প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান খৰচ হয় সেই প্ৰশ্নটোৱে প্ৰায়ে ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰে। চৰকাৰে ২০২১ চনৰ পৰা চলিত বৰ্ষৰ জুলাইলৈ মোদীৰ সকলো বিদেশ ভ্ৰমণৰ সম্পূৰ্ণ বিৱৰণ ৰাজ্যসভাত ৰাজহুৱা কৰিছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই লিখিত উত্তৰত ভ্ৰমণ কৰা দেশসমূহ, প্ৰতিটো ভ্ৰমণত হোৱা ব্যয় আৰু সেই ভ্ৰমণৰ সময়ত হোৱা মূল চুক্তিসমূহৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে। চৰকাৰী তথ্য অনুসৰি ২০২১ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত প্ৰায় ৫৫৭ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু চৰকাৰে স্পষ্ট কৰি দিছে যে কিছুমান ভ্ৰমণৰ বিল এতিয়াও বাকী আছে, গতিকে চূড়ান্ত ধনৰ পৰিমাণ সলনি হ’ব পাৰে।
মোদীৰ বিদেশ ভ্ৰমণত কোন বছৰত কিমান খৰচ হৈছে?
চৰকাৰী তথ্য অনুসৰি ২০২১ চনত প্ৰধানমন্ত্ৰীয়ে বাংলাদেশ, আমেৰিকা, ইটালী আৰু ব্ৰিটেইন ভ্ৰমণ কৰিছিল। ২০২১ চনত মোদীৰ এই ভ্ৰমণসূচীৰ বাবে সৰ্বমুঠ প্ৰায় ৩৬.১২ কোটি টকা খৰচ হৈছিল। ২০২২ চনত প্ৰধানমন্ত্ৰী মোদীয়ে জাৰ্মানী, ডেনমাৰ্ক, ফ্ৰান্স, নেপাল, দুবাৰকৈ জাপান, উজবেকিস্তান, UAE আৰু ইণ্ডোনেছিয়া ভ্ৰমণ কৰি মুঠ ৫৫.৮৩ কোটি টকা ব্যয় কৰে। ২০২৩ চনত প্ৰধানমন্ত্ৰীয়ে জাপান, অষ্ট্ৰেলিয়া, পাপুয়া নিউ গিনি, আমেৰিকা, ইজিপ্ত, ফ্ৰান্স, UAE, দক্ষিণ আফ্ৰিকা, গ্ৰীচ, ইণ্ডোনেছিয়াকে ধৰি কেইবাখনো দেশ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ বাবে মুঠ ৯৩.৬৩ কোটি টকা ব্যয় কৰা হৈছিল। ২০২৪ চনত প্ৰধানমন্ত্ৰীৰ UAE, কাটাৰ, ভূটান, ইটালী, ৰাছিয়া, অষ্ট্ৰিয়া, পোলেণ্ড, ইউক্ৰেইন, ব্ৰুনোই, ছিংগাপুৰ, আমেৰিকা, লাওছ, নাইজেৰিয়া, ব্ৰাজিল, গায়ানা আৰু কুৱেইট ভ্ৰমণৰ বাবে প্ৰায় ১০৯.৫১ কোটি টকা খৰচ হৈছিল। ২০২৫ চনত প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বাধিক দেশ ভ্ৰমণ কৰিছিল। ফ্ৰান্স, আমেৰিকা, মৰিচাছ, থাইলেণ্ড, শ্ৰীলংকা, চৌদি আৰব, কানাডা, ব্ৰাজিল, ব্ৰিটেইন, মালদ্বীপ, চীন, জাপান, দক্ষিণ আফ্ৰিকা আৰু আন কেইবাখনো দেশ ভ্ৰমণত মুঠ ১৮৭.৮৩ কোটি টকা ব্যয় কৰা হৈছিল। এইটোৱেই আছিল এতিয়ালৈকে হোৱা সৰ্বাধিক বাৰ্ষিক ব্যয়। আনহাতে চলিত বৰ্ষৰ জুলাইলৈ মালয়েছিয়া, ইজৰাইল, UAE, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, ইটালী, শ্লোভাকিয়া, ছিচেলছ, ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণৰ বাবে ৭৪.৫৯ কোটি টকা ব্যয় কৰা হৈছে। উল্লেখ্য যে চৰকাৰে কয় যে কিছুমান ভ্ৰমণৰ বিল এতিয়াও বাকী আছে আৰু ২০২৬ চনৰ জুন মাহত ফ্ৰান্স ভ্ৰমণৰ খৰচ এতিয়াও হিচাপ কৰা হোৱা নাই।
বিদেশ ভ্ৰমণত কিমান টকাৰ বিনিয়োগ হৈছে?
চৰকাৰৰ মতে, প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ লক্ষ্য হৈছে অন্য দেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰা আৰু বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, প্ৰযুক্তি, শক্তি, উদ্ভাৱন আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা। ২০২১ চনৰ জুলাই মাহৰ পৰা এই ভ্ৰমণৰ সময়ত শ শ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ ভিতৰত ফ্ৰান্স, ইউ এ ই, অষ্ট্ৰেলিয়া, জাৰ্মানী, জাপান, ইণ্ডোনেছিয়া, ব্ৰাজিল, নেদাৰলেণ্ড, ইজৰাইল, আৰু ছিচেলছৰ দৰে দেশৰ সৈতে মহাকাশ, স্বাস্থ্য, কৃষি, ইউপিআই, প্ৰতিৰক্ষা, নবীকৰণযোগ্য শক্তিৰ সৈতে জড়িত চুক্তিসমূহো অন্তৰ্ভুক্ত। চৰকাৰে লগতে উল্লেখ কৰিছে যে ২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত ভাৰতে প্ৰায় ৩.৬৩ লাখ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছিল।চৰকাৰৰ সঁহাৰি অনুসৰি ২০২১ চনৰ পৰা চলিত বৰ্ষৰ জুলাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ মুঠ ব্যয় প্ৰায় ৫৫৭ কোটি টকা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















