অন্ধ্ৰ প্ৰদেশৰ পাৰ্বতীপুৰম মান্যাম জিলাৰ পৰা পোহৰলৈ আহিছে এক অতি কৰুণ আৰু হৃদয়বিদাৰক ঘটনা। পাৰিবাৰিক বিবাদৰ পৰিণতিত সংঘটিত এই শোকাৱহ ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যই কৰুণভাৱে প্ৰাণ হেৰুৱায়। স্বামীয়ে চৰম সিদ্ধান্তৰ উদ্দেশ্যেৰে ৰে’লপথৰ ফালে দৌৰ মাৰিছিল। তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ পিছে পিছে দৌৰি গৈছিল পত্নী আৰু পুত্ৰও। কিন্তু দুৰ্ভাগ্যজনকভাৱে এখন দ্ৰুতবেগী ৰে’লৰ খুন্দাত তিনিওজনৰে মৃ*ত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত লোককেইজনক ববিলিৰ বাসিন্দা চল্লাপল্লী শ্ৰীনু, তেওঁৰ পত্নী চল্লাপল্লী সিংহাচলম আৰু পুত্ৰ ৰাজেশ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, পৰিয়ালটোৱে ববিলি এৰি সীতানগৰ মণ্ডলৰ আৰ ভেংকম্পেটালৈ গৈ আছিল। যাত্ৰাৰ মাজতে পৰিয়ালটোৰ সদস্যসকলৰ মাজত কোনো কথাক লৈ বিবাদৰ সূত্ৰপাত ঘটে। এই সাধাৰণ যেন লগা বিবাদেই অৱশেষত এক ভয়ংকৰ পৰিণতি কঢ়িয়াই আনে বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, সেই সময়ত মদ্যপান কৰি থকা শ্ৰীনুৱে পাৰিবাৰিক বিবাদৰ পিছত অত্যন্ত ক্ষোভিত হৈ পৰিছিল। পৰিস্থিতিৰ মাজতে তেওঁ হঠাতে চৰম সিদ্ধান্তৰ উদ্দেশ্যেৰে ৰে’লপথৰ ফালে দৌৰিবলৈ আৰম্ভ কৰে। স্বামীৰ এনে বিপজ্জনক কাৰ্য দেখি পত্নী সিংহাচলমে তেওঁক ৰখাবলৈ চেষ্টা কৰে। পুত্ৰ ৰাজেশেও পিতৃক বচাবলৈ মাতৃৰ সৈতে পিছে পিছে দৌৰি যায়। কিন্তু সেই সময়তে এখন দ্ৰুতবেগী ৰে’ল আহি আছিল। পৰিস্থিতিৰ ভয়াৱহতা বুজি উঠাৰ আগতেই ৰে’লখনে তিনিওগৰাকীকে মহটিয়াই নিয়ে। ফলত শ্ৰীনু, তেওঁৰ পত্নী সিংহাচলম আৰু পুত্ৰ ৰাজেশৰ থিতাতে মৃত্যু হয়।
ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে ববিলি আৰু আৰ ভেংকম্পেটা অঞ্চলত শোকৰ ছাঁ পৰে। এটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ একেলগে মৃত্যু হোৱা ঘটনাই স্থানীয় বাসিন্দাসকলক স্তম্ভিত কৰি তুলিছে। বিশেষকৈ স্বামীক বচাবলৈ গৈ পত্নী আৰু পুত্ৰইও মৃত্যুক সাবটি লোৱা ঘটনাটোৱে অঞ্চলটোৰ ৰাইজৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃ*তদেহকেইটা উদ্ধাৰ কৰি নিজৰ জিম্মাত লোৱাৰ লগতে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে। ঘটনাৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতিৰ সবিশেষ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















