জ্বৰ হ’লে গা ধুব লাগে নে নালাগে সেই সম্পৰ্কে সকলোৰে ভিন্ন মতামত আৰু অস্পষ্টতা আছে। বহুতে বিশ্বাস কৰে যে জ্বৰ থকা অৱস্থাত আমাৰ শৰীৰত পানী ঢালি দিলে আমাৰ উষ্ণতা বৃদ্ধি পাব পাৰে বা চৰ্দি ধৰাৰ ফলত ইয়াক অধিক জটিল কৰি তুলিব পাৰে।
বহুতে বিশ্বাস কৰে যে গা ধোৱাৰ ফলত শৰীৰ সতেজ হয় আৰু শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰিত হয়। শেহতীয়াকৈ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে জ্বৰ হ’লে গা ধোৱাটো সম্পূৰ্ণ নিৰাপদ আৰু শৰীৰক শিথিল কৰাত সহায় কৰে। জ্বৰ হ’লে কি নিয়ম মানি চলিব লাগে জানক-
- জ্বৰৰ সময়ত অতি ঠাণ্ডা আৰু অত্যন্ত গৰম পানী দুয়োটা পৰিহাৰ কৰিব লাগে। শৰীৰ ধুবলৈ কুহুমীয়া বা গৰম পানী ব্যৱহাৰ কৰাটো সদায় নিৰাপদ।
- কুহুমীয়া পানীত গা ধুলে শৰীৰৰ উষ্ণতা হঠাতে কমি নাযায়, বৰঞ্চ লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত সহায় কৰে আৰু পেশীৰ ক্লান্তিৰ পৰা উপশম পায়।
- বহুতে বেছি জ্বৰ হ’লে মূৰত বা শৰীৰত ঠাণ্ডা পানী লগায়, যিটো সম্পূৰ্ণ অনুচিত। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে শৰীৰৰ আভ্যন্তৰীণ উষ্ণতা সাময়িকভাৱে বৃদ্ধি কৰি কঁপি কঁপিব পাৰে।
- গা ধুবলৈ শাৰীৰিক শক্তি নাথাকিলে পৰিষ্কাৰ টাৱেল এখন কুহুমীয়া পানীত তিয়াই গোটেই শৰীৰটো ভালদৰে মচিব পাৰে (Sponge Bath)।
- গা ধোৱাৰ সময়ত কোঠাটোৰ ফেন বা এচি বন্ধ কৰি দিব লাগে যাতে ঠাণ্ডা বতাহে আপোনাৰ শৰীৰত পোনপটীয়াকৈ আঘাত নকৰে। বাথৰুমৰ পৰা ওলোৱাৰ লগে লগে টাৱেলেৰে শৰীৰটো ভালদৰে শুকুৱাই লোৱাটো জৰুৰী।
- গা ধোৱাৰ লগে লগে পৰিষ্কাৰ, আৰামদায়ক কপাহী কাপোৰ পিন্ধিব। গধুৰ কাপোৰ পিন্ধাৰ পৰা বিৰত থাকক যাতে শৰীৰৰ উত্তাপ স্বাভাৱিকভাৱে ওলাই যাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















