নিজৰ ঘৰ, বাহন, দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানক কু-দৃষ্টি আৰু নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰে। বাস্তু আৰু জ্যোতিষশাস্ত্ৰত এনে বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত অন্যতম জনপ্ৰিয় পৰম্পৰা হৈছে ঘৰৰ মূল দুৱাৰ, দোকান বা বাহনত নেমু আৰু সেউজীয়া জলকীয়া ওলোমাই ৰখা।
আপুনি নিশ্চয় বহুতো ঘৰ, দোকান আৰু বাহনৰ সন্মুখত সূতাত বান্ধি থোৱা নেমু-জলকীয়া দেখিছে। কোনোবাই ইয়াক কু-দৃষ্টি আঁতৰোৱাৰ উপায় বুলি বিশ্বাস কৰে, আনহাতে কোনোবাই ইয়াক কেৱল পুৰণি পৰম্পৰা বা অন্ধবিশ্বাস বুলি ভাবে। কিন্তু নেমু-জলকীয়া ওলোমাই ৰখাৰ আঁৰত আছে ধৰ্মীয় বিশ্বাস, লোকাচাৰ আৰু কিছুমান ব্যৱহাৰিক ধাৰণাৰ মিশ্ৰণ।
কেৱল ধৰ্মীয় বিশ্বায়েই নহয় ইয়াৰ আছে বৈজ্ঞানিক কাৰণো। নেমু আৰু জলকীয়াৰ গোন্ধ আৰু ইয়াত থকা কিছুমান প্ৰাকৃতিক যৌগৰ বাবে পোক-পৰুৱাৰ ওপৰত কিছু বিকৰ্ষক প্ৰভাৱ পৰিব পাৰে বুলি ধাৰণা কৰা হয়। বিশেষকৈ জলকীয়াত থকা কেপচাইচিন হৈছে তিতা স্বাদ আৰু জ্বলা অনুভূতিৰ বাবে দায়ী যৌগ। অৱশ্যে এটা কথা মনত ৰখা উচিত—নেমু-জলকীয়া ওলোমাই ৰাখিলে ঘৰ বা দোকানৰ বতাহ বিশুদ্ধ হয় বা কু-দৃষ্টি বৈজ্ঞানিকভাৱে আঁতৰ হয় বুলি প্ৰমাণিত হোৱা নাই। সেয়া মূলতঃ পৰম্পৰাগত বিশ্বাস।
নেমু আৰু জলকীয়াৰ তীব্ৰ গন্ধে কিছুমান পোক-পৰুৱাক অসুবিধাত পেলাব পাৰে বুলি লোকবিশ্বাস আছে। সেইবাবেই অতীজৰে পৰা নেমু, জলকীয়া আদি প্ৰাকৃতিক সামগ্ৰী বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হৈছিল। কিন্তু আধুনিক বিজ্ঞানৰ দৃষ্টিৰে চালে, নেমু-জলকীয়াই ঘৰৰ পৰা মহ, মাখি বা সকলো ধৰণৰ পোক-পৰুৱা নিৰ্ভৰযোগ্যভাৱে আঁতৰাই ৰাখে বুলি ক’ব নোৱাৰি।
নেমু-জলকীয়া ওলোমাই ৰখাৰ সৈতে ভাৰতীয় লোকাচাৰ আৰু ধৰ্মীয় বিশ্বাসৰ গভীৰ সম্পৰ্ক আছে। জনবিশ্বাস অনুসৰি, কোনো ব্যক্তিৰ ঈৰ্ষা বা কু-দৃষ্টিৰ প্ৰভাৱ ঘৰ, দোকান বা ব্যৱসায়ৰ ওপৰত পৰিব পাৰে। নেমু-জলকীয়া ওলোমাই ৰাখিলে এনে নেতিবাচক প্ৰভাৱ আঁতৰি যায় বুলি বহুতে বিশ্বাস কৰে। এই বিশ্বাসৰ বাবেই বিশেষকৈ নতুন ঘৰ, নতুন দোকান, নতুন বাহন বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত নেমু-মৰিচা ওলোমাই ৰখা দেখা যায়।
লোককথা আৰু ধৰ্মীয় বিশ্বাসত দেৱী লক্ষ্মীৰ ভগ্নী আলক্ষ্মীক দৰিদ্ৰতা আৰু অশুভৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা হয়। বিশ্বাস কৰা হয় যে আলক্ষ্মীয়ে টেঙা, তিতা আদি খাদ্য পছন্দ কৰে। সেইবাবেই ঘৰৰ দুৱাৰত নেমু-জলকীয়া ওলোমাই ৰাখিলে আলক্ষ্মী সেইবোৰত সন্তুষ্ট হৈ ঘৰৰ ভিতৰত প্ৰৱেশ নকৰে বুলি এক লোকবিশ্বাস আছে।
পৰম্পৰাগত বিশ্বাস অনুসৰি মঙলবাৰ আৰু শনিবাৰ নেমু-জলকীয়া ওলোমাই ৰখাৰ বাবে শুভ বুলি বহুতে গণ্য কৰে। কিছুমান লোকে শুকুৰবাৰে নেমু-জলকীয়া ক্ৰয় কৰি শনিবাৰে পুৱা দোকান বা ঘৰৰ মূল দুৱাৰত ওলোমাই ৰাখে। অৱশ্যে এই নিয়মসমূহ ধৰ্মীয় বা লোকাচাৰৰ ওপৰত নিৰ্ভৰশীল; ইয়াৰ কোনো বৈজ্ঞানিক বাধ্যবাধকতা নাই।
সাধাৰণতে এটা নেমু আৰু পাঁচটা বা সাতটা সেউজীয়া জলকীয়া সূতাত বান্ধি দুৱাৰত ওলোমাই ৰখা হয়। কিছুমান পৰম্পৰাত বিশেষ সংখ্যাক গুৰুত্ব দিয়া হয়। কিন্তু এই সংখ্যাসমূহৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু অঞ্চল বা পৰিয়ালভেদে পৰম্পৰাও সলনি হ’ব পাৰে। লোকাচাৰ অনুসৰি নেমু আৰু জলকীয়া শুকাই যোৱাৰ পিছত, সাধাৰণতে ৭ৰ পৰা ১০ দিনৰ ভিতৰত, নতুন নেমু-জলকীয়া সলনি কৰা হয়। পুৰণি নেমু-জলকীয়া ক’ত পেলাব লাগে সেই বিষয়েও বিভিন্ন অঞ্চলত বিভিন্ন পৰম্পৰা আছে। কোনোবাই নিৰ্জন ঠাইত পেলায়, কোনোবাই আন কোনো নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰে।
নেমু-জলকীয়া ওলোমাই ৰখাৰ ক্ষেত্ৰত বিশ্বাস আৰু বিজ্ঞানক পৃথক কৰি চোৱা উচিত। কু-দৃষ্টি বা নেতিবাচক শক্তি আঁতৰোৱাৰ ক্ষমতা নেমু-জলকীয়াৰ আছে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই। আনহাতে, নেমু আৰু জলকীয়াত থকা প্ৰাকৃতিক উপাদানৰ কিছুমান ব্যৱহাৰিক গুণ আছে যদিও কেৱল দুৱাৰত ওলোমাই ৰাখিলে ইয়াৰ বিশেষ প্ৰভাৱ পৰিব বুলি নিশ্চিতভাৱে ক’ব নোৱাৰি। সেয়েহে নেমু-জলকীয়া ওলোমাই ৰখাটো মূলতঃ ভাৰতীয় লোকাচাৰ, পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে চাব পাৰি। বিশ্বাস কৰা বা নকৰাটো সম্পূৰ্ণ ব্যক্তিগত বিষয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















