জ্যোতিষভিত্তিক পূৰ্বাভাস অনুসৰি, আজিৰ দিনটোত বিশেষকৈ বৃষ, ধনু, মকৰ, মেষ আৰু মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে সুযোগ আৰু সফলতাৰ সম্ভাৱনা অধিক। কৰ্মক্ষেত্ৰত নতুন সুযোগ, আৰ্থিক লাভ, পুৰণি সমস্যাৰ সমাধান অথবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ আহিব পাৰে।
মেষ ৰাশি — নিজৰ ওপৰত বিশ্বাস ৰাখক
মেষ ৰাশিৰ বাবে ৫ অক্টোবৰ আত্মবিশ্বাস আৰু নতুন দিশৰ দিন হ’ব পাৰে। কোনো আৰ্থিক বা ব্যক্তিগত বিষয়ত আনৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়াটো লাভজনক হ’ব।
দীৰ্ঘম্যাদী লক্ষ্য পূৰণৰ বাবে ধৈৰ্য আৰু নিয়মীয়া পৰিশ্ৰমৰ প্ৰয়োজন হ’ব। তৎক্ষণাত ফল লাভ নকৰিলেও হতাশ নহ’ব।
বৃষ ৰাশি — কেৰিয়াৰত আহিব ভাল সুযোগ
৫ অক্টোবৰ বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ’ব পাৰে। সহকৰ্মী বা কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে হোৱা আলোচনা আৰু যোগাযোগৰ জৰিয়তে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ধন-সম্পৰ্কীয় বিষয়তো সঠিক পৰিকল্পনা কৰিলে লাভ হ’ব পাৰে।
ব্যৱসায়ৰ সৈতে জড়িতসকলেও নতুন যোগাযোগৰ পৰা উপকৃত হ’ব পাৰে। অৱশ্যে সৰু-সুৰা অতিৰিক্ত খৰচৰ ওপৰত নজৰ ৰখা উচিত।
ধনু ৰাশি — পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা
ধনু ৰাশিৰ বাবে ৫ অক্টোবৰ দিনটো ইতিবাচক হ’ব পাৰে। পূৰ্বতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ আহিব পাৰে। চাকৰি বা ব্যৱসায়ত দলীয়ভাৱে কাম কৰিলে সফলতা লাভৰ সম্ভাৱনা বৃদ্ধি পাব।
আৰ্থিক ক্ষেত্ৰতো নতুন সুযোগ আহিব পাৰে। অৱশ্যে ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লোৱাটো বুদ্ধিমানৰ কাম। সম্পৰ্কৰ ক্ষেত্ৰত স্পষ্টভাৱে কথা পাতিলে ভুল বুজাবুজি দূৰ হ’ব পাৰে।
মকৰ ৰাশি — কামৰ স্বীকৃতি লাভ কৰিব পাৰে
মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। দায়িত্ব বৃদ্ধি পালেও সেই দায়িত্ব সফলভাৱে সম্পূৰ্ণ কৰাৰ জৰিয়তে নিজৰ যোগ্যতা প্ৰমাণ কৰিব পাৰিব।
ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা গুৰুত্বপূৰ্ণ কোনো সুযোগ লাভ কৰাৰ সম্ভাৱনাও আছে। ধন-সম্পৰ্কীয় বিষয়ত সঠিক পৰিকল্পনাৰে আগবাঢ়িলে লাভ হ’ব পাৰে।
মীন ৰাশি — নতুন সুযোগে দিব আত্মবিশ্বাস
মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে ৫ অক্টোবৰ নতুন সম্ভাৱনাৰ ইংগিত কঢ়িয়াই আনিব পাৰে। কামৰ ক্ষেত্ৰত কোনো নতুন সুযোগ বা গুৰুত্বপূৰ্ণ যোগাযোগে আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে।
পুৰণি কোনো সমস্যা সমাধানৰ পথো বিচাৰি পাব পাৰে। ব্যক্তিগত জীৱনত নিজৰ মূল্য আৰু সামৰ্থ্যক লৈ ইতিবাচক চিন্তা কৰিলে আগুৱাই যোৱাত সহায় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















