নেটফ্লিক্সত (Netflix) চিনেমা বা ধাৰাবাহিক চাবলৈ প্ৰতিমাহে টকা খৰচ কৰিব লাগে। অৱশ্যে এতিয়া আপুনি বিনামূলীয়াকৈ চোৱাৰ সুযোগ পাব (Netflix Free Service)। ফ্লিপকাৰ্টে কিছুমান বিশেষ গ্ৰাহকৰ বাবে ৩০ দিনীয়া নেটফ্লিক্স মোবাইল প্লেন একেবাৰে বিনামূলীয়াকৈ আগবঢ়াইছে। এই বিশেষ অফাৰ কেৱল ফ্লিপকাৰ্ট প্লাছৰ সদস্যসকলৰ বাবে।
বিনামূলীয়া সেৱা কেনেকৈ পাব?
- নেটফ্লিক্সত বিনামূলীয়া সেৱা পাবলৈ হ’লে আপুনি কিছুমান চৰ্ত পূৰণ কৰিব লাগিব।
- একেটা মাহত কমেও ৪টা অৰ্ডাৰ দিব লাগিব।
- প্ৰতিটো অৰ্ডাৰৰ মূল্য কমেও ২৯৯ টকা হ’ব লাগিব।
- অৰ্ডাৰ ফ্লিপকাৰ্ট, ফ্লিপকাৰ্ট গ্ৰোচাৰি, বা ফ্লিপকাৰ্ট মিনিটত দিব পাৰি।
- চাৰি নম্বৰৰ অৰ্ডাৰ সম্পূৰ্ণ হোৱাৰ পিছত ৩০ দিনীয়া নেটফ্লিক্স মোবাইল প্লেন ফ্লিপকাৰ্ড এপত আনলক কৰা হ’ব।
- তাৰ পিছত আপুনি সেই চাবস্ক্ৰিপচনৰ দাবী কৰিব পাৰে আৰু কোনো অতিৰিক্ত ধন নোহোৱাকৈ নেটফ্লিক্স চাব পাৰে।
ভাৰতত নেটফ্লিক্সৰ বৰ্তমানৰ পৰিকল্পনা
মোবাইল প্লেন – মাহে ১৪৯ টকা। এটা স্মাৰ্টফোন বা টেবলেটত চাব পাৰিব। বেচিক প্লেন – মাহে ১৯৯ টকা, এটা ডিভাইচত চাব পাৰিব। ষ্টেণ্ডাৰ্ড প্লেন – প্ৰতিমাহে ৪৯৯ টকা। একেলগে দুটা ডিভাইচত চাব পাৰি। প্ৰিমিয়াম প্লেন – প্ৰতিমাহে ৬৪৯ টকা। একেলগে ৪টা ডিভাইচত চাব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















