• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

2 hours ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

15 minutes ago
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

50 minutes ago
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

2 hours ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

3 hours ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

3 hours ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

4 hours ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

4 hours ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

5 hours ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

6 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

7 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

15 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

২০২৪ত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ

editor by editor
August 22, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা
0
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি চলচ্চিত্ৰত নৃত্য কৰাটো সাধাৰণ কথা। কিন্তু কিছুমান অভিনেতাই নিজৰ নৃত্যশৈলীৰে দৰ্শকৰ মনত বিশেষ স্থান দখল কৰি থৈছে। তেনে এগৰাকী অভিনেতা হৈছে দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰ চিৰঞ্জীৱী। চিৰঞ্জীৱীৰ আজি জন্মদিন। ১৯৫৫চনৰ ২২ আগষ্টৰ দিনটোতে তেওঁ জন্মলাভ কৰিছিল। অভিনয়ৰ লগতে চিৰঞ্জীৱীৰ নৃত্যও দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়। চিৰঞ্জীৱীৰ নৃত্যৰ বিশেষত্ব হৈছে তেওঁৰ দ্ৰুত খোজ, শক্তিশালী প্ৰদৰ্শন আৰু নিজস্ব ষ্টাইল। তেওঁ দাবী কৰা মতে, দীঘলীয়া চলচ্চিত্ৰ জীৱনত তেওঁ ২৪,০০০ৰো অধিক নৃত্যৰ খোজ আয়ত্ত কৰিছে। এই নৃত্য দক্ষতাৰ বাবেই তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছতো স্থান লাভ কৰিছে।

১৯৭৮ চনৰ পৰা আৰম্ভ হৈছিল যাত্ৰা

চিৰঞ্জীৱীয়ে ১৯৭৮ চনত ‘প্ৰণম খাৰেডু’ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত তেওঁ ইখনৰ পিছত সিখন সফল ছবিত অভিনয় কৰি নিজৰ বিশেষ পৰিচয় গঢ়ি তোলে। অভিনয়ৰ লগতে বিভিন্ন ছবিৰ গীতত কৰা তেওঁৰ নৃত্যও দৰ্শকৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। বছৰ বছৰ ধৰি তেওঁ অসংখ্য গীতত নৃত্য কৰিছে। তেওঁৰ নৃত্যৰ ভংগী আৰু শক্তিশালী পৰিৱেশনে তেওঁক আন অভিনেতাসকলৰ পৰা পৃথক কৰি তুলিছে। সেইবাবেই ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ নৃত্যশিল্পী অভিনেতাসকলৰ কথা ওলালেই চিৰঞ্জীৱীৰ নাম প্ৰায়ে উল্লেখ কৰা হয়।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ

চিৰঞ্জীৱীৰ নৃত্য দক্ষতাৰ স্বীকৃতি হিচাপে তেওঁ ২০২৪ চনৰ ২২ আগষ্টত আৰ্থাৎ আজিৰ দিনটোতে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰে। এই সন্মান লাভ কৰাৰ পিছত অভিনেতাগৰাকীয়ে ইয়াক তেওঁৰ জীৱনৰ অন্যতম স্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰে। চিৰঞ্জীৱীয়ে কৈছিল যে তেওঁ কেতিয়াও গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে বিশেষভাৱে চেষ্টা কৰা নাছিল। কিন্তু নৃত্যৰ জৰিয়তে এই সন্মান লাভ কৰাটো তেওঁৰ বাবে অত্যন্ত আনন্দ আৰু গৌৰৱৰ বিষয়। তেওঁৰ মতে, নৃত্যই কেৱল দৰ্শকৰ মৰম লাভ কৰাতেই নহয়, তেওঁৰ কেৰিয়াৰত বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰাতো সহায় কৰিছে।

আমীৰ খানেও কৰিছিল প্ৰশংসা

চিৰঞ্জীৱীক এই বিশেষ সন্মান প্ৰদান কৰাৰ সময়ত বলীউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খানেও তেওঁৰ নৃত্য দক্ষতাৰ প্ৰশংসা কৰে। আমীৰ খানৰ মতে, চিৰঞ্জীৱীয়ে যেতিয়া নৃত্য কৰে, তেতিয়া তেওঁ সম্পূৰ্ণ শক্তি আৰু মনোযোগেৰে পৰিৱেশন কৰে। আমীৰ খানে লগতে কয় যে চিৰঞ্জীৱীৰ অনুৰাগীসকলৰ মাজত উপস্থিত থাকিব পৰাটো তেওঁৰ বাবেও আনন্দ আৰু সন্মানৰ বিষয়। তেওঁ নিজেও চিৰঞ্জীৱীৰ এগৰাকী ডাঙৰ অনুৰাগী বুলি উল্লেখ কৰে।

সফল চলচ্চিত্ৰ জীৱন

১৯৭৮ চনৰ পৰা আৰম্ভ হোৱা চিৰঞ্জীৱীৰ চলচ্চিত্ৰ যাত্ৰা বহু দশক ধৰি অব্যাহত আছে। তেওঁৰ কেৰিয়াৰত বহু স্মৰণীয় ছবি আছে। ১৯৮৩ চনত মুক্তি পোৱা ‘খাইদি’ ছবিখনে তেওঁৰ কেৰিয়াৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। এই ছবিৰ পিছতে তেওঁ কেৱল দক্ষিণ ভাৰতীয় চলচ্চিত্ৰতে নহয় ভাৰতীয় চলচ্চিত্ৰ উদ্যোগটোৰ অন্যতম জনপ্ৰিয় তাৰকা হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ১৯৯০ চনত মুক্তি পোৱা ‘কোদামা ছিমহাম’ ছবিখনো তেওঁৰ কেৰিয়াৰৰ উল্লেখযোগ্য ছবি। চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। অভিনয়, নৃত্য আৰু দীৰ্ঘদিনীয়া চলচ্চিত্ৰ কেৰিয়াৰৰ জৰিয়তে চিৰঞ্জীৱীয়ে ভাৰতীয় চিনেমাত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। আজিও তেওঁৰ নৃত্যশৈলী আৰু পৰ্দাত থকা শক্তিশালী উপস্থিতিয়ে অসংখ্য অনুৰাগীক আকৰ্ষিত কৰি আহিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24BollywoodChiranjeevi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?
জীৱনশৈলী

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

August 22, 2026
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ
জীৱনশৈলী

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

August 22, 2026
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?
জীৱনশৈলী

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

August 22, 2026
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড
বিনোদন

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

August 22, 2026
Next Post
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.