• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

1 hour ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

33 seconds ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

28 minutes ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

2 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

2 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

3 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

3 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

4 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

22 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

23 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

23 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

24 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

অশ্বিনে এনে কি কাম কৰিলে?

editor by editor
August 15, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে নিজৰ Youtube চেনেলৰ বাবে ঘৰত ভিডিঅ’ ৰেকৰ্ডিং কৰি থকাৰ সময়তে হঠাৎ তেওঁৰ ঘৰত আৰক্ষী উপস্থিত হয়। ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি প্ৰথমখন টেষ্ট মেচক লৈ সাংবাদিক বিমল কুমাৰৰ সৈতে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল অশ্বিন। সেই সময়তে তেওঁৰ ছিকিউৰিটি গাৰ্ডে তেওঁক ফোন কৰি ঘৰত আৰক্ষী অহাৰ কথা জনায়। প্ৰথমতে অশ্বিনে গাৰ্ডৰ ফোনটোক গুৰুত্ব দিয়া নাছিল। কিন্তু গাৰ্ডে একেৰাহে ফোন কৰি থকাৰ লগতে তেওঁৰ পত্নীয়েও ফোন কৰাত অৱশেষত অশ্বিনে ফোনটো উঠায়। তেতিয়াহে তেওঁ জানিব পাৰে যে তেওঁৰ ঘৰৰ দুৱাৰত আৰক্ষী উপস্থিত হৈছে। ফলত কিছু সময়ৰ বাবে ভিডিঅ’ ৰেকৰ্ডিং বন্ধ কৰিবলগীয়া হয়। অশ্বিনে সাংবাদিক বিমল কুমাৰৰ সৈতে পুনৰ ভিডিঅ’ ৰেকৰ্ডিং আৰম্ভ কৰাৰ পিছত বিমল কুমাৰে ধেমেলীয়াকৈ সুধিলে—“আপুনি এনে কি কৰিলে যে আপোনাক ধৰিবলৈ আৰক্ষী ঘৰত উপস্থিত হ’ল?” ইয়াৰ পিছতে অশ্বিনে আৰক্ষী তেওঁৰ ঘৰত কিয় আহিছিল সেই কথা নিজেই প্ৰকাশ কৰে।

কিয় অশ্বিনৰ ঘৰত আৰক্ষী আহিছিল?

অশ্বিনে জনোৱা মতে, তেওঁৰ পাছপ’ৰ্টৰ সৈতে জড়িত কামৰ বাবেই আৰক্ষী তেওঁৰ ঘৰত উপস্থিত হৈছিল। তেওঁ ভিছাৰ বাবে নিজৰ পাছপ’ৰ্ট জমা দিছিল আৰু সেই পাছপ’ৰ্টৰ ভেৰিফিকেশ্যন সম্পৰ্কীয় কামৰ বাবেই আৰক্ষীৰ লোক তেওঁৰ ঘৰত আহিছিল। অশ্বিনে কয়, “মোৰ ঘৰৰ ছিকিউৰিটিৰ পৰা মোক কেইবাটাও ফোন আহিছিল। সাধাৰণতে তেওঁলোকে ইমান ফোন নকৰে। মোৰ পত্নীয়েও ফোন কৰাত মই সুধিলোঁ, কি হৈছে? তেতিয়া তেওঁ ক’লে—‘দুৱাৰত আৰক্ষী থিয় হৈ আছে।’ আচলতে মই ভিছাৰ বাবে পাছপ’ৰ্ট জমা দিছিলোঁ, সেইটো লৈয়ে তেওঁলোক আহিছিল।” অশ্বিনৰ এই কথা শুনি বিমল কুমাৰে ধেমেলীয়াকৈ মন্তব্য কৰে যে অশ্বিনৰ দৰে পৰিচিত ব্যক্তিৰ নাম দেখিলেই হয়তো সকলো কাম হৈ যায়, আৰক্ষীৰ ভেৰিফিকেশ্যনৰ দৰে বিষয় সাধাৰণ মানুহৰ বাবেহে। ইয়াৰ উত্তৰত অশ্বিনে কয় যে তেওঁ সাধাৰণ জীৱন যাপন কৰিয়েই ভাল পায়।

অশ্বিনে কয়, “মই সাধাৰণ জীৱন যাপন কৰিব বিচাৰোঁ, সেয়েহে সাধাৰণভাৱেই থাকোঁ।” আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো অশ্বিনে ক্ৰিকেটৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছে। নিজৰ ইউটিউব চেনেলৰ জৰিয়তে তেওঁ বিভিন্ন ক্ৰিকেটীয় বিষয়, খেলৰ বিশ্লেষণ আৰু সমসাময়িক ঘটনাক লৈ নিজৰ মতামত প্ৰকাশ কৰি আহিছে।

৩৯ বছৰীয়া ৰবিচন্দ্ৰন অশ্বিনে ভাৰতৰ হৈ ১০৬খন টেষ্ট, ১১৬খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু ৬৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। টেষ্টত তেওঁৰ নামত ৫৩৭টা উইকেট, এদিনীয়াত ১৫৬টা আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ৭২টা উইকেট আছে। ভাৰতীয় ক্ৰিকেটৰ এগৰাকী সফল অলৰাউণ্ডাৰ হিচাপে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ এক বিশেষ স্থান গঢ়ি তুলিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricketRavichandran Ashwin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত
বিনোদন

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

August 15, 2026
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?
ভাৰত

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

August 15, 2026
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?
নিয়োগ

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

August 15, 2026
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী
ভাৰত

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

August 15, 2026
Next Post
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব'ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.