বলিউডৰ অন্যতম জনপ্ৰিয় আৰু স্মৰণীয় যুটি হৈছে সঞ্জয় দত্ত আৰু আৰ্শ্বাদ ৱাৰ্ছীৰ ‘মুন্না ভাই’ আৰু ‘চাৰ্কিট’। ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত নিৰ্মিত ‘মুন্নাভাই এম বি বি এছ’ আৰু ‘লাগে ৰহো মুন্নাভাই’ ছবিয়ে কেৱল দৰ্শকক হাঁহিবলৈ বাধ্য কৰাই নহয়, বন্ধুত্ব, ভালপোৱা, সততা আৰু মানৱীয়তাৰ এক সুন্দৰ বাৰ্তাও দিছিল। এই কাৰণেই এই যুটিটোৰ তৃতীয়খন ছবিৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছে অনুৰাগীসকলে। প্ৰথমখন ছবি মুক্তি পোৱাৰ প্ৰায় দুটা দশক পাৰ হৈ গ’ল যদিও ‘মুন্না ভাই ৩’ৰ বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট ঘোষণা হোৱা নাই। অৱশ্যে শেহতীয়াকৈ আৰ্শ্বাদ ৱাৰ্ছীৰ এটা মন্তব্যই পুনৰ ছবিখনক লৈ আশাৰ সৃষ্টি কৰিছে।

স্ক্ৰীণ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰ্শ্বাদ ৱাৰ্ছীক ‘মুন্না ভাই ৩’ সন্দৰ্ভত প্ৰশ্ন কৰা হয়। ধেমালিৰ সুৰত অভিনেতাজনে কয় যে সঞ্জয় দত্তই যেন ৰাজকুমাৰ হিৰাণীক আন এখন ‘মুন্না ভাই’ ছবি নিৰ্মাণ কৰিবলৈ বাধ্য কৰাইছে। আৰ্শ্বাদে কয়, “সঞ্জুৱে বন্দু*কৰ গু*লীৰে ৰাজুক আন এখন ছবি বনাবলৈ বাধ্য কৰাইছে।” আৰ্শ্বাদে লগতে কয় যে তেওঁ সঁচাকৈয়ে আশা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে ‘মুন্না ভাই’ ফ্ৰেঞ্চাইজিৰ তৃতীয়খন ছবিৰ কাম কৰি আছে। তেওঁৰ মতে, সকলো ঠিকেই থাকিলে অনুৰাগীসকলে পুনৰ মুন্না ভাই আৰু চাৰ্কিটক একেলগে ডাঙৰ পৰ্দাত দেখিবলৈ পাব পাৰে।
সাক্ষাৎকাৰটোত পৰিচালক ঢুলিয়াই আৰ্শ্বাদক ‘চাৰ্কিট’ চৰিত্ৰটোৰ সংলাপ আৰু অভিনয়ৰ কিমানখিনি আগতীয়াকৈ লিখা আছিল আৰু কিমানখিনি তেওঁ নিজে ইম্প্ৰভাইজ কৰিছিল, সেই বিষয়েও প্ৰশ্ন কৰে। উত্তৰত আৰ্শ্বাদে কয় যে প্ৰথমখন ‘মুন্নাভাই’ ছবিত বহু কথাই তেওঁ নিজে ইম্প্ৰভাইজ কৰিছিল। তেওঁৰ মতে, দ্বিতীয়খন ছবিৰ সময়লৈ ৰাজকুমাৰ হিৰাণীয়ে ইতিমধ্যে তেওঁৰ অভিনয়ৰ ধৰণ আৰু সংলাপ কোৱাৰ শৈলী ভালদৰে বুজি পাইছিল। আৰ্শ্বাদে কয় যে প্ৰথমখন ছবিৰ সময়ত ৰাজকুমাৰ হিৰাণীৰ সৈতে তেওঁৰ এক ধৰণৰ বুজাবুজি আছিল। তেওঁ পৰিচালকগৰাকীক কৈছিল যে ‘চাৰ্কিট’ চৰিত্ৰটো আন চৰিত্ৰতকৈ পৃথক, সেয়েহে তেওঁক কিছু মুকলিকৈ আৰু নিজৰ ধৰণেৰে অভিনয়ৰ সুযোগ দিব লাগে।

‘মুন্নাভাই এম বি বি এছ’ আৰু ‘লাগে ৰহো মুন্নাভাই’ৰ বিপুল সফলতাৰ পিছত তৃতীয়খন ছবিক লৈ অনুৰাগীৰ মাজত সদায়েই কৌতূহল আছে। ৰাজকুমাৰ হিৰাণীয়েও বিভিন্ন সময়ত কৈ আহিছে যে ফ্ৰেঞ্চাইজিটোৰ পৰৱৰ্তী কাহিনী আগৰ ছবিসমূহৰ মান আৰু উত্তৰাধিকাৰৰ সৈতে খাপ খাব লাগিব। সেইবাবেই ছবিখনৰ কাম ইমান পলম হৈ আছে। তথাপিও আৰ্ছাদ ৱাৰ্ছীৰ শেহতীয়া মন্তব্যই অনুৰাগীৰ মাজত নতুনকৈ আশাৰ সঞ্চাৰ কৰিছে। এতিয়া সকলোৰে অপেক্ষা—সঞ্জয় দত্তৰ মুন্না ভাই আৰু আৰ্শ্বাদ ৱাৰ্ছীৰ চাৰ্কিটক আকৌ এবাৰ একেলগে ডাঙৰ পৰ্দাত কেতিয়া দেখা যাব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















