বন্ধুত্ব হ’ল এনে এক সম্পৰ্ক যিটো জন্মৰ পৰাই নাথাকে, কিন্তু আমি নিজেই বনাওঁ আৰু নিজৰ ইচ্ছামতে এজন ব্যক্তিক আমাৰ জীৱনত এক বিশেষ স্থান দিওঁ। কেতিয়াবা বন্ধুত্ব তেজৰ সম্পৰ্কতকৈ বহু গভীৰ হ’ব পাৰে। বহু দেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৩০ জুলাইত বন্ধুত্ব পালন কৰা হয় ৷ অৱশ্যে জুলাইৰ পৰিৱৰ্তে ভাৰতত আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰা হয় ৷ ভাৰতৰ উপৰিও মালয়েছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ (USA), সংযুক্ত আৰব আমিৰশ্বাহী (UAE), বাংলাদেশ আদি দেশতো আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰা হয় ৷
প্ৰকৃত বন্ধুক কেনেকৈ চিনি পায়?
- বিশেষজ্ঞসকলৰ মতে এজন প্ৰকৃত বন্ধুৱে আপোনাৰ কথা ভালদৰে শুনিব আৰু আপোনাৰ চিন্তাধাৰাক সন্মান কৰিব।
- আপুনি যিকোনো ভাল খবৰ বা সফলতা লাভ কৰিলে তেওঁ আনন্দিত হ’ব।
- তেওঁলোকে আপোনাক কথাৰে তুচ্ছজ্ঞান নকৰে আৰু সঠিক পৰামৰ্শও দিব।
- যাৰ লগত কেৱল সময় কটালেই নিমিষতে সকলো দুখ-কষ্ট নোহোৱা হৈ যায়।
এইটো সঁচা যে কাষত বন্ধু-বান্ধৱী থাকিলে বহুতো কঠিন পৰিস্থিতি সহজ হৈ পৰে। অৱশ্যে সকলো সমস্যা কেৱল বন্ধু-বান্ধৱীয়েই সমাধান কৰিব নোৱাৰে। যদি আপুনি দেখিছে যে আপুনি একেৰাহে কেইবা সপ্তাহ ধৰি নিৰাশ অনুভৱ কৰি আহিছে, আপোনাৰ টোপনি বা ভোক সম্পূৰ্ণৰূপে সলনি হৈছে, বা আপুনি কাৰো লগত কথা পাতিবলৈ মন নকৰে, তেন্তে হাৰ নামানিব। যদি এই লক্ষণসমূহ দেখা দিয়ে তেন্তে তৎক্ষণাত বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















