কন্যা সন্তানৰ আৰ্থিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অন্যতম জনপ্ৰিয় সঞ্চয় আঁচনি হৈছে সুকন্যা সমৃদ্ধি যোজনা। এই একাউণ্টটো ১০ বছৰৰ তলৰ কন্যা সন্তানৰ নামত খুলিব পাৰিব। অভিভাৱিকা বা আইনী অভিভাৱকে শিশুটিৰ হৈ একাউণ্ট পৰিচালনা কৰে। এই সঞ্চয় ধন ছোৱালীজনীৰ উচ্চ শিক্ষা, ভৱিষ্যতৰ প্ৰয়োজন বা বিবাহৰ দৰে গুৰুত্বপূৰ্ণ সময়ত ব্যৱহাৰ কৰিব পাৰি।
বহুতৰে এটা প্ৰশ্ন আছে, সুকন্যা সমৃদ্ধি একাউণ্ট খুলিবলৈ কন্যাক নিজাকৈ PAN Card লাগে নেকি? সাধাৰণতে সুকন্যা সমৃদ্ধি একাউণ্ট খুলিবলৈ নাবালিকা ছোৱালীৰ নিজাকৈ পেন কাৰ্ড থকাটো বাধ্যতামূলক নহয়। কাৰণ একাউণ্টটো সন্তানৰ নামত থাকিলেও অভিভাৱকে পৰিচালনা কৰে। কিন্তু কেৱাইচিৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ আৰু পেন সম্পৰ্কীয় নিয়মসমূহ সংশ্লিষ্ট বেংক বা ডাকঘৰৰ বৰ্তমানৰ নিৰ্দেশনা অনুসৰি পূৰণ কৰিব লাগিব।
একাউণ্ট খোলাৰ সময়ত সাধাৰণতে কন্যা সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ, অভিভাৱকৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ আৰু প্ৰয়োজনীয় কে ৱাই চিৰ নথি-পত্ৰ জমা দিব লাগে। বেংক বা ডাকঘৰৰ বাবে অতিৰিক্ত নথি-পত্ৰৰ প্ৰয়োজন হ’ব পাৰে। সেয়ে একাউণ্ট খোলাৰ আগতে সংশ্লিষ্ট শাখা বা ডাকঘৰত প্ৰয়োজনীয় নথি-পত্ৰৰ তালিকা পৰীক্ষা কৰাই ভাল।
সুকন্যা সমৃদ্ধি যোজনাত বছৰি নূন্যতম ২৫০ টকাৰ পৰা সৰ্বাধিক ১.৫ লাখ টকা জমা কৰিব পৰা যায়। একাউণ্ট খোলাৰ পিছত সাধাৰণতে ১৫ বছৰ পৰ্যন্ত ধন জমা কৰাৰ সুযোগ থাকে আৰু ২১ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত একাউণ্টটো মেচিউৰ হয়। এই আঁচনিৰ সুতৰ হাৰ সময়ে সময়ে চৰকাৰে নিৰ্ধাৰণ কৰে, গতিকে বৰ্তমান প্ৰযোজ্য সুতৰ হাৰ জানিবলৈ চৰকাৰী উৎস বা সংশ্লিষ্ট বেংক/ডাকঘৰৰ তথ্য পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।
এই আঁচনিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল কিছুমান চৰ্ত পূৰণ হ’লে ছোৱালীজনীৰ উচ্চ শিক্ষাৰ বাবে আংশিকভাৱে ধন উলিয়াব পৰা যায়। তদুপৰি আঁচনিৰ নিয়ম অনুসৰি ছোৱালীজনীৰ বয়স আৰু পৰিপক্কতা হোৱাৰ পিছত সঞ্চয়ৰ ধন উপলব্ধ। অৰ্থাৎ সৰুৰে পৰা নিয়মীয়াকৈ সঞ্চয় কৰি ছোৱালীজনীৰ ভৱিষ্যতৰ বাবে আৰ্থিক ভেটি গঢ়ি তোলা সম্ভৱ।
গতিকে কন্যা সন্তানৰ ভৱিষ্যত সঞ্চয়ৰ কথা ভাবিলে সুকন্যা সমৃদ্ধি যোজনা এটা গুৰুত্বপূৰ্ণ বিকল্প হ’ব পাৰে। কিন্তু ছোৱালীজনীৰ নিজাকৈ পেন কাৰ্ড নাথাকিলে একাউণ্ট খুলিব নোৱাৰিব বুলি ক’ব নোৱাৰি। পান/কেৱাইচিৰ প্ৰয়োজনীয়তাসমূহ বেংক বা ডাকঘৰৰ বৰ্তমানৰ নিয়ম অনুসৰি পৰীক্ষা কৰিব লাগিব। এজেণ্টৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ, বেংক বা ডাকঘৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি একাউণ্ট খোলাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো আটাইতকৈ নিৰাপদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















