আজিকালি ব্যস্ত জীৱনশৈলীৰ বাবে মহিলাসকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে। মহিলাসকলৰ প্ৰজনন স্বাস্থ্যৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে জৰায়ুৰ সংক্ৰমণ (Uterine Infection)। এই সমস্যাক সময়মতে চিনাক্ত কৰি চিকিৎসা নকৰিলে ই ভৱিষ্যতে গুৰুতৰ স্বাস্থ্যজনিত জটিলতা, আনকি সন্তান ধাৰণৰ ক্ষেত্ৰতো সমস্যা সৃষ্টি কৰিব পাৰে। সেয়েহে জৰায়ুৰ সংক্ৰমণৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে সজাগ হোৱাটো অত্যন্ত প্ৰয়োজন।
জৰায়ুত বেক্টেৰিয়া, ভাইৰাছ বা আন ক্ষতিকাৰক অণুজীৱৰ প্ৰৱেশৰ ফলত হোৱা প্ৰদাহ বা সংক্রমণক জৰায়ুৰ সংক্ৰমণ বোলা হয়। সাধাৰণতে সন্তান জন্ম দিয়াৰ পিছত, গৰ্ভপাতৰ পিছত, বা কিছু চিকিৎসাজনিত প্ৰক্ৰিয়াৰ পিছত এই সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। কেতিয়াবা যৌনবাহিত সংক্ৰমণো জৰায়ুলৈ বিয়পি এই সমস্যা সৃষ্টি কৰিব পাৰে।
বিশেষজ্ঞই কয় যে, শৰীৰত বহু প্ৰকাৰৰ বিপদজনক বেক্টেৰিয়া থাকে। কোনো বেক্টেৰিয়া যদি মহিলাৰ ব্যক্তিগত অংগৰ যোগেদি জৰায়ুত প্ৰৱেশ কৰে, তেতিয়া জৰায়ুত সংক্ৰমণ হয়। এই সংক্ৰমণৰ ফলত বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে। গতিকে আপুনি এই বেমাৰক সহজভাৱে ল’ব নালাগে আৰু যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক।
মনত ৰাখিব
- যদি আপোনাৰ পেটৰ তলৰ অংশ ফুলি উঠা যেন লাগে আৰু প্ৰায়ে এনেকৈ থাকে তেন্তে পৰীক্ষা কৰক।
- প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰিলেও সাৱধান হওক।
- ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হ’লে সহজভাৱে নল’ব। ই জৰায়ুৰ সংক্ৰমণৰ লক্ষণো হ’ব পাৰে।
- দুৰ্গন্ধযুক্ত গুপ্তাংগৰ স্ৰাৱ।
- যৌন সম্পৰ্কৰ সময়ত বিষ অনুভৱ কৰা।
- অতিশয় দুৰ্বলতা বা ভাগৰুৱা অনুভৱ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















