নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। Railway Recruitment Board (RRB)-এ NTPC Graduate শ্ৰেণীৰ অধীনত মুঠ ৩,৪৭৭টা পদৰ বাবে নিযুক্তিৰ অনুমোদন দিছে। এই পদসমূহৰ ভিতৰত Goods Train Manager, Chief Commercial-cum-Ticket Supervisor, Junior Accounts Assistant-cum-Typist আৰু Senior Clerk-cum-Typist আদি পদ আছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে বৰ্তমান প্ৰকাশিত তথ্য অনুসৰি ৩,৪৭৭টা পদৰ সংখ্যা অনুমোদিত/প্ৰস্তাৱিত vacancy। সম্পূৰ্ণ Detailed CEN প্ৰকাশ পোৱাৰ পিছত পদ, মণ্ডল, সংৰক্ষণ, যোগ্যতা আৰু আন নিয়মৰ চূড়ান্ত তথ্য নিশ্চিত হ’ব।
কোনটো পদৰ বাবে কিমান নিযুক্তি?
খালী হোৱা পদৰসমূহৰ ভিতৰত Goods Train Managerত ২,৭৫০টা পদৰ বাবে নিযুক্তি দিয়া হ’ব। একেদৰে Chief Commercial-cum-Ticket Supervisorত ৫৬টা পদ, Junior Accounts Assistant-cum-Typist পদৰ বাবে ৩০০টা পদত আৰু Senior Clerk-cum-Typist পদৰ বাবে ৩৭১টা পদত নিযুক্তি দিয়া হ’ব।
কোনে আবেদন কৰিব পাৰিব?
এই নিযুক্তিৰ বাবে মূলতঃ স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। অৰ্থাৎ কলা, বিজ্ঞান, বাণিজ্য বা অন্যান্য স্বীকৃত শাখাৰ গ্ৰেজুৱেটসকলৰ বাবে সুযোগ থাকিব পাৰে। অৱশ্যে প্ৰতিটো পদৰ নিৰ্দিষ্ট শিক্ষাগত যোগ্যতা Detailed CEN-ত চূড়ান্তভাৱে উল্লেখ কৰা হ’ব। প্ৰকাশিত নিযুক্তি তথ্য অনুসৰি বয়সসীমা ১৮ বছৰৰ পৰা ৩৩ বছৰৰ ভিতৰত ৰখা হৈছে। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই প্ৰযোজ্য হ’ব।
দৰমহা কিমান?
এই নিযুক্তিৰ পদসমূহ 7th Central Pay Commission-ৰ Pay Level-5 আৰু Level-6ৰ অন্তৰ্গত।
Level-5: Initial Basic Pay ২৯,২০০ টকা
Level-6: Initial Basic Pay ৩৫,৪০০ টকা
ইয়াৰ উপৰি নিয়ম অনুসৰি বিভিন্ন ভাট্টা আৰু সুবিধা যোগ হয়। সেয়ে Level-6ৰ পদত মূল দৰমহাই ৩৫,৪০০টকাৰ পৰা আৰম্ভ হয়।
কোনবোৰ পদত কিমান দৰমহা?
Goods Train Manager, Junior Accounts Assistant-cum-Typist আৰু Senior Clerk-cum-Typist পদ Level-5ৰ অন্তৰ্গত। এই পদসমূহৰ initial basic pay ২৯,২০০টকা। আনহাতে Chief Commercial-cum-Ticket Supervisor পদ Level-6ৰ অন্তৰ্গত আৰু ইয়াৰ initial basic pay ৩৫,৪০০ টকা। DA, HRA আৰু অন্যান্য অনুমোদিত ভাট্টা যোগ হোৱাৰ পিছত মুঠ দৰমহা আৰু বেছি হ’ব পাৰে।
আবেদন কেতিয়াৰ পৰা?
বৰ্তমান প্ৰকাশিত নিযুক্তি তথ্য অনুসৰি অনলাইন আবেদন ৮ অক্টোবৰ ২০২৬ৰ পৰা আৰম্ভ আৰু ৬ নৱেম্বৰ ২০২৬ৰ নিশা ১১:৫৯ বজালৈ চলাৰ কথা উল্লেখ কৰা হৈছে। আবেদন RRBৰ নিৰ্ধাৰিত অনলাইন পৰ্টেলৰ জৰিয়তে কৰিব লাগিব। তথাপি প্ৰাৰ্থীসকলে আবেদন কৰাৰ আগতে RRBৰ চূড়ান্ত Detailed CEN ভালদৰে পঢ়ি লোৱা উচিত, কাৰণ vacancy, যোগ্যতা, মাচুল, বয়স গণনাৰ তাৰিখ আৰু পৰীক্ষাৰ নিয়মৰ চূড়ান্ত তথ্য তাতেই থাকিব।
বাছনি প্ৰক্ৰিয়া কেনেকুৱা হ’ব?
পূৰ্বৰ RRB NTPC Graduate নিযুক্তিৰ ধৰণ অনুসৰি বাছনি প্ৰক্ৰিয়াত সাধাৰণতে—
CBT-1
CBT-2
পদ অনুসৰি Computer Based Typing Skill Test (CBTST) বা Computer Based Aptitude Test (CBAT)
Document Verification
Medical Examination, আদি ধাপ থাকিব পাৰে। এইবাৰৰ চূড়ান্ত selection process Detailed CEN প্ৰকাশৰ পিছত নিশ্চিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















