এজন বিধায়কে কিমান দৰমহা পায়? যদি তেওঁৰ আয়তকৈ ব্যয় বেছি হয়, তেন্তে প্ৰশ্ন উঠাটো স্বাভাৱিক! নিৰ্বাচনৰ পূৰ্বে বিধায়কসকলে নিজৰ সম্পত্তিৰ পৰিমাণ দেখুৱাই, কিন্তু তাৰ মাজতে একাংশই খেলি-মেলি কৰে বুলি বহুলোকে প্ৰশ্ন উত্থাপন কৰে। এইবাৰ ৰাইজৰ কাঠগৰাত থিয় হ’বলগীয়া হৈছে কোকৰাঝাৰৰ বিপিএফ (BPF) বিধায়ক ৰূপম ৰয়।
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত দাখিল কৰা নিৰ্বাচনী শপতনামাৰ তথ্য অনুসৰি, ৰূপম চন্দ্ৰ ৰয়ে নিজৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫৯ লাখ ৩৯ হাজাৰ ৯০৭ টকা বুলি উল্লেখ কৰিছিল। ইয়াৰ ভিতৰত তেওঁৰ অস্থাবৰ সম্পত্তিৰ পৰিমাণ ৫৪ লাখ ১৩ হাজাৰ ৭ টকা আৰু স্থাবৰ সম্পত্তিৰ পৰিমাণ ৫ লাখ ২৬ হাজাৰ ৯০০ টকা। শপতনামাত ১৩ লাখ ৫৯ হাজাৰ ৩৬১ টকাৰ ঋণ থকাৰ কথাও উল্লেখ কৰিছিল। ইয়াৰ লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত তেওঁৰ আয় ৭ লাখ ৩৪০ টকা বুলি তথ্য দাখিল কৰিছিল। কিন্তু এতিয়া চৰ্চাত কিয়?
বিধায়ক ৰূপম ৰয়ে মাত্ৰ ৮ মাহৰ ভিতৰতে কোকৰাঝাৰত এটা ৫ মহলীয়া অট্টালিকা নিৰ্মাণ কৰিছে। এই অট্টালিকাটো নিৰ্মাণ কৰোঁতে আনুমানিক ৫ কোটি টকা খৰচ হোৱা বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে একাংশই অভিযোগ উত্থাপন কৰিছে এই ধন আহিল ক’ৰ পৰা? বহুলোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে হঠাতে তেওঁ কৰোবাত আলাউদ্দিনৰ চাকি পালে নেকি?
এই প্ৰশ্ন কিয়?
এজন বিধায়কৰ মাহিলী দৰমহা প্ৰায় ১.২ লাখ টকা। এনে ক্ষেত্ৰত বহুলোকে অভিযোগ কৰিছে যে, ৰূপম ৰয়ৰ ৮ মাহৰ মুঠ দৰমহা হয়গৈ মাত্ৰ ৯.৬ লাখ টকা। তেন্তে নিৰ্মাণ কেনেকৈ কৰিলে? কিয়নো এই দৰমহাৰ টকাৰ পৰাই তেওঁ ঘৰ ভাড়া, বজাৰ, গাড়ীৰ তেল আৰু মেৰামতিৰ খৰচ, এল.আই.চি. (LIC) প্ৰিমিয়াম আৰু পত্নীৰ জিমৰ (Gym) খৰচ আদি সকলো দৈনন্দিন খৰচ বহন কৰিব লাগে, তেন্তে ৮ মাহৰ ভিতৰতে কোকৰাঝাৰত এটা ৫ মহলীয়া অট্টালিকা কেনেকৈ নিৰ্মাণ কৰিলে?
এই বিষয়টোক লৈ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থকাৰ মাজতে বিধায়কগৰাকীৰ সম্পত্তিৰ তথ্যই জনসাধাৰণৰ মাজত কৌতূহল সৃষ্টি কৰিছে। এই তথ্যসমূহ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত দাখিল কৰা নিৰ্বাচনী শপতনামাৰ ভিত্তিত একাংশই সামাজিক মাধ্যমত চৰ্চা কৰি আছে। কিন্তু সম্পত্তি সন্দৰ্ভত কোনো অবৈধতা প্ৰমাণিত হোৱা তথ্য ক’তো উল্লেখ কৰা হোৱা নাই।
ৰূপম ৰয়ে কি ক’লে?
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত সম্পত্তিক লৈ কৰা চৰ্চা সন্দৰ্ভত এতিয়ালৈ মুখ খুলা নাই কোকৰাঝাৰৰ বিপিএফ (BPF) বিধায়ক ৰূপম ৰয়ে। এয়া মাত্ৰ অভিযোগহে, ইয়াৰ সত্যতা বিধায়কজনৰ মন্তব্যৰ পিছতহে পোহৰলৈ আহিব। এতিয়া এই সকলো অভিযোগ সন্দৰ্ভত কি তথ্য আৰু পোহৰলৈ আহে, সময়ত হ’ব লক্ষণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















