ইণ্টাৰনেটৰ দিশেৰে এইবাৰ বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্যৰে কাম কৰি আছে ভাৰতে। 5Gৰ পিছত ভাৰতে এতিয়া ভৱিষ্যতৰ ছুপাৰফাষ্ট 6G প্ৰযুক্তিৰ বাবে প্ৰস্তুতি চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে গঠন কৰা গ্ৰুপ বা সংগঠন ইণ্ডিয়া 6G এলায়েন্সৰ কাম-কাজ কেনেদৰে চলি আছে আৰু ভৱিষ্যতৰ 6G প্ৰযুক্তিৰ বিকাশৰ বাবে কেনেদৰে চলি আছে আৰু ভৱিষ্যতৰ পৰিকল্পনা কি সেই বিষয়ে বুজ লয়। এই গোটটোৱে ৬জিৰ দৰে পৰৱৰ্তী প্ৰজন্মৰ মোবাইল নেটৱৰ্ক প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক বিশ্বত আগুৱাই নিবলৈ কাম কৰি আছে। ২০৩০ চনৰ ভিতৰত ভাৰতে 6G প্ৰযুক্তি নিৰ্মাণ, বিকাশ আৰু ৰূপায়ণৰ ক্ষেত্ৰত আগৰণুৱা হোৱাটোৱেই ইয়াৰ লক্ষ্য।
6G অগ্ৰগতিৰ ওপৰত আলোচনা
যোগাযোগ আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানী আৰু সচিব অমিত আগৰৱালাৰ সৈতে আজি নতুন দিল্লীত জ্যোতিৰাদিত্য সিন্ধিয়াই ‘ভাৰত 6G এলায়েন্স’ ৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই এলায়েন্সে ৭টা সুকীয়া দলত কাম কৰে, প্ৰত্যেকেই বিভিন্ন প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত আছে ইণ্টাৰনেটৰ তৰংগ অৰ্থাৎ স্পেকট্ৰম, 6G মোবাইল আৰু ডিভাইচ নিৰ্মাণ, নতুন প্ৰযুক্তি বিকশিত কৰা, এপ নিৰ্মাণ কৰা, পৰিৱেশৰ ক্ষতি নকৰা, মানুহক তথ্য প্ৰদান কৰা আৰু ৬জি সঠিকভাৱে ব্যৱহাৰ কৰি ধন উপাৰ্জনৰ উপায় বিচাৰি উলিওৱা।
৭,৭০০ৰো অধিক পেটেণ্ট
বিবৃতিটোত এইটোও উল্লেখ কৰা হৈছে যে এলায়েন্সৰ সংশ্লিষ্ট সদস্যসকলৰ 5G আৰু 6G প্ৰযুক্তিৰ সৈতে জড়িত ৭,৭০০ৰো অধিক পেটেণ্ট ফাইলিং আছে, য’ত ৪,৪০০ৰো অধিক বিদেশী ফাইলিঙো আছে, যিয়ে ভাৰতৰ গৱেষণা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ ক্ৰমবৰ্ধমান শক্তি প্ৰদৰ্শন কৰিছে।
ভাৰতীয় টেলিকম ষ্টেণ্ডাৰ্ডছ ডেভেলপমেণ্ট ছ’চাইটিকো 6G প্ৰযুক্তিৰ মানদণ্ড স্থাপনৰ বাবে কৰা প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰা হয়। সিন্ধিয়াই এই সন্দৰ্ভত পৰামৰ্শ দিয়ে যে সাতোটা দলে একেলগে কাম কৰি পৰস্পৰক সহায় কৰিব পৰা ক্ষেত্ৰ চিনাক্ত কৰিব লাগে। তদুপৰি, ব্যৱধান চিনাক্ত কৰিবলৈ, বিশ্বৰ উত্তম পদ্ধতিৰ পৰা শিকিবলৈ আৰু কৰ্মক্ষমতা অধিক উন্নত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় 6G গোটসমূহৰ বিপৰীতে দেশৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















