• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

2 months ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

7 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

7 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

8 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

8 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

8 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

9 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

10 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

11 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

12 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

12 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কেৰেবিয়ান দলটোৰ শেষ ভৰসা কি?

editor by editor
August 8, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব
0
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ
0
SHARES
986
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুবাৰকৈ ODI বিশ্বকাপ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটো ধৰাবাহিকভাৱে নিম্নগামী হৈয়েই আছে। গেৰী, ছোবাৰ্ছ, ভিভ ৰিচাৰ্ডছ, ক্লাইভ লয়ড, গোমছ, মাইকেল হোল্ডিং, ব্ৰায়ান লাৰা, ক্ৰিছ গেইলৰ দৰে কিংবদন্তী ক্ৰিকেটাৰ উপহাৰ দিয়া দলটোৱে ক্ৰমাগতভাৱে তিনিটাকৈ ODI বিশ্বকাপত পোনপটীয়াকৈ বিশ্বকাপত যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছে। এই কিংবদন্তীসকলৰ ওপৰিও সাম্প্ৰতিক সময়তো নিকোলাছ পুৰান, পোলাৰ্ড, নাৰিন, ৰোমাৰিঅ ছেফাৰ্ডৰ দৰে খেলুৱৈ সমগ্ৰ বিশ্বৰ ক্ৰিকেটৰ টুৰ্নামেণ্টসমূহত দপদপাই আছে, তাৰ পিছতো আগন্তুক ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কেৰিবিয়ান দলটোৱে। ICCৰ কাট অব ডেটৰ ভিতৰত ৰেংকিঙৰ শীৰ্ষ আঠটাৰ ভিতৰত স্থান নিশ্চিত কৰিব নোৱাৰাৰ বাবে ৱেষ্ট ইণ্ডিজে একেৰাহে তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ বাবে মূল প্ৰতিযোগিতাত প্ৰৱেশ কৰিবলৈ কোৱালিফায়াৰত খেলিব লাগিব।

ৱেষ্ট ইণ্ডিজৰ ভাগ্য বহুলাংশে নিৰ্ভৰ কৰিছিল আফগানিস্তান আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন এদিনীয়া শৃংখলাৰ ফলাফলৰ ওপৰত। শৃংখলাটোত যদি আয়াৰলেণ্ডে আফগানিস্তানক ৪-১ বা ৫-০ ত পৰাস্ত কৰিলেহেঁতেন তেতিয়া ৱেষ্ট ইণ্ডিজৰ পোনপটীয়াকৈ বিশ্বকাপত যোগ্যতা অৰ্জন কৰাৰ আশা সজীৱ হৈ থাকিলহেঁতেন। অৱশ্যে তেতিয়াও কেৰেবিয়ান দলটোৰ সমষ্ট আশা নিৰ্ভৰ কৰিলহেঁতেন টীম ইণ্ডিয়াৰ ওপৰত। কিয়নো ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে আগন্তুক ২৭ ছেপ্টম্বৰৰ পৰা তিনিখন ODI মেচৰ শৃংখলাত অৱতীৰ্ণ হ’ব। যদিহে এই শৃংখলাটোত ৱেষ্ট ইণ্ডিজে ভাৰতক শৃংখলাটোত পৰাস্ত কৰিলেহেঁতেন তেতিয়া পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব পাৰিলেহেঁতেন। কিন্তু ভাৰতৰ মাটিত ৱেষ্ট ইণ্ডিজৰ এই যাত্ৰাও যথেষ্ট কঠিনেই হলহেঁতেন। আফগানিস্তানে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয় কৰি ৰেংকিঙত উন্নতি ঘটোৱাৰ লগে লগে ৱেষ্ট ইণ্ডিজৰ সকলো সমীকৰণ ধূলিস্যাৎ হৈ পৰিল।

আফগানিস্তান আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন এদিনীয়া বৰষুণৰ বাবে বাতিল হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত আফগানিস্তানে একপক্ষীয় প্ৰদৰ্শন আগবঢ়াই আয়াৰলেণ্ডক ৯২ ৰানত পৰাস্ত কৰে। এই জয়েৰে আফগানিস্তানে ICC ৰেংকিঙত নিজৰ স্থান যথেষ্ট শক্তিশালী কৰি অষ্টম স্থান দখল কৰে। আগন্তুক ODI বিশ্বকাপত আয়োজক হিচাপে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেই পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে ৰেংকিঙৰ ভিত্তিত ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজীলেণ্ড, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে। আগন্তুক ODI বিশ্বকাপত মুঠ ১৪টা দলে অংশগ্ৰহণ কৰিব। গতিকে বাকী থকা ৪টা দলে যোগ্যতা অৰ্জনকাৰী টুৰ্নামেণ্টৰ ভিত্তিত বিশ্বকাপ খেলিবলৈ সুযোগ পাব। ২০২৭ৰ ২২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হবলগীয়া বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী টুৰ্নামেণ্টখনত ৱেষ্ট ইণ্ডিজৰ উপৰিও আয়ৰলেণ্ড, স্কটলেণ্ড, নেডাৰলেণ্ডছ, নামিবিয়া, UAE আদি দলে অংশগ্ৰহণ কৰিব।

ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে ৱেষ্ট ইণ্ডিজ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত যোগ্যতাই অৰ্জন কৰিব পৰা নাছিল ৱেষ্ট ইণ্ডিজ। পোনপটীয়াকৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছত যোগ্যতা অৰ্জনকাৰী টুৰ্নামেণ্টৰ পৰাও বাহিৰ হৈছিল কেৰিবিয়ান দলটো। ইয়াৰ উপৰিও ২০১৯তো পোনপটীয়াকৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল ৱেষ্ট ইণ্ডিজ।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24odiwcWest Indies
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
Next Post
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.