হাজোৰ উখুৰাৰ PBI ইটা ভাটাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। এই ঘটনাই পুনৰ এবাৰ ৰাজ্যত শিশু শ্ৰমিকৰ নিৰাপত্তা আৰু নিয়োগক লৈ ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, অতি কম বয়সতে শুকুৰ আলী নামৰ নাবালকজন ইটা ভাটাটোত শ্ৰমিক হিচাপে কাম কৰি আহিছিল।
জানিব পৰা মতে, কৰ্মৰত অৱস্থাতে ইটা ভাটাৰ ভিতৰত এখন ডাম্পাৰৰ চেপাত পৰে শুকুৰ। তাৰ পিছত থিতাতে মৃত্যু ঘটে।
১৪ বছৰীয়া শিশুৰ হাতত শ্ৰমৰ বোজা কিয়?
শুকুৰৰ মৃত্যুৰ পাছতে ইটা ভাটাটোত নাবালক শ্ৰমিক নিয়োগ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। যি বয়সত শিশুৰ বিদ্যালয়লৈ যোৱাৰ কথা, সেই বয়সতে ইটা ভাটাৰ দৰে বিপজ্জনক স্থানত কাম কৰিবলৈ বাধ্য হোৱাৰ অভিযোগে সমগ্ৰ ঘটনাটোক অধিক গুৰুতৰ কৰি তুলিছে।
ইটা ভাটাৰ ভিতৰত ডাম্পাৰ, ট্ৰেক্টৰ আৰু অন্যান্য গধুৰ বাহন চলাচল কৰে। এনে পৰিৱেশত নাবালকক কামত নিয়োগ কৰাৰ অভিযোগ সত্য হ’লে তেওঁলোকৰ জীৱন আৰু সুৰক্ষাৰ প্ৰতি ভয়ংকৰ ভাবুকি সৃষ্টি হোৱাটো স্বাভাৱিক।
ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ
ইফালে শুকুৰ আলীৰ মৃত্যুৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে PBI ইটা ভাটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। অৱশ্যে এই অভিযোগৰ সত্যতা তদন্তৰ পাছতহে স্পষ্ট হ’ব।
ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰি শিশুটো ইটা ভাটাটোত কেনেদৰে কাম কৰি আছিল, তেওঁক কোনে নিয়োগ কৰিছিল আৰু ঘটনাৰ সময়ত সুৰক্ষা ব্যৱস্থা কিয় পৰ্যাপ্ত নাছিল—এই সকলো প্ৰশ্নৰ উত্তৰ বিচৰাৰ দাবী উঠিছে।
চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি?
শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে দেশত কঠোৰ আইন আৰু চৰকাৰী নিৰ্দেশনা আছে। তাৰ পাছতো যদি কোনো উদ্যোগ বা ইটা ভাটাত নাবালকক বিপজ্জনক কামত নিয়োগ কৰা হয়, তেন্তে সেয়া কেৱল আইন ভংগই নহয়, শিশুৰ জীৱনৰ প্ৰতিও এক ভয়ংকৰ অৱহেলা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















