দাঁত ব্ৰাছ কৰাৰ সময়ত ভুলতে টুথব্ৰাছেৰে দাঁতৰ আলুত লাগি যোৱাটো যথেষ্ট সাধাৰণ কথা। কিন্তু এই সামান্য অসাৱধানতাৰ ফলত গুৰুতৰ যন্ত্ৰণা হ’ব পাৰে। যদি দাঁতৰ আলুৰ বিষ হয় বা ঘা হয় তেন্তে খাদ্য খোৱাৰ সময়ত জ্বলা-পোৰা, বিষ বহু পৰিমাণে বৃদ্ধি পাব পাৰে। চিকিৎসকৰ ওচৰলৈ যোৱাৰ আগতে ঘৰতে এই বিষ কমোৱাৰ এই ফলপ্ৰসূ উপায় আগবঢ়োৱা হ’ল।
- এগিলাচ কুহুমীয়া পানীত আধা চামুচ নিমখ মিহলাই লওক। দিনটোত ৩-৪ বাৰ গাৰ্গল কৰিলে ঘাঁত থকা বীজাণুবোৰ মৰি যায় আৰু দাঁতৰ আঁঠুৰ ফুলা আৰু বিষ সোনকালে কমি যায়।
- সতেজ এলোভেৰা জেল উলিয়াই পোনে পোনে আক্ৰান্ত দাঁতত লগাব লাগে। এলোভেৰাৰ প্ৰাকৃতিক শীতলতা আৰু প্ৰদাহ নিবাৰণকাৰী গুণে সহায় কৰে।
- গ্ৰীণ টি বেগ এটা ঠাণ্ডা কৰি আলুৰ ঘাঁৰ ওপৰত কিছু সময় ধৰি ৰাখক। চাহপাতত থকা টেনিনে তেজ ওলোৱা বন্ধ কৰি ফুলা কমোৱাত অতি উত্তম কাম কৰে।
- অলপ কেঁচা হালধিৰ পেষ্ট বা হালধিৰ গুড়ি মৌৰ লগত মিহলাই ঘাঁত লগাব। হালধিৰ এন্টিচেপ্টিক গুণ আৰু মৌৰ এন্টিমাইক্ৰ’বিয়াল গুণে আলুৰ ঘা সোনকালে শুকুৱাই লোৱাত সহায় কৰে।
- পৰিষ্কাৰ কপাহী কাপোৰেৰে বৰফ এটুকুৰা মেৰিয়াই গালৰ বাহিৰৰ বিষ হোৱা ঠাইত ৫-১০ মিনিট হেঁচা মাৰি ধৰিব। বৰফৰ ঠাণ্ডা স্পৰ্শৰ ফলত সেই অঞ্চলত থকা ৰক্তবাহী নলীবোৰ সংকুচিত হৈ ফুলা আৰু বিষ কমি যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















