বিহাৰৰ জামুই জিলাত এগৰাকী নাবালিকাক দুৰ্ব্যৱহাৰ আৰু নিৰ্যাতন কৰাৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তৎপৰ হৈ পৰিছে। এই ঘটনাত এতিয়ালৈকে ৩ নাবালক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা ৩২টা একাউণ্টৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আচলতে কি ঘটিছিল?
আৰক্ষীৰ তথ্য অনুসৰি, ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া জামুইৰ মড়ৱা পাহাৰ অঞ্চলত এই ঘটনা সংঘটিত হৈছিল। দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী নাবালিকা ছাত্ৰী আৰু এজন নাবালক ছাত্ৰ কোচিঙৰ পৰা স্কুটাৰেৰে ঘৰলৈ উভতি গৈ আছিল। অভিযোগ অনুসৰি, পাহাৰীয়া অঞ্চলটোত কেইজনমান যুৱকে তেওঁলোকক ৰখাই দিয়ে। তাৰ পিছত দুয়োৰে সৈতে গালি-গালাজ আৰু মাৰপিট কৰাৰ লগতে নাবালিকা ছাত্ৰীগৰাকীৰ সৈতে অশালীন আচৰণ কৰা হয় বুলি অভিযোগ উঠিছে। ঘটনাটোৰ সময়ত কোনো এজন লোকে মোবাইল ফোনত সমগ্ৰ ঘটনাটো ৰেকৰ্ড কৰে। পিছত সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে ই দ্ৰুতগতিত ভাইৰেল হৈ পৰে।
ভিডিঅ’টো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে তদন্ত আৰম্ভ কৰা হয়। আৰক্ষীয়ে নাবালক দুজনৰ পৰিচয় নিশ্চিত কৰি তেওঁলোকৰ বক্তব্য গ্ৰহণ কৰে। ভিডিঅ’ আৰু অন্যান্য তথ্যৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ ভিতৰত দুজনৰ বয়স ১৭ৰ পৰা ১৮ বছৰৰ ভিতৰত। ঘটনাটোৰ সৈতে জড়িত আন লোকসকলৰ বিষয়েও তদন্ত চলি আছে।
POCSO আইনৰ ধাৰা সংযোজন
নাবালিকা ছাত্ৰীগৰাকীৰ সৈতে অশালীন আচৰণৰ অভিযোগ উঠাৰ বাবে ঘটনাটোৰ তদন্তত POCSO আইনৰ ধাৰাও প্ৰয়োগ কৰা হৈছে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা/BNSSৰ সংশ্লিষ্ট ধাৰাৰ লগতে POCSO আইনৰ ৮ আৰু ১২ নং ধাৰাত গোচৰ ৰুজু কৰিছে। ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল বা SIT গঠন কৰিছে। জামুইৰ SDPOৰ তত্বাৱধানত দলটোৱে ঘটনাটোৰ তদন্ত চলাই আছে। ভিডিঅ’টোত দেখা প্ৰতিজন ব্যক্তিৰ ভূমিকা কি আছিল, ঘটনাটোত আৰু কোনো লোক জড়িত আছিল নেকি আৰু ভিডিঅ’টো কোনে ৰেকৰ্ড কৰিছিল—এই সকলোবোৰ বিষয় তদন্তৰ আওতালৈ অনা হৈছে।
৩২টা একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা
ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে ছ’চিয়েল মিডিয়াতো নজৰদাৰী বৃদ্ধি কৰিছে। আৰক্ষীৰ মতে, নাবালক-নাবালিকাৰ পৰিচয় প্ৰকাশ কৰিব পৰা ভিডিঅ’ প্ৰচাৰ কৰা ৩২টা ছ’চিয়েল মিডিয়া একাউণ্ট চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ১৩টা Facebook একাউণ্ট, ১২টা Instagram একাউণ্ট, ৭টা X একাউণ্ট আছে। এই একাউণ্টসমূহৰ পৰা ভিডিঅ’ আঁতৰোৱাৰ বাবে টেকডাউন ব্যৱস্থা আৰম্ভ কৰা হৈছে।
ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈ আহ্বান
আৰক্ষীয়ে জনসাধাৰণক বিশেষভাৱে আহ্বান জনাইছে যে ঘটনাটোৰ ভিডিঅ’ কোনো ধৰণে পুনৰ শ্বেয়াৰ বা ছ’চিয়েল মিডিয়াত আপলোড নকৰিব। কাৰণ নাবালক-নাবালিকাৰ পৰিচয় প্ৰকাশ পোৱা ধৰণৰ ভিডিঅ’ প্ৰচাৰ কৰিলে তেওঁলোকৰ গোপনীয়তা আৰু সুৰক্ষা বিঘ্নিত হ’ব পাৰে। ঘটনাটোৰ গুৰুত্ব লক্ষ্য কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগে বিষয়টোত স্বতঃপ্ৰণোদিতভাৱে নজৰ দিছে। আয়োগে বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা ঘটনাটোৰ তদন্ত আৰু আৰক্ষীৰ ব্যৱস্থাৰ বিষয়ে প্ৰতিবেদন বিচাৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















