• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

2 months ago
‘হত শৈশৱ’

‘হত শৈশৱ’

1 hour ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

3 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

6 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

7 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

8 hours ago
বৈপৰীত্য

বৈপৰীত্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰে হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত।

editor by editor
July 25, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

CJP Protest Ends: অন্ত পৰিল দিল্লীৰ যন্তৰ মন্তৰত CJP ৰ প্ৰতিবাদ। চিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দীঘলীয়া আলোচনাৰ অন্তত এই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত হৈছিল দুয়োপক্ষৰ বৈঠক। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে এই আন্দোলনৰ মূল দাবী পূৰণ হয়। আনহাতে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে দাখিল কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈও সন্মতি প্ৰকাশ কৰিছে চৰকাৰে। জে পি নাড্ডাৰ উপস্থিতিত চৰকাৰে NEET ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাসো প্ৰদান কৰে। চিজেপিয়ে উল্লেখ কৰে যে চৰকাৰে নিজৰ মূল চৰ্তসমূহ মানি লৈছে, আৰু সেয়েহে প্ৰতিবাদৰ অন্ত পেলোৱাৰ সিদ্ধান্ত সদিচ্ছাৰে গ্ৰহণ কৰা হৈছে।

চৰকাৰ আৰু চিজেপিৰ প্ৰতিনিধি দলৰ মাজত তিনি পৰ্যায়ৰ আলোচনাৰ ফলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত একমত হয়। চিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাই কয় যে তেওঁলোকৰ তিনিটা মূল দাবী আছে।

  1. প্ৰথমটো আছিল শিক্ষামন্ত্ৰীৰ পদত্যাগ, যিটো পূৰণ হৈছে।
  2. দ্বিতীয়টো দিল্লী আৰু বিজেপি শাসিত ৰাজ্যত দাখিল কৰা এফআইআৰ প্ৰত্যাহাৰ। চৰকাৰেও এই কথাত সম্পূৰ্ণৰূপে সন্মতি প্ৰকাশ কৰিছে। অহা তিনি-চাৰি দিনৰ ভিতৰত চৰকাৰে এই এফআইআৰৰ প্ৰতিলিপি চিজেপিক গতাই দিব।
  3. তৃতীয়টো হৈছে চিজেপি দলৰ বিৰুদ্ধে ভৱিষ্যতে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। মঙলবাৰৰ ভিতৰত চৰকাৰে এই প্ৰস্তাৱৰ লিখিত খচৰাও শ্বেয়াৰ কৰিব।

NEET ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণ আৰু শিক্ষা সংস্কাৰৰ ক্ষেত্ৰত পৰৱৰ্তী সিদ্ধান্ত কি হ’ব?

NEET ক্ষতিগ্ৰস্ত পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী জনাইছিল চিজেপিয়ে। আশুতোষ ৰাংকাই কয় যে, চৰকাৰে নিয়ম অনুসৰি সন্মানজনক ক্ষতিপূৰণ দিবলৈ সন্মত হৈছে। তদুপৰি চিজেপিয়ে চৰকাৰক ৫ দফাৰ তালিকা দাখিল কৰে। এই তালিকাখনে মূলতঃ পৰীক্ষাৰ সংস্কাৰ আৰু শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বিষয়ে আলোচনা কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে চিজেপিৰ ৫ দফাৰ তালিকাক লৈ আমি গভীৰ আলোচনা কৰিম। প্ৰায় চাৰি সপ্তাহৰ পিছত চৰকাৰ আৰু চিজেপিৰ দলসমূহে পুনৰ বৈঠকত মিলিত হৈ এই তালিকাৰ কাম কৰিব।

চৰকাৰৰ আশ্বাসৰ পিছতে জে পি নাড্ডাই প্ৰতিবাদকাৰীসকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। নাড্ডাই স্পষ্ট কৰি দিয়ে যে চৰকাৰে চিজেপিৰ প্ৰায় সকলো দাবী মানি লৈছে। ইয়াৰ পিছতে চিজেপিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে আনুষ্ঠানিকভাৱে আন্দোলন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয়, চৰকাৰৰ সৈতে চুক্তি কৰি আমি আন্দোলন প্ৰত্যাহাৰ কৰিছো। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো চৰ্ত কাৰ্যকৰী হ’ব বুলি আশা প্ৰকাশ কৰে।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24CJP
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.