প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিয়োগ। প্ৰাক্তন মন্ত্ৰী, বিধায়ক ছিদ্দিক আহমেদৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা আহমেদে ১৩ ছেপ্টেম্বৰ, দেওবাৰে পুৱা প্ৰায় ৮ বজাত কৰিমগঞ্জৰ বাৰাইগ্ৰামস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
দীৰ্ঘদিন ধৰি অসমৰ ৰাজনীতিত সক্ৰিয় হৈ থকা ছিদ্দিক আহমেদ বৰাক উপত্যকাৰ এগৰাকী পৰিচিত ৰাজনৈতিক নেতা আছিল। তেওঁ কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টিৰ পৰা মুঠ চাৰিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০০১ চনত নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰি প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০০৬ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত তেওঁ কংগ্ৰেছত যোগদান কৰে।
ছিদ্দিক আহমেদে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল। চিকিৎসা চলি থকাৰ মাজতে অৱশেষত দেওবাৰে নিজ বাসগৃহতে তেওঁৰ মৃত্যু ঘটে। তেওঁৰ মৃত্যুত পৰিয়াল, অনুৰাগী আৰু সমৰ্থকৰ মাজত গভীৰ শোকৰ সৃষ্টি হৈছে।
বিয়লি ৪:৩০বজাত সম্পন্ন হ’ব প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ জানাজা সম্পন্ন হ’ব। প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ শেষ যাত্ৰাত হাজাৰ হাজাৰ লোক। কান্দোনত ভাগি পৰিছে শ শ গুণমুগ্ধ, অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি শুভাকাংক্ষীৰ। জানাজাত শেষ বিদায় জনাবলৈ লোকে লোকাৰণ্য দক্ষিণ কৰিমগঞ্জৰ চেৰাগী। বাসগৃহত শোকাকুল পৰিৱেশ।

উল্লেখ্য যে, জানাজাৰ পূৰ্বেই জনসমুদ্ৰত পৰিণত জানাজাস্থলী। যান-জঁট নিয়ন্ত্ৰণৰ বাবে মোতায়ত বৃহৎ সংখ্যক আৰক্ষীবাহিনী। প্ৰিয় নেতাক শেষবাৰৰ বাবে চাবলৈ চেৰাগী অঞ্চলত সহস্ৰাধিক জনতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















