ভাগ্যই কেতিয়া কাৰ জীৱন সলনি কৰে, সেয়া কোনেও ক’ব নোৱাৰে। মাত্ৰ ৫০০ টকাৰে ক্ৰয় কৰা এটা লটাৰীৰ টিকটে সলনি কৰি দিলে এজন সাধাৰণ চালকৰ জীৱন। পাঞ্জাবৰ মোহলিৰ এজন ডাম্পাৰ চালকে দীপাৱলী বাম্পাৰ লটাৰীত প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে ১২ কোটি টকা। এই খবৰে এতিয়া তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ গাঁওখনতে আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে।
লটাৰী বিজয়ী চালকজন হৈছে পাঞ্জাবৰ ডেৰাবছীৰ সমীপৰ হুমায়ুনপুৰ গাঁৱৰ বাসিন্দা ৪৫ বছৰীয়া বলজিন্দৰ সিং। পেছাত তেওঁ এজন কৃষক হোৱাৰ লগতে ডাম্পাৰ চালক হিচাপেও কাম কৰে। সোমবাৰে নিশা প্ৰায় ১১ বজাত তেওঁ ১২ কোটি টকাৰ লটাৰী লাভ কৰাৰ খবৰ লাভ কৰে।
জানিব পৰা মতে, যোৱা ১০ নৱেম্বৰত হেণ্ডেছৰাৰ এজন লটাৰী বিক্ৰেতাৰ পৰা ৫০০ টকা খৰচ কৰি তেওঁ এই টিকটটো ক্ৰয় কৰিছিল। উল্লেখযোগ্য যে বলজিন্দৰৰ পৰিয়ালে বিগত ১৫ বছৰ ধৰি নিয়মীয়াকৈ লটাৰীৰ টিকট ক্ৰয় কৰি আহিছে। অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত পৰিয়ালটোৰ ভাগ্য উদয় হ’ল।
১২ কোটিৰ সলনি হাতত পৰিব ৮.৪০ কোটি টকা
১২ কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলেও সম্পূৰ্ণ ধনৰাশি বলজিন্দৰে লাভ নকৰিব। নিয়ম অনুসৰি ৩০ শতাংশ কৰ কৰ্তন কৰাৰ পিছত তেওঁৰ হাতলৈ আহিব প্ৰায় ৮.৪০ কোটি টকা। লটাৰীৰ ধন লাভ কৰিবলৈ কিছু চৰকাৰী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ বাবে বিজয়ীগৰাকীয়ে মূল লটাৰী টিকট, দুখন পৰিচয়-পত্ৰ আৰু প্ৰয়োজনীয় অন্যান্য নথি-পত্ৰ পাঞ্জাব লটাৰী সঞ্চালকালয়ৰ কাৰ্যালয়ত জমা দিব লাগিব। ইয়াৰ পিছত বিভাগীয় কৰ্তৃপক্ষই প্ৰয়োজনীয় নথি-পত্ৰ পৰীক্ষা কৰি ফাইল প্ৰস্তুত কৰিব আৰু চৰকাৰলৈ প্ৰেৰণ কৰিব।
সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে বিজয়ীগৰাকীয়ে পুৰস্কাৰৰ ধন লাভ কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰায় ডেৰ মাহৰ পৰা তিনিমাহ পৰ্যন্ত সময় লাগিব পাৰে বুলি জানিব পৰা গৈছে। বলজিন্দৰ সিঙে ১২ কোটি টকাৰ লটাৰী লাভ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন আৰু গাঁওবাসীৰ মাজত আনন্দৰ বন্যা বয়। সকলোৱে তেওঁক অভিনন্দন জনোৱাৰ লগতে এই সাফল্য উদযাপন কৰে।
পৰিয়ালটোৱে জনোৱা মতে, এতিয়ালৈকে লটাৰীৰ ধন কেনেদৰে ব্যৱহাৰ কৰিব, সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট পৰিকল্পনা কৰা হোৱা নাই। প্ৰথমে চৰকাৰী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি পুৰস্কাৰৰ ধন লাভ কৰাটোৱেই তেওঁলোকৰ মূল লক্ষ্য। বলজিন্দৰ সিঙে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে তেওঁ নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰিছে। ভগৱানে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত ১৫ বছৰ ধৰি তেওঁ লটাৰীৰ টিকট ক্ৰয় কৰি আহিছিল। পেছাত এজন চালক হিচাপে টিপাৰ চলাই জীৱন নিৰ্বাহ কৰা বলজিন্দৰৰ এই সফলতাত এতিয়া সকলোৱে আনন্দ প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















