকাসমূহত নিৰ্মাণকাৰ্য নিয়মীয়া কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰকল্প গ্ৰহণ কৰাৰ দাবী জনাইছে দলটোৱে। চৰকাৰ গঠন হোৱাৰ পিছত কিছুমান দাবী পৰ্যায়ক্ৰমে পূৰণ কৰিলেও আপত্তি নাই বুলি ৰা’আমে ইংগিত দিছে। অৱশ্যে চৰকাৰ গঠনৰ পূৰ্বে আইজেনকটে এই দাবীসমূহ পূৰণৰ প্ৰতিশ্ৰুতি দিব লাগিব। ইজৰাইলৰ ৰাজনীতিত চৰকাৰ গঠনৰ এই জটিল সমীকৰণৰ মাজতে নেতান্যাহুৰ ক্ষমতা ভাগ-বতৰা কৰাৰ প্ৰস্তাৱ, আইজেনকটৰ স্থিতি আৰু ৰা’আমৰ সমৰ্থনক লৈ আগন্তুক দিনত ৰাজনৈতিক পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















