• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

1 month ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

32 minutes ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

1 hour ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

2 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

4 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

4 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

4 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

5 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

5 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

7 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

8 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

ৰাঘৱ চাড্ডাই হেৰুৱাব নেকি ৰাজ্যসভাৰ পদ?

editor by editor
September 3, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঞ্জাবত চলি থকা SIRৰ পিছত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ নাম কৰ্তন কৰাক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। ভোটাৰ তালিকাত তেওঁৰ নাম ASDD—Absent, Shifted, Deceased and Duplicate শিতানৰ অন্তৰ্গত কৰা হৈছে। অৰ্থাৎ তেওঁক স্থানান্তৰিত হোৱা ভোটাৰ হিচাপে চিহ্নিত কৰা হৈছে।

ৰাঘৱ চাড্ডাই এই ঘটনাক ৰাজনৈতিক প্ৰতিশোধ বুলি অভিযোগ কৰিছে। তেওঁৰ মতে, তেওঁৰ ভোটাৰ পৰিচয় পত্ৰ মোহালিত পঞ্জীয়ন হৈ আছে আৰু তেওঁ পাঞ্জাবৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ। বিশেষকৈ ২০২৬ চনৰ এপ্ৰিলত আম আদমি পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে এই ঘটনা ঘটাত তেওঁৰ অভিযোগক লৈ চৰ্চা বৃদ্ধি পাইছে। তেওঁৰ সৈতে আপৰ আন ছয়জন ৰাজ্যসভাৰ সাংসদেও বিজেপিত যোগদান কৰিছিল। অৱশ্যে আপে চাড্ডাৰ অভিযোগ অস্বীকাৰ কৰিছে। দলটোৰ মতে, SIR হৈছে নিৰ্বাচন আয়োগৰ প্ৰক্ৰিয়া আৰু ইয়াত ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাই। ইফালে আপে আন এটা অভিযোগো উত্থাপন কৰিছে। দলটোৰ দাবী অনুসৰি, দিল্লীৰ ভোটাৰ তালিকাত ৰাঘৱ চাড্ডাৰ নাম পুৰণি তাৰিখ দেখুৱাই সংযোজন কৰাৰ চেষ্টা চলিছিল। বিষয়টো নিৰ্বাচন আয়োগৰ সন্মুখত উত্থাপন কৰাৰ পিছতে সেই প্ৰক্ৰিয়া বন্ধ কৰা হয় বুলি আপে দাবী কৰিছে।

SIRৰ সময়ত পাঞ্জাবৰ খচৰা ভোটাৰ তালিকাৰ পৰা প্ৰায় ২০.৬৬ লাখ ভোটাৰৰ নাম বাদ পৰিছে। এই সংখ্যা SIR আৰম্ভ হোৱাৰ আগৰ মুঠ ভোটাৰৰ প্ৰায় ৯.৭ শতাংশ। কিন্তু এই কথাটো মনত ৰখাটো অতি জৰুৰী যে এতিয়া প্ৰকাশ কৰা তালিকাখন চূড়ান্ত ভোটাৰ তালিকা নহয়, খচৰা তালিকাহে। যিসকলৰ নাম খচৰা তালিকাত নাই, তেওঁলোকে নিজৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী আৰু আপত্তি দাখিল কৰিব পাৰে। পাঞ্জাবত এই প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ ১২ ছেপ্টেম্বৰ ২০২৬। ইয়াৰ পিছত অক্টোবৰ মাহত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ কথা আছে।

SIRৰ পৰা নাম কৰ্তন হোৱাৰ পিছতে ৰাঘৱ চাড্ডাৰ ৰাজ্যসভাৰ পদ খাৰিজ হ’ব নেকি? বুলি উত্থাপন হৈছে প্ৰশ্ন। এই ক্ষেত্ৰত ৰাঘৱ চাড্ডাৰ কোনো চিন্তাৰ কাৰণ নাই। সাধাৰণতে কোনো সাংসদৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিলে তেওঁৰ সাংসদ পদো যাব বুলি ধাৰণা হ’ব পাৰে। কিন্তু ৰাজ্যসভাৰ ক্ষেত্ৰত আইনখন অলপ বেলেগ। জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ৩ অনুসৰি ৰাজ্যসভাৰ সদস্য হ’বলৈ এজন ব্যক্তিৰ নাম ভাৰতৰ যিকোনো সংসদীয় সমষ্টিৰ ভোটাৰ তালিকাত থাকিলেই হয়। ২০০৩ চনৰ সংশোধনীৰ পিছত ৰাজ্যসভাৰ সাংসদ হোৱা ৰাজ্যখনৰ ভোটাৰ হোৱাটো বাধ্যতামূলক নহয়। সেয়ে পাঞ্জাবৰ ভোটাৰ তালিকাৰ পৰা চাড্ডাৰ নাম আঁতৰিলেও, যদি তেওঁৰ নাম দিল্লী বা ভাৰতৰ আন কোনো সংসদীয় সমষ্টিৰ ভোটাৰ তালিকাত বৈধভাৱে থাকে, তেন্তে কেৱল পাঞ্জাবৰ তালিকাৰ পৰা নাম বাদ পৰাৰ বাবে তেওঁৰ ৰাজ্যসভাৰ সদস্যপদ শেষ নহয়।

ভাৰতীয় সংবিধানৰ ১০২ নং অনুচ্ছেদত সংসদৰ সদস্যক অযোগ্য ঘোষণা কৰাৰ বিভিন্ন ভিত্তি উল্লেখ কৰা হৈছে। যেনে— চৰকাৰৰ অধীনত অযোগ্য লাভৰ পদত অধিষ্ঠিত হোৱা, উপযুক্ত আদালতে মানসিকভাৱে অযোগ্য ঘোষণা কৰা, দেউলীয়া হোৱা, বিদেশী নাগৰিকত্ব গ্ৰহণ কৰা, সংসদে প্ৰণয়ন কৰা কোনো আইনৰ অধীনত অযোগ্য হোৱা। ইয়াৰ উপৰি দলত্যাগ বিৰোধী আইন অৰ্থাৎ সংবিধানৰ দশম অনুসূচীৰ অধীনতো কোনো সাংসদ অযোগ্য হ’ব পাৰে। আনহাতে, কোনো সাংসদে সদনৰ অনুমতি অবিহনে একেৰাহে ৬০ দিন সদনৰ বৈঠকত উপস্থিত নাথাকিলে সংশ্লিষ্ট সদনে তেওঁৰ আসন খালী ঘোষণা কৰিব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Raghav Chadha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
Next Post
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ'ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.