আগন্তুক মাহৰ পৰা আৰম্ভ হ’বলগীয়া হকী বিশ্বকাপত এক বৃহৎ পৰিৱৰ্তনেৰে খেলপথাৰত নামিব ভাৰতীয় হকী দলে। পিছে এইবাৰ ভাৰতীয় পুৰুষ আৰু মহিলা দলে নিজৰ পৰম্পৰাগত নীলাৰ পৰিৱৰ্তে গেৰুৱা ৰঙৰ জাৰ্ছীত খেলপথাৰত নামিব। হকী ইণ্ডিয়াই মুকলি কৰিছে গেৰুৱা ৰঙৰ এই জাৰ্ছী। এই জাৰ্ছীৰ ৰং সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। অহা ১৫ আগষ্টৰ পৰা বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত পুৰুষ দলৰ অধিনায়ক হ’ব হৰমনপ্ৰীত সিং আৰু মহিলা দলৰ অধিনায়ক হ’ব ছালিমা টেটে।
হকী ইণ্ডিয়াই উল্লেখ কৰে যে জাৰ্ছীৰ ৰং সলনি কৰাৰ আঁৰৰ মূল কাৰণ কাৰিকৰী। হকী ইণ্ডিয়াৰ মতে, নীলা জাৰ্ছী প্ৰায়ে নীলা টাৰ্ফৰ লগত মিলি যায়, যাৰ ফলত খেলুৱৈসকলে খেলপথাৰত সতীৰ্থক চিনি পোৱাত অসুবিধা হয়। হকী ইণ্ডিয়াই দাবী কৰে যে খেলুৱৈ আৰু সহায়ক ষ্টাফৰ সৈতে হোৱা আলোচনা আৰু তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে।
কিন্তু এক প্ৰতিবেদন অনুসৰি এই দাবীক লৈ বহুকেইজন খেলুৱৈ আৰু দলৰ সদস্যই প্ৰশ্ন উত্থাপন কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ হোৱা তথ্য অনুসৰি পুৰুষ আৰু মহিলা দলৰ পাঁচজন সদস্যৰ সৈতে কথা পাতিছিল কিন্তু তেওঁলোকৰ পৰা জাৰ্ছীৰ এই পৰিৱৰ্তন সন্দৰ্ভত পৰামৰ্শ লোৱা হোৱা নাছিল। নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন সদস্যই কয় যে তেওঁলোকক এই সন্দৰ্ভত একো সোধা হোৱা নাছিল বা জড়িত হোৱা নাছিল। প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে হকী ইণ্ডিয়াৰ একাংশ জ্যেষ্ঠ বিষয়া আৰু কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যই আগতীয়াকৈ জাৰ্ছীৰ ৰং সলনি কৰাৰ বিষয়ে অৱগত নাছিল। কাৰ্যবাহী সমিতিৰ এজন সদস্যই কয় যে তেওঁলোকে জাৰ্ছী সলনি কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত নাছিল আৰু বিষয়টোৰ ওপৰত আলোচনা হোৱা কোনো চৰকাৰী বৈঠকৰ অংশ নাছিল।
অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন খেলুৱৈসকলে
ভাৰতীয় হকী খেলুৱৈৰ প্ৰাক্তন খেলুৱৈসকলেও জাৰ্ছীৰ ৰং সলনিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। প্ৰাক্তন অধিনায়ক বীৰেন ৰাস্কুইন্হাই ইয়াক লজ্জাজনক বুলি অভিহিত কৰিছে। ১৯৮০ চনৰ অলিম্পিকত স্বৰ্ণ পদক বিজয়ী দলটোৰ অধিনায়ক বাসুদেৱন বাস্কৰণে কয় যে-এই জাৰ্চিটোৱে মোক অনুপ্ৰাণিত নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















