• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

2 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

7 minutes ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

25 minutes ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

1 hour ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

2 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

3 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

3 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

4 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

5 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

19 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

19 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

20 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

হতবাক চিকিৎক, হতবাক পৰিয়াল

editor by editor
September 3, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ কৰাচীত সংঘটিত হৈছে এক অস্বাভাৱিক ঘটনা। এগৰাকী মহিলাই নিজকে ৯ মাহৰ গৰ্ভৱতী বুলি দাবী কৰি ২৭ আগষ্টত নাজিমাবাদৰ হামদৰ্দ হাস্পতালত সন্তান প্ৰসৱৰ বাবে উপস্থিত হৈছিল। পৰিয়ালৰ হাতত থকা আল্ট্ৰাছাউণ্ড ৰিপ’ৰ্টতো ৩৮ সপ্তাহৰ গৰ্ভাৱস্থাৰ কথা উল্লেখ আছিল। চিকিৎসালয়ত পৰীক্ষা কৰাৰ পিছত মহিলাগৰাকীৰ চি-চেকচন কৰাৰ সিদ্ধান্ত লোৱা হয়। কিন্তু অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকে আচৰিত হৈ দেখে যে মহিলাগৰাকীৰ গৰ্ভত কোনো সন্তানেই নাই। ইয়াৰ পিছতে চিকিৎসালয়ত হুলস্থুলৰ সৃষ্টি হয় আৰু পৰিয়ালে চিকিৎসালয়খনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, মহিলাগৰাকীৰ বিৱাহৰ প্ৰায় তিনি বছৰ হৈছিল যদিও সন্তান নাছিল। সন্তান জন্ম দিয়াৰ বাবে পৰিয়াল আৰু সমাজৰ পৰা অহা হেঁচাৰ বাবেই তেওঁ গৰ্ভৱতী হোৱা বুলি মিছাকৈ কৈছিল। আনকি গৰ্ভধাৰণ নিশ্চিত কৰা বুলি দাবী কৰা আল্ট্ৰাছাউণ্ড ৰিপ’ৰ্টো ভুৱা হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পিছত চৰকাৰী চিকিৎসালয় আৰু আগা খান হাস্পতালত কৰা পৰীক্ষাৰ জৰিয়তে মহিলাগৰাকী কেতিয়াও গৰ্ভৱতী হোৱা নাছিল বুলি নিশ্চিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশেষত মহিলাগৰাকীয়েও আৰক্ষীৰ আগত ভুৱা গৰ্ভধাৰণৰ কথা স্বীকাৰ কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে।

ইফালে, হামদৰ্দ হাস্পতালৰ স্ত্ৰীৰোগ বিভাগৰ মুৰব্বী ডাঃ অঞ্জুম আৰা হাছানে কয় যে মহিলাগৰাকীয়ে আল্ট্ৰাছাউণ্ডৰ ৰিপ’ৰ্ট দেখুৱাইছিল আৰু চিকিৎসা পৰীক্ষাৰ লগতে CTG কৰাৰ পিছত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হৈছিল। চিকিৎসালয়খনৰ মতে, তেওঁলোকে পূৰ্বে দাখিল কৰা ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰিয়েই চিকিৎসা আগবঢ়াইছিল। ঘটনাটোৱে অৱশ্যে চিকিৎসালয়খনৰ ওপৰতো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে—চি-চেকচনৰ পূৰ্বে গৰ্ভধাৰণ আৰু গৰ্ভত শিশুৰ উপস্থিতি চিকিৎসালয়খনে স্বতন্ত্ৰভাৱে নিশ্চিত কৰিছিল নে নাই?

চিকিৎসা বিশেষজ্ঞসকলৰ মতে, চি-চেকচনৰ দৰে অস্ত্ৰোপচাৰৰ পূৰ্বে ৰোগীৰ শাৰীৰিক পৰীক্ষা, চিকিৎসাৰ ইতিহাস, প্ৰয়োজনীয় ৰক্ত পৰীক্ষা, আল্ট্ৰাছাউণ্ড আৰু শিশুৰ হৃদস্পন্দন আদি পৰীক্ষা কৰি গৰ্ভাৱস্থা নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান আৰক্ষীয়ে হামদৰ্দ হাস্পতালৰ নথি-পত্ৰ আৰু কৰ্মচাৰীসকলৰ বক্তব্য সংগ্ৰহ কৰিছে। সমগ্ৰ তদন্তৰ প্ৰতিবেদন সিন্ধ স্বাস্থ্যসেৱা আয়োগক দাখিল কৰা হ’ব আৰু চিকিৎসালয়খনৰ কোনো গাফিলতি হৈছিল নেকি, সেই সিদ্ধান্ত সংশ্লিষ্ট কৰ্তৃপক্ষই ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Pregnant Pak Woman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি
অসম

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

September 3, 2026
Next Post
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.