• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

34 minutes ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

5 minutes ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

1 hour ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

1 hour ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

3 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

3 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

5 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

5 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

6 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

18 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

19 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

19 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

দ্বিতীয়খন প্ৰতিবেদন আহিবলৈ এতিয়াও বাকী

editor by editor
August 18, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
0
SHARES
25
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অযোধ্যাৰ ৰাম মন্দিৰ দানপাত্ৰৰ ধন চুৰিৰ অভিযোগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিশেষ তদন্তকাৰী দল (SIT)ৰ চূড়ান্ত প্ৰতিবেদন পোহৰলৈ আহিছে। এই প্ৰতিবেদন অনুসৰি, শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পট ৰায় আৰু প্ৰাক্তন সদস্য অনিল মিশ্ৰৰ বিৰুদ্ধে কোনো অপৰাধমূলক ভূমিকা পোৱা হোৱা নাই। অৰ্থাৎ, SITৰ চূড়ান্ত প্ৰতিবেদনত এই দুয়োৰাকীকে ক্লীন-শ্বীট দিয়া হৈছে। SIT-এ চৰকাৰক দাখিল কৰা চূড়ান্ত প্ৰতিবেদনখন পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টক অৰ্পণ কৰা হৈছে।

সূত্ৰ অনুসৰি, SITৰ প্ৰতিবেদনত ৮ জন ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে। এই ৮ অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে FIR পঞ্জীয়ন কৰাৰ লগতে আটাইকেইজনক গ্ৰেপ্তাৰো কৰা হৈছে। এই দান-ধন সম্পৰ্কীয় বিষয়টো প্ৰথমে পোহৰলৈ অহাৰ পিছত চম্পট ৰায় আৰু অনিল মিশ্ৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। ইয়াৰ পিছতে দুয়োগৰাকীয়ে নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল। কিন্তু যোগী চৰকাৰে গঠন কৰা প্ৰথম SITৰ তদন্তত তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক ভূমিকা পোৱা নগ’ল।

লক্ষ্ণৌৰ সংমণ্ডল আয়ুক্ত বিজয় বিশ্বাস পণ্টৰ নেতৃত্বত এই SIT গঠন কৰা হৈছিল। দলটোৰ আন দুগৰাকী সদস্য আছিল আৰক্ষী মহাপৰিদৰ্শক কিৰণ এছ আৰু বিশেষ সচিব (বিত্ত) নীল ৰতন কুমাৰ। বিগত ২৩ জুনত SIT-এ ৰাজ্য চৰকাৰক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনখনত বিষয়টোৰ সন্দৰ্ভত কেইবাটাও কঠোৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল। এই প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত ২৫ জুনত ৮ জনৰ নাম উল্লেখ থকা অভিযুক্ত আৰু আন কেইবাগৰাকী অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে FIR ৰুজু কৰা হয়।

ট্ৰাষ্টৰ সদস্য কৃষ্ণমোহনে শ্ৰী ৰাম জন্মভূমি থানাত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত FIR ৰুজু কৰা হৈছিল। FIRত নাম উল্লেখ কৰা ৮ জন লোক হৈছে— অবিনাশ শুক্লা, অনুকল্প মিশ্ৰ, লাভকুশ মিশ্ৰ, মনীষ কুমাৰ যাদৱ, কৰুনেশ পাণ্ডে, ৰামাশংকৰ মিশ্ৰ, সুভাষ শ্ৰীবাস্তৱ আৰু ৰাম শংকৰ যাদৱ ওৰফে টিনু। এই অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ লগতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(১)(ক) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে। চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট দিয়া প্ৰতিবেদনখন যোগী চৰকাৰে গঠন কৰা প্ৰথম SITৰ তদন্তৰ ফলাফল। আনহাতে, এই বিষয়টোক লৈ এতিয়া উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত গঠন হোৱা দ্বিতীয়খন SIT-এ পৃথকভাৱে তদন্ত চলাই আছে। সেয়েহে প্ৰথম SITৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতো বিষয়টোৰ তদন্ত সম্পূৰ্ণৰূপে শেষ হোৱা বুলি ক’ব পৰা নাযায়। প্ৰথম SITৰ তদন্তত চম্পট ৰায় আৰু অনিল মিশ্ৰৰ বিৰুদ্ধে অভিযোগৰ প্ৰমাণ পোৱা নগ’লেও, একে বিষয়তে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত আন এখন SITৰ তদন্ত চলি থকাৰ বাবে এই বিষয়টো এতিয়াও সম্পূৰ্ণৰূপে নিষ্পত্তি হোৱা নাই।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ram mandir corruption
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা
অপৰাধ

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

August 18, 2026
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
Next Post
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.