মহিলাসকলৰ শৰীৰত মাহেকীয়াৰ চক্ৰৰ সৈতে হৰম’নৰ পৰিৱৰ্তন ঘটাটো স্বাভাৱিক। এই পৰিৱৰ্তনৰ ফলত মাহেকীয়াৰ কেইদিনমান পূৰ্বে বগা স্ৰাৱ হয়। সাধাৰণতে ইয়াক vaginal discharge বুলি কোৱা হয়। কিন্তু স্ৰাৱৰ পৰিমাণ হঠাতে অত্যাধিক বৃদ্ধি পালে বা ইয়াৰ সৈতে আন কিছুমান লক্ষণ দেখা দিলে বিষয়টো গুৰুত্বসহকাৰে লোৱা উচিত।
মাহেকীয়াৰ পূৰ্বে বগাস্ৰাৱ কিয় বৃদ্ধি পায়?
মাহেকীয়াৰ চক্ৰত ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰন আদি হৰম’নৰ মাত্ৰা সলনি হৈ থাকে। ইয়াৰ প্ৰভাৱত যোনিৰ স্বাভাৱিক স্ৰাৱৰ পৰিমাণ আৰু ঘনত্বও সলনি হ’ব পাৰে। বিশেষকৈ মাহেকীয়াৰ পূৰ্বে কিছুমান মহিলাৰ বগা, পাতল বা অলপ ঘন স্ৰাৱ অধিক পৰিমাণে ওলাব পাৰে।
এই স্ৰাৱ গুপ্তাংগত স্বাভাৱিক আৰ্দ্ৰতা বজাই ৰখা আৰু সংক্রমণৰ পৰা সুৰক্ষাত সহায় কৰে। সেয়ে কেৱল বগাস্ৰাৱ হোৱা মানেই কোনো ৰোগ হৈছে বুলি ধৰি ল’ব নালাগে।
কোনটো বগাস্ৰাৱ স্বাভাৱিক?
সাধাৰণতে স্বাভাৱিক বগাস্ৰাৱৰ ৰং স্বচ্ছ। যদি ইয়াৰ বিশেষ দুৰ্গন্ধ নাথাকে আৰু খজুৱতি, জ্বলা-পোৰা বা বিষ নহয়, তেন্তে চিন্তাৰ কাৰণ নাই।
মাহেকীয়াৰ আগ-পিছত স্ৰাৱৰ পৰিমাণ বা ঘনত্ব কিছু পৰিমাণে সলনি হোৱাটোও স্বাভাৱিক হ’ব পাৰে।
কেতিয়া সাৱধান হোৱা উচিত?
যদি বগাস্ৰাৱৰ সৈতে তলত দিয়া লক্ষণসমূহ থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল—
- স্ৰাৱৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা
- স্ৰাৱৰ পৰা তীব্ৰ বা অস্বাভাৱিক দুৰ্গন্ধ ওলোৱা
- হালধীয়া, সেউজীয়া বা ধূসৰ ৰঙৰ স্ৰাৱ হোৱা
- গুপ্তাংগত অত্যাধিক খজুৱতি বা জ্বলা-পোৰা হোৱা
- প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হোৱা
- তলপেটত বিষ বা অস্বস্তি হোৱা
- যৌন সম্পৰ্কৰ সময়ত বিষ হোৱা
- স্ৰাৱৰ সৈতে তেজ ওলোৱা
এইবোৰৰ কিছুমান লক্ষণ যোনিৰ সংক্রমণ বা আন স্ত্ৰীৰোগৰ সৈতে জড়িত হ’ব পাৰে। সঠিক কাৰণ জানিবলৈ চিকিৎসকৰ পৰীক্ষাৰ প্ৰয়োজন হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















