ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দুলীয়াজানৰ ট্ৰিপল মা*ৰ্ডাৰ কাণ্ডৰ সন্দৰ্ভত এটাৰ পিছত আন এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। একেটা পৰিয়ালৰ তিনিজন লোকক অতি নৃ*শংসভাৱে হ*ত্যা কৰা হৈছিল। হ*ত্যাকাণ্ডৰ ভয়ংকৰ দৃশ্যই স্তম্ভিত কৰি তুলিছে সকলোকে। নি*হত তিনিজন হৈছে চন্দ্ৰকান্ত ভূঞা, এলিজা ভূঞা আৰু নিহাৰিকা ভূঞা। তিনিওৰে মূৰত প্ৰচণ্ড আঘাতৰ চিন পোৱা গৈছে।
অভিযোগ অনুসৰি, হ*ত্যাকাৰীয়ে অতি নিৰ্মমভাৱে তেওঁলোকৰ মূৰ ঘৰৰ বেৰত থেতেলিয়াই দিছিল। ফলত কোঠাটোৰ ভিতৰতে চাৰিওফালে তে*জ বিয়পি পৰিছিল। আনহাতে, আৰক্ষীয়ে মৃ*তদেহ উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়ত ঘৰৰ দুৱাৰখন বন্ধ অৱস্থাত আছিল। কিন্তু ঘৰৰ ভিতৰত থকা কেইবাটাও আলমিৰা খোলা অৱস্থাত পোৱা গৈছিল। ইয়াৰ পৰা হ*ত্যাকাণ্ডৰ আঁৰত লুটপাতৰ উদ্দেশ্য আছিল বুলি সন্দেহ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, হ*ত্যাকাৰীয়ে ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে CCTV কেমেৰাৰ কেবল খুলি দিছিল। অৰ্থাৎ, ঘৰত প্ৰৱেশ কৰাৰ সময়ত যাতে CCTVৰ জৰিয়তে কোনো তথ্য লাভ কৰিব পৰা নাযায়, তাৰ বাবে পূৰ্বপৰিকল্পিতভাৱে এই কাম কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। এই ঘটনাৰ তদন্তত ৰাজু দাস নামৰ এজন যুৱকৰ নাম পোহৰলৈ আহিছে। জানিব পৰা মতে, ৰাজু দাস চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল। তেওঁৰ বিৰুদ্ধেই তিনিওজনক হ*ত্যাৰ অভিযোগ উত্থাপন হৈছে। এই হ*ত্যাকাণ্ড সংঘটিত কৰাত ৰাজু দাসক তেওঁৰ মাহীয়েকৰ পুত্ৰ অমৃত দাসে সহায় কৰাৰ অভিযোগ উঠিছে।
আৰক্ষীৰ তথ্য অনুসৰি, হ*ত্যাকাণ্ড সংঘটিত কৰাৰ পিছৰে পৰা ৰাজু দাস আৰু অমৃত দাস দুয়ো পলাতক হৈ আছিল। তদন্তৰ স্বাৰ্থত ৰাজু দাসৰ পিতৃক আৰক্ষীয়ে আটক কৰাৰ পিছতে দুই অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে অনলাইন জুৱাত হাৰি ভাৰাক্ৰান্ত হৈ পৰিছিল ৰাজু আৰু অমৃত। চন্দ্ৰকান্ত ভূঞাৰ পৰাও ধন ধাৰে লৈছিল দুই অভিযুক্তই। ধন দিব নোৱাৰি চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ডকাইতিৰ পৰিকল্পনা কৰিছিল দুই অভিযুক্তই। এলিজা ভূঞাক পাকঘৰত, শোৱনি কোঠাত নিহাৰিকা ভূঞাক হ*ত্যা কৰিছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এই হ*ত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ কিছুসময় পূৰ্বে ৰাজু আৰু অমৃতক চন্দ্ৰকান্ত ভূঞাৰ ঘৰৰপৰা চিৰিৰে নামি অহা দেখিছিল চন্দ্ৰকান্তৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এগৰাকী মহিলাই। অৱশ্যে মহিলাগৰাকীয়ে ৰাজুক চিনি পোৱাৰ বিপৰীতে অমৃতক চিনি পোৱা নাছিল বুলি সদৰী কৰিছিল আৰক্ষীক।
এটা পৰিয়ালৰ তিনিজনকৈ লোকৰ এনে নৃ*শংস হ*ত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে শোক আৰু আতংকৰ সৃষ্টি কৰিছে। কিয় আৰু কি উদ্দেশ্যেৰে এই হ*ত্যাকাণ্ড সংঘটিত কৰা হৈছিল, হ*ত্যাকাণ্ডৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি, সেই সকলো দিশ এতিয়া আৰক্ষীৰ তদন্তৰ আওতাত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















