বলীউডৰ পৰিচালক কুকু কোহলীৰ আকস্মিক মৃত্যুত ভাগি পৰিছে অভিনেত্ৰী পত্নী অৰুণা ইৰাণী। স্বামীৰ মৃত্যুৰ পিছত পুনৰ চৰ্চালৈ আহিছে অৰুণা আৰু তেওঁৰ প্ৰেম কাহিনী যিটো এসময়ত আটাইতকৈ বেছি চৰ্চিত কাহিনী আছিল। দুয়োৰে প্ৰথম লগ হৈছিল এখন চিনেমাৰ শ্বুটিঙত । এটা সাক্ষাৎকাৰত অৰুনাই কয় যে প্ৰথম অৱস্থাত দুয়োৰে মাজত ভাল নালাগিছিল যদিও লাহে লাহে প্ৰেমত পৰিবলৈ ধৰে।
যেতিয়া অৰুণা আৰু কুকুৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল, তেতিয়া কুকুই বিয়া পাতিছিল। তেওঁৰ দুগৰাকী কন্যাও আছিল। বিবাহিত হোৱাৰ উপৰিও দুটা সন্তান থকাৰ পিছতো প্ৰেমত পৰে তেওঁ। ১৯৯০ চনত গোপনে বিবাহপাশত আবদ্ধ হয় অৰুণা ইৰাণীয়ে, কিন্তু প্ৰথম স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱাভাৱে কথা পাতিবলৈ আৰম্ভ কৰে।
অৰুনাই কয় যে কুকুৰ বাহিৰে আন কাৰোবাক সৈতে বিয়া হব’লৈ বহুত চেষ্টা কৰিছিল যাতে পৰিয়ালৰ সৈতে সুখেৰে থাকিব পাৰে, কিন্তু কুকুৱে অনুমতি নিদিলে। বাৰে বাৰে কষ্ট কৰিও প্ৰেমৰ পৰা আঁতৰিব নোৱাৰিলে।
কুকু আৰু অৰুনাই ইজনে সিজনক ইমান ভাল পাইছিল, কিন্তু সন্তান কিয় নহ’ল? এই প্ৰশ্নটো সোধাত অৰুণায়ে কয়, “মোৰ দেউতাই দুবাৰ বিয়া হৈছিল। মই তেওঁৰ দ্বিতীয় পত্নীৰ কন্যা। তেওঁৰ প্ৰথম বিয়াত কোনো সন্তান নাছিল, সেয়েহে তেওঁ মোৰ মাক বিয়া কৰাইছিল। মই জন্ম লৈছিলো। কিন্তু আমি তেওঁক কাৰো সন্মুখত ‘দেউতা’ বুলি ক’ব পৰা নাছিলো। কেতিয়াবা আমি ল’ৰা-ছোৱালীবোৰে তেওঁক ‘দেউতা’ বুলি মাতিছিলোঁ আৰু মায়ে খং কৰিছিল। মোৰ ভাল নালাগিছিল।”
মোৰ ল’ৰা-ছোৱালীবোৰে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাটো মই নিবিচাৰো। নীনা গুপ্তাৰ দৰে সাহস মোৰ নাই। মই সন্তান নোহোৱাকৈ জীয়াই থাকিব পাৰিলোহেঁতেন, কিন্তু মই নিবিচাৰিছিলো যে মোৰ সন্তানে দেউতাকৰ মৰমৰ বাবে হাহাকাৰ কৰক, দুখ-কষ্ট সহ্য কৰক। মইও বিচাৰিছিলো মোৰ সন্তানে কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন নহওক।
বলীউডৰ বহু ছবিত মাতৃৰ চৰিত্ৰত অভিনয় কৰা অৰুনাই লগতে কয়, “মই ভাবিছিলো যে মোৰ স্বামী বিয়া হৈ থিতাপি লৈছে। যদি মোৰ সন্তান হ’লহেঁতেন আৰু তেওঁলোকে দেউতাকৰ বিষয়ে সুধিলেহেঁতেন তেন্তে মই কি উত্তৰ দিলোঁহেঁতেন? আমিও কাজিয়া কৰো। যদি মোৰ ল’ৰাই দেউতাকক ভাল পায় আৰু তেওঁ ঘৰত নাথাকে, তেন্তে এনে সম্পৰ্কৰ কি লাভ? মই সন্তানহীন হৈ সুখী।”
এটা সাক্ষাৎকাৰত অৰুণায়ে কয়, “মোৰ সন্তান হ’লে মই ঘৰতে থাকিলোহেঁতেন।কাৰণ মই মোৰ সন্তানক ডাঙৰ-দীঘল কৰিবলৈ মানুহ নিবিচাৰো।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















