ছ’চিয়েল মিডিয়াৰ ভুৱা প্ৰচাৰৰ বলি! গো*পন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা
মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে এক জঘন্য ঘটনা। ১৬ বছৰীয়া এজন কিশোৰক হ*ত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভুৱা ভিডিঅ’ৰ ওপৰত বিশ্বাস কৰি টকা উপাৰ্জনৰ লোভত কিশোৰজনৰ চিনাকি কেইজনমান যুৱকে হ*ত্যা কৰাৰ অভিযোগ উঠিছে। ১০ আগষ্টত ভূপালৰ প্ৰেম মন্দিৰৰ ওচৰৰ ছোটা তালাবৰ ধোবি ঘাটত তে*জেৰে তুমৰ*লি অৱস্থাত কিশোৰজনৰ মৃ*তদেহ উদ্ধাৰ কৰা হয়। মৃ*তদেহটো উদ্ধাৰ হোৱাৰ ৫ দিন পিছত অৰ্থাৎ ১৫ আগষ্টত ৰাণী শ্বাহ নামৰ এগৰাকী মহিলাই মৃ*তদেহটোৰ হাতত থকা টেটু দেখি সেয়া তেওঁৰ পুত্ৰ ৰেহান বুলি চিনাক্ত কৰে।
আৰক্ষীৰ তদন্তত জানিব পৰা মতে, ২০ বছৰীয়া জোহেব খান নামৰ এজন যুৱকে নিজকে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ বুলি পৰিচয় দিছিল। প্ৰায় এমাহ পূৰ্বে জোহেবে ১৮ বছৰীয়া আমীৰ কুৰেশ্বী আৰু তিনিজন নাবালকক ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দেখুৱাইছিল। ভিডিঅ’টোত দাবী কৰা হৈছিল যে এজন মানুহৰ গোপন অংগ বিক্ৰী কৰিলে ১ কোটি ২০ লাখ টকালৈকে লাভ কৰিব পাৰি। অভিযুক্তসকলে ছচিয়েল মিডিয়াত দেখা সেই ভিডিঅটোৰ দাবীকে সত্য বুলি বিশ্বাস কৰি টকা উপাৰ্জনৰ পৰিকল্পনা কৰে আৰু ৰেহান নামৰ কিশোৰজনক হ*ত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ঘটনাৰ আৰম্ভণি হৈছিল ৬ আগষ্টত
৬ আগষ্টত দুই নাবালক অভিযুক্তই ১০০ টকা দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰেহানক ধোবি ঘাটলৈ লৈ যায় বুলি অভিযোগ উঠিছে। তাত উপস্থিত থকা আন অভিযুক্তসকলে তেওঁক আক্ৰমণ কৰে। আৰক্ষীৰ মতে, হ*ত্যাৰ পিছত অভিযুক্তসকলে মৃ*তদেহৰ সৈতে অতি নৃশংস আচৰণ কৰে আৰু গোপন অংগটো কাটি লৈ যায়। পিছত সেই অংগ বিক্ৰী কৰি ধন লাভ কৰাৰ চেষ্টা কৰা হৈছিল বুলি তদন্তত পোহৰলৈ আহিছে।
আৰক্ষীৰ তদন্তত পোহৰলৈ আন এক তথ্য
তদন্তৰ সময়ত আৰক্ষীয়ে আন এটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে। ৰেহানক হ*ত্যা কৰাৰ মাত্ৰ তিনিদিন পূৰ্বে, অৰ্থাৎ ৩ আগষ্টত, অভিযুক্তসকলে আন এজন ১৫ বছৰীয়া কিশোৰকো আক্ৰমণ কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ উঠিছে। তেওঁক শ্বাহজাহানী পাৰ্কলৈ লৈ গৈ ডিঙি চেপি হ*ত্যা কৰাৰ অপচেষ্টা কৰাৰ লগতে ব্লে*ডেৰে আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ। অৱশ্যে কিশোৰজনে কোনো মতে অভিযুক্তসকলৰ কবলৰ পৰা পলাই যাবলৈ সক্ষম হয়। তেওঁৰ অভিযোগৰ ভিত্তিত তালাইয়া আৰক্ষীয়ে হ*ত্যাৰ চেষ্টাৰ এটা পৃথক গোচৰ ৰুজু কৰিছে।
দুজনক গ্ৰেপ্তাৰ, জিম্মাত ৩ নাবালক
ভূপাল আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা জোহেব খান আৰু আমিৰ কুৰেশ্বীক গ্ৰেপ্তাৰ কৰিছে। আন তিনিজন নাবালকক জিম্মাত লৈ কিশোৰ গৃহলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে কিশোৰ ন্যায় ব্যৱস্থাৰ অধীনত প্ৰক্ৰিয়া চলি আছে। এই হ*ত্যাকাণ্ডই দেখুৱাইছে যে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত যিকোনো তথ্য সত্য বুলি বিশ্বাস কৰাটো কিমান বিপজ্জনক হ’ব পাৰে। ভুৱা তথ্য, সহজে ধন উপাৰ্জনৰ লোভ আৰু পৰীক্ষা নকৰা ভাইৰেল কন্টেন্টে এজন নিৰীহ কিশোৰৰ জীৱন কাঢ়ি লোৱাৰ দৰে ভয়ংকৰ পৰিণতি সৃষ্টি কৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















