শৰীৰৰ অন্যান্য অংগৰ দৰে Private Parts-ৰ স্বাস্থ্যৰ প্ৰতিও সমান গুৰুত্ব দিয়া অত্যন্ত জৰুৰী। বহুতে লাজ, সংকোচ বা বিষয়টো গুৰুত্বপূৰ্ণ নহয় বুলি ভাবি Private Parts-ত দেখা দিয়া বিভিন্ন অস্বাভাৱিক লক্ষণ আওকাণ কৰে। কিন্তু কেতিয়াবা এই সৰু যেন লগা লক্ষণেই কোনো সংক্ৰমণ বা স্বাস্থ্যজনিত সমস্যাৰ ইংগিত দিব পাৰে। বহুতে শৰীৰৰ ব্যক্তিগত অংশৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ কথা আহিলে প্ৰায়ে আওকাণ কৰে। এই ঠাই পৰিস্কাৰ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
প্ৰায়ে দেখা যায় যে যিসকলে নিজৰ ব্যক্তিগত অংশ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি নাৰাখে, তেওঁলোকৰ বহু ধৰণৰ সংক্ৰমণ হয়। ইয়াৰ ভিতৰত আটাইতকৈ সাধাৰণ হ’ল ভেঁকুৰৰ সংক্ৰমণ, যাৰ ফলত খজুৱতি আৰু ফোঁহা ওলায়। গৰমত অত্যধিক ঘাম ওলালে এই সমস্যা হ’ব পাৰে। লেতেৰা বা মলি হ’লে বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায়।
বিশেষজ্ঞই কি কয়?
এই বিষয়ত বিশেষজ্ঞই কয়, প্ৰস্ৰাৱ কৰাৰ পিছত ব্যক্তিগত অংশ ভালদৰে পৰিস্কাৰ কৰিব লাগে। মনত ৰাখিব লাগে যে আৰ্দ্ৰতাৰ ফলত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। লগতে লেতেৰা আণ্ডাৰৱেৰেও ইয়াৰ কাৰণ হ’ব পাৰে। মনত ৰাখিব যে আপুনি প্ৰতিদিনে আণ্ডাৰৱেৰ সলনি কৰিব লাগে। সকলোৱে মনত ৰাখিব লাগে যে ব্যক্তিগত অংশত ৰাসায়নিক চাবোন ব্যৱহাৰ নকৰিব, ইয়াৰ পৰিবৰ্তে পৰিস্কাৰ ঠাণ্ডা পানী ব্যৱহাৰ কৰা উচিত। গৰম হওক বা শীত আণ্ডাৰৱেৰ ভালদৰে শুকুৱাব লাগে, তিতা আণ্ডাৰৱেৰ পিন্ধিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
ইয়াৰেপৰি, শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পিছত পুৰুষ-মহিলাই নিজৰ ব্যক্তিগত অংগ ভালদৰে ধুই তাৰ পিছত টাৱেলেৰে শুকুৱাই ল’ব লাগে। বহুতে নিজৰ সংগীৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ পিছত নিজৰ ব্যক্তিগত অংগ পৰিস্কাৰ নকৰে; তেনে ক্ষেত্ৰত বিপদ হোৱাটো প্ৰায় নিশ্চিত। মনত ৰাখিব সংক্ৰমণৰ সমস্যা থকা লোকসকলে গৰমত পানী বেছিকৈ খোৱাটো উচিত। লগতে টান কাপোৰ পিন্ধিলেও সমস্যা হ’ব পাৰে, সেয়ে গৰমত পাতল আৰু কোমল কাপোৰ পিন্ধিব।
স্পষ্টীকৰণ- (এই তথ্য সামাজিক মাধ্যমৰ লগতে বিভিন্ন উৎসৰ পৰা দিয়া হৈছে। এয়া মাত্ৰ সাধাৰণ জ্ঞানৰ বাবে। এই তথ্যৰ সৈতে Asom Live 24 ৰ কোনো সম্পৰ্ক নাই। বেছি সমস্যা হ’লে প্ৰথম চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















