বিয়াৰ আনন্দ-উল্লাসৰ মাজতে এটা পৰিয়াললৈ নামি আহিল অন্ধকাৰ। বিয়াৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছতে মৃত্যু হ’ল এজন নৱবিবাহিত যুৱকৰ। অভ্যৰ্থনা অনুষ্ঠানত ন-কইনাৰ সৈতে ফটো উঠি থকা অৱস্থাতে হঠাৎ মঞ্চত ঢলি পৰে দৰাজন। আনকি তেওঁৰ মুখৰ পৰাও বিপুল ৰক্তক্ষৰণ হয়। লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও শেষত মৃত্যুক আঁকোৱালি লয় যুৱকজনে।
এই শোকাৱহ ঘটনা সংঘটিত হৈছে বিহাৰৰ কাটিহাৰ জিলাৰ পোঠিয়া বজাৰৰ ১৩ নং ৱাৰ্ডত। মৃত যুৱকজনৰ নাম ডাঃ পৱন কুমাৰ। পেছাত চিকিৎসক পৱনৰ ২৫ নৱেম্বৰত চান্দপুৰত বিৱাহ সম্পন্ন হৈছিল। আনহাতে, ২৬ নৱেম্বৰত আয়োজন কৰা হৈছিল এক আড়ম্বৰপূৰ্ণ অভ্যৰ্থনা অনুষ্ঠানৰ।
অভ্যৰ্থনাৰ মঞ্চতে ঢলি পৰিল দৰা
২৬ নৱেম্বৰত অনুষ্ঠিত অভ্যৰ্থনা অনুষ্ঠানত আত্মীয়-স্বজন আৰু অতিথিৰে ভৰি পৰিছিল পৱনৰ ঘৰ। সকলোৰে মাজত আছিল আনন্দ আৰু উৎসাহৰ পৰিৱেশ। অতিথিসকলে নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ উভতিবলৈ আৰম্ভ কৰিছিল। অনুষ্ঠানৰ শেষৰ ফালে দৰা পৱন কুমাৰ আৰু তেওঁৰ পত্নী ফটো উঠিবলৈ মঞ্চত উপস্থিত হয়।
কিন্তু কোনেও কল্পনা কৰা নাছিল যে কিছু সময়ৰ পিছতে এই আনন্দৰ পৰিৱেশ শোকলৈ পৰিণত হ’ব। পত্নীৰ সৈতে ফটোশ্বুট সম্পূৰ্ণ কৰাৰ পিছতে হঠাৎ মঞ্চতে ঢলি পৰে পৱন। তেওঁৰ এনে অৱস্থা দেখি উপস্থিত অতিথি আৰু পৰিয়ালৰ লোকসকলৰ মাজত হুৱাদুৱা লাগে।
পৰিয়ালৰ লোকে দিলে CPR, মুখেৰে ওলাল তেজ
পৱন মঞ্চত ঢলি পৰাৰ লগে লগে পৰিয়ালৰ লোকে তেওঁক সুস্থ কৰি তুলিবলৈ চেষ্টা কৰে। আনকি তেওঁক চিপিআৰ (CPR) দিয়াৰো চেষ্টা কৰা হয়। কিন্তু সেই সময়তে তেওঁৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰে। পৰিয়ালৰ লোকে পলম নকৰি তেওঁক ওচৰৰ ফালকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। তাত চিকিৎসকে যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে আৰু উন্নত চিকিৎসাৰ বাবে পূৰ্ণিয়ালৈ নিয়াৰ পৰামৰ্শ দিয়ে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিয়ালৰ লোকে তেওঁক পূৰ্ণিয়ালৈ লৈ যায়। পূৰ্ণিয়াত চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
কোনো ৰোগ নাছিল পৱনৰ!
মৃত পৱন কুমাৰৰ ভাতৃ শ্ৰৱণ কুমাৰে জানিবলৈ দিয়া অনুসৰি, পৱনৰ পূৰ্বৰে পৰা কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নাছিল। তেওঁৰ ৰক্তচাপ, ডায়েবেটিছ বা আন কোনো ৰোগো নাছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। পৱন নিজেও পেছাত এজন চিকিৎসক আছিল। তেনে এজন সুস্থ-সবল যুৱকৰ হঠাৎ এনেদৰে মৃত্যু হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। পৰিয়ালৰ লোকসকলে তেওঁৰ মৃত্যুৰ কাৰণ গুৰুতৰ হাৰ্ট এটেক (Heart Attack) হ’ব পাৰে বুলি সন্দেহ কৰিছে।
এফালে নতুন জীৱনৰ পাতনি মেলাৰ আনন্দ, আনফালে বিয়াৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে জীৱনসংগীক হেৰুওৱাৰ বেদনা। পৱনৰ আকস্মিক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















