অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিয়ে তেওঁলোকৰ বিলাসী সম্পত্তিত নতুনকৈ এটা গৃহ সংযোজন কৰিছে। এইবাৰ তেওঁলোকে মুম্বাইৰ ভাৰ্চোভা অঞ্চলত এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছে। Zapkeyৰ দ্বাৰা পঞ্জীয়ন কৰা সম্পত্তিৰ নথি অনুসৰি কোহলি-অনুষ্কাই ১৮.২৯ কোটি টকাৰ বিনিময় গডৰেজ স্কাইশ্ব’ৰ প্ৰকল্পত ২,৬৪৪ বৰ্গফুটৰ এটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছে। আন্ধেৰী পশ্চিমৰ ভাৰ্চোভা অঞ্চলত অৱস্থিত এই প্ৰিমিয়াম প্ৰজেক্টটোৰ ওপৰৰ মহলাত এই ফ্লেটটো আছে। ইয়াৰ উপৰিও ইয়াত তিনিখন গাড়ী পাৰ্কিং আৰু ৩১৬ বৰ্গফুটৰ অতিৰিক্ত একচেটিয়া এলেকা আছে।
পঞ্জীয়নৰ কাগজ-পত্ৰ অনুসৰি অনুষ্কা শৰ্মা আৰু বিৰাটৰ সম্পত্তিৰ পঞ্জীয়ন হৈছিল ২০২৬ চনৰ ২১ জুলাইত। তেওঁলোকে পঞ্জীয়ন মাচুল ৩০,০০০ টকা আৰু ষ্টাম্প ড্যুটি ১.০৯ কোটি টকা আদায় দিছিল। ইয়াৰ অৰ্থ হ’ল প্ৰতি বৰ্গফুটৰ দাম প্ৰায় ৬৯,১৫৯ টকা। এই মূল্যই মুম্বাইৰ প্ৰিমিয়াম অঞ্চলত বিলাসী ঘৰৰ ক্ৰমবৰ্ধমান চাহিদাক প্ৰতিফলিত কৰে।

বলীউডৰ অভিনেত্ৰী তাবুৱেও ইয়াৰ পূৰ্বে একেটা প্ৰজেক্টতে এটা ফ্লেট ক্ৰয় কৰিছিল। খবৰ অনুসৰি ২,১৫৩ বৰ্গফুটৰ এই এপাৰ্টমেণ্টটো প্ৰায় ১০ কোটি টকাত ক্ৰয় কৰিছিল। অৱশ্যে এইটো অনুষ্কা আৰু বিৰাটৰ প্ৰথম দামী সম্পত্তি নহয় । যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে দেশৰ বিভিন্ন চহৰত অসংখ্য বিলাসী ঘৰ আৰু মাটি ক্ৰয় কৰিছে। তেওঁলোকৰ বিনিয়োগৰ তালিকাত কেইবাটাও বিলাসী প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে।
মুম্বাইৰ উপৰিও বিৰাট কোহলিৰ ডি এল এফ ফেজ ১, গুৰুগ্ৰামত ১০ হাজাৰ বৰ্গফুটৰ এটা বিলাসী বাংলোও আছে। বাংলোটোত ব্যক্তিগত চুইমিং পুল, আধুনিক জিম আৰু অসংখ্য বিলাসী সুবিধা আছে। ইয়াৰ আনুমানিক মূল্য প্ৰায় ৮০ কোটি টকা বুলি অনুমান কৰা হৈছে। ইয়াৰ উপৰিও আলিবাগৰ জিৰাদ গাঁৱত পাঁচ একৰতকৈ অধিক মাটি প্ৰায় ৩৭.৮৬ কোটি টকাত ক্ৰয় কৰিছে বিৰাট-অনুষ্কাই। ইয়াৰ পূৰ্বে ২০২২ চনত তেওঁলোকে আলিবাগত আঠ একৰ মাটি প্ৰায় ১৯ কোটি টকাত ক্ৰয় কৰিছিল, য’ত পিছলৈ তেওঁলোকে এটা বিলাসী ভিলা নিৰ্মাণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















