ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ বিগত কিছুদিন ধৰি চৰ্চা চলি আহিছে। এদিনীয়া দলৰ পৰা ৰোহিত বাদ পৰিব নেকি, তেওঁ অৱসৰ লোৱাৰ কথা ভাবিছে নেকি অথবা বাছনি সমিতিয়ে তেওঁৰ ভৱিষ্যত সন্দৰ্ভত কঠোৰ সিদ্ধান্ত ল’ব নেকি—এই সকলোবোৰ প্ৰশ্নই ক্ৰিকেট অনুৰাগীৰ মাজত কৌতূহল সৃষ্টি কৰিছিল। এই পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে, ৩ ছেপ্টেম্বৰত মুম্বাইস্থিত BCCIৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকখনত ৰোহিত শৰ্মাৰ ভৱিষ্যতো অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে আলোচনা কৰা হয়। অৱশেষত বৈঠকৰ পিছত BCCIৰ ফালৰ পৰা পোৱা ইংগিতে ৰোহিত অনুৰাগীক কিছু সকাহ দিছে।
বৈঠকৰ অন্তত BCCIৰ সচিব দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত ৰোহিত শৰ্মাৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে। তেওঁ স্পষ্টকৈ কয় যে বৰ্তমান ৰোহিতৰ স্থানক লৈ কোনো বিশেষ ভাবুকি দেখা দিয়া নাই। ৰোহিতৰ শেহতীয়া প্ৰদৰ্শনৰ কথা উল্লেখ কৰি দেৱজিৎ শইকীয়াই কয় যে-ৰোহিতে বৰ্তমানো শক্তিশালী বেটিং কৰি আছে। বিশেষকৈ লৰ্ডছত অনুষ্ঠিত এদিনীয়া মেচখনত ৰোহিতে কৰা শতকক তেওঁ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। শইকীয়াৰ বক্তব্য আছিল, ৰোহিতে যদি ভাল বেটিং কৰি আছে আৰু শেহতীয়া মেচত শতকো অৰ্জন কৰিছে, তেন্তে তেওঁৰ পৰা আৰু কি বিচৰা হ’ব পাৰে?
৩ ছেপ্টেম্বৰৰ এই বৈঠকখন সাধাৰণ বৈঠক নাছিল। বি চি চি আইৰ শীৰ্ষ বিষয়াসকলৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তি বৈঠকখনত উপস্থিত আছিল। বৈঠকত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক শুবমান গিল, টি-২০ দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ, চেণ্টাৰ অব এক্সেলেন্সৰ মুৰব্বী ভি ভি এছ লক্ষ্মণ আৰু বাছনি সমিতিৰ সদস্যসকল উপস্থিত আছিল। অৱশ্যে ব্যক্তিগত কাৰণত মুখ্য নিৰ্বাচক অজিত আগৰকাৰ বৈঠকখনত উপস্থিত থাকিব নোৱাৰিলে।
বৈঠকত কেৱল ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ আলোচনা হোৱা নাছিল। টিম ইণ্ডিয়াৰ শেহতীয়া প্ৰদৰ্শন, খেলুৱৈসকলৰ আঘাত, দলৰ আগন্তুক পৰিকল্পনা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ মাজতে ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ ভৱিষ্যতক লৈও আলোচনা হোৱা বুলি জানিব পৰা যায়। ৰোহিত শৰ্মাক লৈ দীৰ্ঘদিন ধৰি অৱসৰৰ চৰ্চা চলি আছে। কিন্তু বৰ্তমানলৈকে তেওঁৰ অৱসৰক লৈ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। ইফালে বি চি চি আইৰ সচিবগৰাকীৰ বক্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে বৰ্তমান ৰোহিতক এদিনীয়া দলৰ পৰা আঁতৰোৱাৰ কোনো তাৎক্ষণিক সিদ্ধান্ত লোৱা হোৱা নাই। তেওঁৰ বেটিং প্ৰদৰ্শন সন্তোষজনক হৈ থকাৰ বাবেই দলত তেওঁৰ গুৰুত্ব এতিয়াও আছে।
সেয়েহে বৰ্তমানৰ পৰিস্থিতিত ‘হিটমেন’ ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব নেকি বা তেওঁ দলৰ পৰা বাদ পৰিব নেকি—এই প্ৰশ্নৰ উত্তৰ হ’ল, এই মুহূৰ্তত তেনে কোনো সিদ্ধান্তৰ ইংগিত বি চি চি আইৰ ফালৰ পৰা পোৱা হোৱা নাই। ৰোহিতৰ বেটিং প্ৰদৰ্শন ভাল হৈ থাকিলে আগন্তুক সময়তো তেওঁ ভাৰতীয় এদিনীয়া দলৰ গুৰুত্বপূৰ্ণ সদস্য হৈ থকাৰ সম্ভাৱনাই অধিক। অৱশ্যে ২০২৭ ODI বিশ্বকাপলৈ মাত্ৰ কেইখনমানহে এদিনীয়া আন্তঃৰাষ্ট্ৰী মেচৰ সূচী থকা অনুসৰি ৰোহিত শৰ্মাৰ অনুৰাগীসকলৰ বাবে এয়াই দুখ লগা কথা যে ৰোহিত শৰ্মাক মাত্ৰ কেইবাৰমানৰ বাবেহে অনুৰাগীয়ে টীম ইণ্ডিয়াৰ জাৰ্ছীত দেখিবলৈ পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















