দেশত প্ৰতিদিন দিনে বৃদ্ধি পাইছে হ*ত্যা, ধৰ্ষৰণ-লুণ্ঠনৰ দৰে ঘটনা। কিছুমান ঘটনাই সকলোৰে গাৰ নোম শিহৰিত কৰি তোলে। এইবাৰ তেনে এক ঘটনা আহিছে পোহৰলৈ।
পশ্চিমবংগৰ নদিয়াৰ পৰা পোহৰলৈ আহিছ্ তেনে এক ভয়ংকৰ কাণ্ড। মাজনিশা ঘৰত প্ৰৱেশ কৰি স্বামীক বান্ধি পত্নীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগউত্থাপন হৈছে । কেৱল পত্নীয়েই নহয়, দুগৰাকীকৈ নাবালিকা কন্যাৰ ওপৰতো নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে।
কেৱল সেয়াই নহয়, দুষ্কৃতিকাৰীয়ে ঘৰৰ সকলো সা-সম্পত্তি লুট-পাত কৰি লৈ গুচি যায়। সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে মাজনিশা চকদাহাত নেতা এজনৰ ঘৰত অভিযান চলাই কেইবাজনো দুষ্কৃতিকাৰীয়ে। অভিযোগ অনুসৰি, ঘৰত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে তেওঁক ভাঙি-ছিঙি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে আলমাৰী ভাঙি সোণৰ গহনা আৰু নগদ ধন লুট কৰা বুলি পৰিয়ালটোৱে দাবী কৰিছে।
অভিযোগ অনুসৰি স্বামীৰ চকুৰ সন্মুখতে তেওঁৰ পত্নীক নিৰ্যাতন চলাই আৰু পিছত দুৱাৰ বন্ধ কৰি অপকৰ্ম কৰে। আনকি পৰিয়ালৰ কনিষ্ঠ সদস্যসকলকো ৰেহাই দিয়া নহ’ল। পৰিয়ালটোৰ নাবালিক দুগৰাকী কন্যাও অপকৰ্মৰ বলি হোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন হৈছে।
এতিয়া বিভিন্ন মহলে এই ঘটনাক গৰিহণা দিছে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















