Deepfake আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিভ্ৰান্তিকৰ তথা ক্ষতিকাৰক কণ্টেণ্টৰ ওপৰত নিয়ন্ত্ৰণ অধিক কঠোৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে IT নিয়মত গুৰুত্বপূৰ্ণ সংশোধন কৰিছে। নতুন নিয়ম অনুসৰি, সংবেদনশীল বিষয়ৰ সৈতে জড়িত অনলাইন কণ্টেণ্ট আঁতৰোৱাৰ সময়সীমা পূৰ্বৰ ২৪ ঘণ্টাৰ পৰা হ্ৰাস কৰি মাত্ৰ ২ ঘণ্টা কৰা হৈছে। এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, অনলাইন প্লেটফৰ্মসমূহৰ বাবে নিয়ম পালন অধিক কঠোৰ কৰা হৈছে। চৰকাৰ বা আদালতৰ নিৰ্দেশৰ ভিত্তিত অবৈধ তথ্য আঁতৰোৱাৰ সময়সীমা পূৰ্বৰ ৩৬ ঘণ্টাৰ পৰা ৩ ঘণ্টালৈ হ্ৰাস কৰা হৈছে। একেদৰে অভিযোগ নিষ্পত্তিৰ সময়সীমাও সংশোধন কৰা হৈছে। ন*গ্নতা, ভুল পৰিচয় আদি বিশেষ শ্ৰেণীৰ অভিযোগ নিষ্পত্তিৰ সময়সীমা ৭২ ঘণ্টাৰ পৰা ৩৬ ঘণ্টালৈ কমোৱা হৈছে। আনহাতে, সংবেদনশীল বিষয়সমূহত এই সময়সীমা ২৪ ঘণ্টাৰ পৰা মাত্ৰ ২ ঘণ্টা কৰা হৈছে।
অনলাইন কণ্টেণ্টৰ ক্ষেত্ৰত নতুন বাধ্যবাধকতা
IT নিয়ম অনুসৰি, ভাৰতত ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থকা বৃহৎ ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেট প্লেটফৰ্মসমূহে অবৈধ কণ্টেণ্ট চিনাক্ত কৰিবলৈ উপযুক্ত প্ৰযুক্তিগত ব্যৱস্থা গ্ৰহণ কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে স্বয়ংক্ৰিয় (Automated) টুল বা আন উপযুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব। বিশেষকৈ, ধ*ৰ্ষণ, শিশু যৌ*ন নি*ৰ্যাতন বা শিশু যৌ*ন শো*ষণৰ সৈতে জড়িত দৃশ্য, তেনে ধৰণৰ আচৰণ প্ৰদৰ্শন কৰা কণ্টেণ্ট, অথবা পূৰ্বে আঁতৰোৱা নিষিদ্ধ কণ্টেণ্টৰ সৈতে মিল থকা তথ্য চিনাক্ত কৰি তৎক্ষণাত ব্যৱস্থা ল’ব লাগিব।
নিয়ম উলংঘন কৰিলে কি হ’ব?
যদি কোনো প্লেটফৰ্মে IT নিয়মত উল্লেখ কৰা আইনী দায়িত্বসমূহ পালন নকৰে, তেন্তে তেওঁলোকে তথ্য প্ৰযুক্তি আইন (IT Act)-ৰ ধাৰা ৭৯ৰ অধীনত তৃতীয় পক্ষৰ (Third-party) কণ্টেণ্টৰ বাবে লাভ কৰা আইনী সুৰক্ষা (Safe Harbour Protection) হেৰুৱাব। ফলস্বৰূপে, সেই প্লেটফৰ্মসমূহৰ বিৰুদ্ধে প্ৰচলিত আইন অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ বা গোচৰ ৰুজু কৰিব পৰা যাব।
Deepfake আৰু AI কণ্টেণ্টৰ ওপৰত কঠোৰ নজৰ
উল্লেখযোগ্য যে, Deepfake আৰু AI-সৃষ্ট বিভ্ৰান্তিকৰ কণ্টেণ্টৰ ফলত সৃষ্টি হোৱা ক্ষতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নীতি) IT নিয়ম, ২০২১ত সংশোধন কৰা হৈছিল। এই সংশোধনৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মসমূহৰ জবাবদিহিতা বৃদ্ধি কৰাৰ লগতে ভুৱা, বিভ্ৰান্তিকৰ আৰু ক্ষতিকাৰক কণ্টেণ্টৰ বিৰুদ্ধে অধিক দ্ৰুত আৰু কঠোৰ ব্যৱস্থা নিশ্চিত কৰাৰ চেষ্টা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















