তামিলনাডুৰ মাদুৰাইৰ টনিষ্ক শ্ব’ৰুমত সংঘটিত কোটি কোটি টকাৰ ডকাইতিৰ ঘটনাত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। এই ডকাইতিৰ মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে ইউটিউবাৰ নিশান্তক। তেওঁৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৬.৪ কিলোগ্ৰাম সোণৰ গহনা। ইয়াৰ পূৰ্বে এই ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলা সহযোগীৰ পৰাও ৫.৫ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰা হৈছিল। ফলত এই পৰ্যন্ত আৰক্ষীয়ে মুঠ ১১.৯ কিলোগ্ৰাম সোণৰ গহনা জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে, গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত নিশান্তক আদালতে ১ ডিচেম্বৰ পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
ক’ত লুকুৱাই ৰাখিছিল চুৰি সোণ?
আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে ধৰ্মাপুৰী জিলাৰ ছিছমপট্টি অঞ্চলৰ পৰা নিশান্তক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছতে তেওঁক মাদুৰাইলৈ অনা হয় আৰু আৰক্ষীয়ে জেৰা আৰম্ভ কৰে। জেৰাৰ সময়ত নিশান্তই চুৰি কৰা সোণৰ গহনা ক’ত লুকুৱাই ৰাখিছিল, সেই সম্পৰ্কে আৰক্ষীক তথ্য দিয়ে। নিশান্তই দিয়া তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে মুনিয়াণ্ডিপুৰমৰ গোপালীপুৰম পাহাৰীয়া অঞ্চলত তালাচী অভিযান চলায়। এই অভিযানতে পাহাৰীয়া অঞ্চলত লুকুৱাই ৰখা ৬.৪ কিলোগ্ৰাম সোণৰ গহনা উদ্ধাৰ কৰা হয়। উল্লেখ্য যে, এই গোচৰত পূৰ্বে গ্ৰেপ্তাৰ হোৱা মহিলা সহযোগী মীনাক্ষীৰ পৰাও ৫.৫ কিলোগ্ৰাম সোণ উদ্ধাৰ হৈছিল। এইদৰে আৰক্ষীয়ে এতিয়ালৈকে মুঠ ১১.৯ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰিছে।
১২ নৱেম্বৰত সংঘটিত হৈছিল ডকাইতি
যোৱা ১২ নৱেম্বৰৰ পুৱতি নিশা মাদুৰাই বাইপাছ ৰোডত থকা টনিষ্কৰ শ্ব’ৰুমটোত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। দুৰ্বৃত্তৰ দলটোৱে শ্ব’ৰুমটোত প্ৰৱেশ কৰি বৃহৎ পৰিমাণৰ সোণৰ গহনা লুটি লৈ যায়। কোটি কোটি টকাৰ এই ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ঘটনাৰ পিছৰে পৰা আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল। তদন্তৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত ধৰ্মাপুৰী জিলাৰ পৰা মূল অভিযুক্ত নিশান্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
গ্ৰেপ্তাৰৰ পিছত নিশান্তক আৰক্ষীয়ে সোধা-পোছা কৰাৰ অন্তত চৰকাৰী ৰাজাজী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ইয়াৰ পিছতে তেওঁৰ বায়’মেট্ৰিক তথ্য আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ ইউনিটত লিপিবদ্ধ কৰা হয়। ১৬ নৱেম্বৰত তেওঁক মাদুৰাই জিলাৰ পঞ্চম ন্যায়িক দণ্ডাধীশ লক্ষ্মী প্ৰিয়াৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতত আৰক্ষীয়ে উদ্ধাৰ কৰা সোণৰ গহনাসমূহো দাখিল কৰে। গোচৰৰ সকলো দিশ বিবেচনা কৰি আদালতে নিশান্তক ১ ডিচেম্বৰ পৰ্যন্ত ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















