কৰণ জোহৰৰ ৰিয়েলিটি শ্ব’ “দ্য ট্ৰেইটাৰ্ছ ছিজন ২”ৰ কুটিলতা আৰু প্ৰতাৰণাৰ মাজতে প্ৰতিযোগীসকলৰ ব্যক্তিগত কথা-বতৰাই এতিয়া শিৰোনাম দখল কৰিছে। শ্ব’টোৰ ষষ্ঠ খণ্ডত বলীউডৰ অভিনেত্ৰী মল্লিকা শ্বেৰাৱট, টিভি তাৰকা শ্বেতা তিৱাৰী আৰু ৰিয়া চক্ৰৱৰ্তীয়ে ব্যক্তিগত সম্পৰ্ক আৰু পুৰুষসকলৰ বিষয়ে আলোচনা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

শ্বোটোৰ বিলিয়ার্ডছ ৰুমত আজৰি মুহূর্তত মল্লিকা শ্বেৰাৱাটে দুবাৰকৈ বৈবাহিক বিচ্ছেদ হোৱা শ্বেতা তিৱাৰীক এক অনন্য উপদেশ আগবঢ়ায়। মল্লিকাই শ্বেতাক কয় যে, “মই তোমাক প্ৰতিশ্ৰুতি দিছিলো যে মই তোমাক এজন ধুনীয়া ইউৰোপীয়ন ল’ৰাৰ লগত চেট আপ কৰি দিম যিয়ে তোমাক সঁচাকৈয়ে সন্মান কৰিব আৰু তোমাক সন্মানেৰে ব্যৱহাৰ কৰিব।”

মল্লিকাৰ এই কথা শুনি ৰিয়া চক্ৰৱৰ্তীয়ে হাঁহি হাঁহি মল্লিকাক সোধে, “ডেটিঙৰ ক্ষেত্ৰত ইউৰোপীয়ন পুৰুষসকল সঁচাকৈয়ে ভাৰতীয় পুৰুষতকৈ ভাল নেকি?” বিপৰীতে মল্লিকাৰ পৰা এই কথা শুনি শ্বেতাই ধেমালিতে ক’য়, “তুমি মোৰ পিছেতে কিয় লাগি আছা?”মন কৰিবলগীয়া যে শ্ব’টোৰ প্ৰথম খণ্ডত শ্বেতা তিৱাৰীয়ে প্ৰকাশ কৰিছিল যে তেওঁৰ দুয়োজন স্বামীয়ে তেওঁক প্ৰতাৰণা কৰা ধৰিছিল। শ্বেতাক বিদেশী জীৱন সংগী বিচাৰিবলৈ মল্লিকাই দিয়া পৰামৰ্শ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

কৰণ জোহৰৰ এই অনুষ্ঠানত বহু বিশিষ্ট মুখ দেখা গৈছে। ইতিমধ্যে শ্বটোৰ পৰা কেইবাগৰাকীও প্ৰতিযোগী বাহিৰ হৈছে। মুনাৱাৰ ফাৰুকী, অভিষেক মালহান, ৰণবীৰ ব্ৰাৰ, পাৰুল গুলাতি, আদিত্য কুলশ্ৰেষ্ঠ (কুল্লু), কৰণ সিং মেজিক, আৰু হৰমন সিংহা আদি সকলো বাহিৰ হৈছে। জ্যেষ্ঠ অভিনেতা দিলীপ তাহিলকো প্ৰথমে বাহিৰ কৰা হৈছিল যদিও পিছলৈ ৱাইল্ডকাৰ্ড হিচাপে পুনৰ শ্বটোলৈ ঘূৰি আহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















