প্ৰখ্যাত আধ্যাত্মিক সন্ত নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ‘হনুমান অংশ’ই বক্স অফিচত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে। সাধাৰণতে এখন ছবিৰ উপাৰ্জন মুক্তিৰ কেইসপ্তাহমানৰ পিছত কমিবলৈ ধৰে। কিন্তু এই ছবিখনৰ ক্ষেত্ৰত যেন তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে। বিশাল চতুৰ্বেদীৰ পৰিচালনাত আৰু শোভিনৱ সত্যৰ অভিনীত ‘হনুমান অংশ’ ছবিখনে মুক্তিৰ ২৯ দিনৰ পিছতো দৰ্শকৰ মাজত আকৰ্ষণ ধৰি ৰাখিবলৈ সক্ষম হৈছে। প্ৰথম দিনা মাত্ৰ প্ৰায় ১০ লাখ টকাৰ উপাৰ্জনেৰে যাত্ৰা আৰম্ভ কৰা ছবিখনে এতিয়া কোটি কোটি টকাৰ ব্যৱসায় কৰিছে। ছবিখনৰ এই অভাৱনীয় উত্থানক লৈ চলচ্চিত্ৰ উদ্যোগতো চৰ্চা চলিছে।

নিম কৰোলি বাবাৰ জীৱনৰ কাহিনী
‘হনুমান অংশ’ত নিম কৰোলি বাবাৰ প্ৰাৰম্ভিক জীৱনৰ কাহিনী দেখুওৱা হৈছে। পৰৱৰ্তী সময়ত আধ্যাত্মিক জগতত নিম কৰোলি বাবা নামেৰে পৰিচিত হোৱা তেওঁ সেই সময়ত লক্ষ্মণ দাস নামেৰে পৰিচিত আছিল। শৈশৱতে মাতৃক হেৰুৱাৰ পিছত তেওঁৰ মনত জীৱন, মৃত্যু আৰু ঈশ্বৰক লৈ বহু প্ৰশ্নৰ জন্ম হয়। এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি তেওঁ এদিন ঘৰৰ পৰা ওলাই উত্তৰ ভাৰতৰ বিভিন্ন ঠাইলৈ যাত্ৰা কৰে। এই যাত্ৰাত তেওঁ বহু সাধু-সন্ত আৰু ভক্তৰ সংস্পৰ্শলৈ আহে। ক্ৰমে তেওঁৰ মন লৌকিক জীৱনৰ পৰা আধ্যাত্মিকতাৰ দিশে আগবাঢ়ে। এই আধ্যাত্মিক যাত্ৰাৰ পৰিণতিতেই তেওঁ পৰৱৰ্তী সময়ত নিম কৰোলি বাবা হিচাপে পৰিচিত হয়। ছবিখনত মূলতঃ প্ৰেম, মমতা, সেৱা আৰু ভক্তিৰ দৰে বিষয়ক গুৰুত্ব দিয়া হৈছে।
২৯ দিনত ‘হনুমান অংশ’ৰ উপাৰ্জন কিমান?
Sacnilkৰ প্ৰতিবেদন অনুসৰি, ছবিখনে মুক্তিৰ প্ৰথম দিনা প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰিছিল। কিন্তু দিন বাগৰাৰ লগে লগে ছবিখনৰ ব্যৱসায় বৃদ্ধি পাবলৈ ধৰে। ২৯ সংখ্যক দিনটোত ছবিখনে প্ৰায় ১০ কোটি টকা উপাৰ্জন কৰাৰ তথ্য পোহৰলৈ আহিছে। এতিয়ালৈকে ছবিখনৰ ভাৰতীয় বক্স অফিচত নেট সংগ্ৰহ প্ৰায় ৮২.৮৮ কোটি টকা বুলি কোৱা হৈছে। আনহাতে, মুঠ উপাৰ্জন প্ৰায় ৯৭.৭৭ কোটি টকাত উপনীত হৈছে। অৰ্থাৎ, ছবিখন এতিয়া অতি সোনকালেই ১০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰাৰ দিশে আগবাঢ়িছে। দিল্লী-NCR অঞ্চলত ছবিখনে সৰ্বাধিক ভাল প্ৰদৰ্শন কৰিছে। ইয়াৰ পিছতে আছে মুম্বাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















